বেমাৰে কেতিয়াও লগ নেৰে! যদিহে পাকঘৰ আৰু বিচনাত ঔষধৰ টোপোলা ৰাখে...

জ্যোতিষশাস্ত্ৰ আপুনি বাৰু বিশ্বাস কৰেনে? বহুতে এইবোৰ বিশ্বাস নকৰিলেও বহুলোকে জ্যোতিষশাস্ত্ৰৰ বিধি সমূহ মানি চলি জীৱনত সুফল লাভ কৰাৰ দাবীও কৰে। এই জ্যোতিষশাস্ত্ৰৰ মতে, আমি আমাৰ ঘৰত কিছুমান স্থানত ঔষধৰ টোপোলা কেতিয়াও ৰাখিব নালাগে। এনে স্থানত ঔষধৰ টোপোলা ৰাখিলে ওৰে জীৱন বেমাৰে সেইখন ঘৰৰ পিছ নেৰে বুলি দাবী কৰে জ্যোতিষশাস্ত্ৰই।

author-image
Asomiya Pratidin
New Update
বেমাৰে কেতিয়াও লগ নেৰে! যদিহে পাকঘৰ আৰু বিচনাত ঔষধৰ টোপোলা ৰাখে...

ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰ আপুনি বাৰু বিশ্বাস কৰেনে? বহুতে এইবোৰ বিশ্বাস নকৰিলেও বহুলোকে জ্যোতিষশাস্ত্ৰৰ বিধি সমূহ মানি চলি জীৱনত সুফল লাভ কৰাৰ দাবীও কৰে। এই জ্যোতিষশাস্ত্ৰৰ মতে, আমি আমাৰ ঘৰত কিছুমান স্থানত ঔষধৰ টোপোলা কেতিয়াও ৰাখিব নালাগে। এনে স্থানত ঔষধৰ টোপোলা ৰাখিলে ওৰে জীৱন বেমাৰে সেইখন ঘৰৰ পিছ নেৰে বুলি দাবী কৰে জ্যোতিষশাস্ত্ৰই।

Advertisment

এতিয়া জানো আহক ঘৰৰ কি কি স্থানত ঔষধৰ টোপোলা ৰাখিব নালাগে-

পাকঘৰঃ পাকঘৰত কেতিয়াও ঔষধ ৰাখিব নালাগে বুলি উল্লেখ আছে জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত। এনে স্থানত ঔষধৰ টোপোলা ৰাখিলে ঋণাত্মক পৰিৱেশ সৃষ্টি কৰাৰ লগতে ঘৰৰ সদস্যসকলক বেমাৰে পিছ নেৰে। শাৰিৰিক সমস্যাৰ লগতে আৰ্থিক সমস্যাও সৃষ্টি হয় পাকঘৰত ঔষধ ৰাখিলে।

বিচনাৰ শিতানতঃ আপুনি শুৱা বিচনাৰ শিতানত কেতিয়াও ঔষধৰ টোপোলা নাৰাখিব। এনে কৰিলে ৰাহু-কেতুৰ প্ৰভাৱ বৃদ্ধি পায় বুলি গণ্য কৰা হয়।

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ দিশত ৰাখিব নালাগে ঔষধৰ টোপোলা। এনে কৰিলে বেমাৰে অধিক দিনৰ বাবে ঘৰত থিতাপি লয় বুলি উল্লেখ আছে বাস্তু শাস্ত্ৰত। বাস্তু শাস্ত্ৰৰ মতে, ঔষধৰ টোপোলা সদায় ৰাখিব লাগে ঘৰৰ উত্তৰ দিশত।

Also Read: আগন্তুক ৯দিন সাৱধানে থাককঃ জুই হৈ তাপ বিয়পাব সূৰ্যই...

জ্যোতিষশাস্ত্ৰ