বাস্তু শাস্ত্ৰই সলাব পাৰে আপোনাৰ ভৱিষ্যত

পিছে কি কি বাস্তু নিয়ম মানি চলি আপুনি কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
বাস্তু শাস্ত্ৰই সলাব পাৰে আপোনাৰ ভৱিষ্যত

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ নিয়ম সমূহ অনুসৰণ কৰি আমি জীৱনৰ সকলো সমস্যাৰ পৰা বাচি থাকিব পাৰো।বাস্তু শাস্ত্ৰই আমাৰ কেৰিয়াৰতো বাৰুকৈয়ে প্ৰভাৱ পেলায়।এই শাস্ত্ৰৰ নিয়মবোৰ মানি চলি আমি কেৰিয়াৰত অভাৱনীয়ভাৱে সফলতা অৰ্জন কৰিব পাৰো।পিছে কি কি বাস্তু নিয়ম মানি চলি আপুনি কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-

Advertisment

একো সামগ্ৰীয়েই খেলিমেলিকৈ নাৰাখিব

বাস্তুৰ মতে, আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা একো সামগ্ৰীয়েই খেলি-মেলিকৈ ৰাখিব নালাগে। সেয়া ঘৰেই হওঁক বা কাৰ্যালয়েই হওঁক। সামগ্ৰীবোৰ অচিজিল কৰি ৰাখিলে পৰিৱেটোত ঋণাত্মক শক্তি উৎপন্ন হয়। সেয়েহে, ঘৰৰ পঢ়া টেবুলখনেই হওঁক অথবা কাৰ্যালয়ৰ টেবুলখনেই হওঁক, সদায় পৰিপাটিকৈ ৰাখিব লাগে।যাতে তাত বঢ়িলেই আপোনাৰ মনটো ভাল লাগে বা কাম কৰিবলৈ মন বহে।অপ্ৰয়োজনীয় বস্তু কেতিয়াও ঘৰত ৰাখিব নালাগে।

এই দিশে মুখ দি বহিব

বাস্তুৰ মতে, ঘৰত পঢ়োতে বা কাৰ্যালয়ত কাম কৰোঁতে আপোনাৰ মুখ সদায় উত্তৰ বা পূৱৰ ফালে থাকিব লাগে। উত্তৰ বা পূবৰ ফালে মুখ কৰি কাম কৰা বা বহি থকাটো শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ উত্তৰ বা পূবলৈ মুখ দি বহিবলৈ অসুবিধা হয়, আপুনি পশ্চিম দিশে মুখ দি বহিব পাৰে। কিন্তু, দক্ষিণ দিশলৈ কেতিয়াও মুখ দি বহিব নালাগে।এই দিশে মুখ দি বহিলে  সংকটৰ সৃষ্টি হ'ব পাৰে।

দক্ষিণ-পূব কোণটো এৰাই চলিব

যদি আপুনি কাৰ্যালয়ৰ কাম-কাজবোৰ ঘৰৰ পৰা কৰি আছে, তেন্তে মনত ৰাখিব আপুনি আপোনাৰ কামবোৰ ঘৰৰ উত্তৰ-পূব কোণ বা উত্তৰ-পশ্চিম কোণত বহি কৰে। এই দুটা ঠাইত কাম কৰিলে আপোনাক প্ৰগতি হ’ব। কেতিয়াও দক্ষিণ-পূব কোণত বহি কাম নকৰিব।এই দিশত কাম কৰাতো আপোনাৰ কেৰিয়াৰৰ বাবে অতি ক্ষতিকাৰক।

Also Read: এইসমূহ বাস্তু নিয়মৰে দূৰ কৰক ঘৰৰ নেতিবাচক শক্তি