ঘৰৰ সদস্যৰ মাজত বিভেদ আনে এইসমূহ সামগ্ৰীয়ে

ঘৰৰ সদস্যৰ মাজত বিভেদ আনে এইসমূহ সামগ্ৰীয়ে

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰত বিশ্বাস কৰা লোকসকলে সেই নিয়ম অনুসৰিহে তেওঁলোকৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰে। এই শাস্ত্ৰত উল্লেখ কৰা নিৰ্দেশনা অনুসৰিয়েই শোৱনি কোঠা, পাকঘৰ, স্নানাগাৰ, পূজা কোঠা সকলো নিৰ্মাণ কৰা হয়। ঘৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কোঠাটো হৈছে শোৱনি কোঠা। কিয়নো সকলোয়ে তেওঁলোকৰ বেছিভাগ সময় এই কোঠাতে অতিবাহিত কৰে। এই কোঠাত থকা সামগ্ৰীবোৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ থকাৰ ক্ষেত্ৰত ইতিবাচক শক্তি প্ৰদান কৰে।বাস্তু শাস্ত্ৰৰ মতে কিছুমান সামগ্ৰী শোৱনি কোঠাত ৰখাটো একেবাৰে অশুভ।আজি এই বিষয়ে জানো আহক-

একুৰিয়াম 

বাস্তুৰ মতে শোৱনি কোঠাত একুৰিয়াম ৰখাটো শুভ বুলি গণ্য কৰা নহয়। ই বিবাহিত জীৱনত চাপ বৃদ্ধি কৰে আৰু সঙ্গীৰ সৈতে কাজিয়াও বৃদ্ধি কৰে। 

ঝাড়ু 

শোৱনি কোঠাত ঝাড়ু ৰখাটোও ভাল বুলি গণ্য কৰা নহয়। ঝাড়ু মা লক্ষ্মীৰ বাসস্থান।শোৱনি কোঠাত ঝাড়ু ৰাখিলে অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি হোৱাৰ লগতে ঘৰটোত বাস কৰা সদস্যসকলৰ মাজৰ ভালপোৱা, মিলা-প্ৰীতি হ্ৰাস হয়। 

তাজমহলৰ ছবি 

তাজমহলৰ ছবিও শোৱনি কোঠাত ৰাখিব নালাগে। ইয়াৰ ফলত বিবাহিত জীৱনত সমস্যা হ'ব পাৰে।

ফটা তথা পুৰণি কাপোৰ 

যদি আপোনাৰ কোনো কাপোৰ ফাটি যায়, ইয়াক শোৱনি কোঠাত থকা আলমাৰীত নাৰাখিব। ই আপোনাৰ ঘৰত দুখৰ কাৰণ হ'ব পাৰে আৰু ই জীৱনটোক সমস্যাৰে আৱৰি ৰাখিব পাৰে।

জোতা-ছেণ্ডেল

জোতা-ছেণ্ডেল কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে।এই কোঠাত জোতা-ছেণ্ডেল ৰাখিলে নেতিবাচক শক্তি বৃদ্ধি হয়। যাৰ ফলত পৰিয়ালৰ সদস্যসকলে মানসিক সমস্যাৰ সৈতে যুঁজিব লগীয়া হয়। ইয়াৰ উপৰিও, এনে কৰাৰ দ্বাৰা মা লক্ষ্মীও অসন্তুষ্ট হয়।

বেয়া ইলেক্ট্ৰনিক সামগ্ৰী

শোৱনি কোঠাত ত্ৰুটিপূৰ্ণ ইলেক্ট্ৰনিক সামগ্ৰী যেনে চাৰ্জাৰ, ফোন, হেয়াৰ ড্ৰায়াৰ, হেডফোন আদিও নাৰাখিব। ই কোঠাটোত বাস্তু দোষৰ সৃষ্টি কৰে। 

ঘৰৰ সদস্যৰ মাজত বিভেদ আনে এইসমূহ সামগ্ৰীয়ে
বাস্তু শাস্ত্ৰই সলাব পাৰে আপোনাৰ ভৱিষ্যত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in