আগন্তুক ৯দিন সাৱধানে থাককঃ জুই হৈ তাপ বিয়পাব সূৰ্যই...

আগন্তুক ৯দিন আৰু গৰম পৰিব। শৰীৰত জুইৰ দৰে লাগিব তাপ। কিয়নো ২৫মে, ২০২৪ৰ পৰা আৰম্ভ হৈছে নৱতাপ। জ্যোৰ্তি বিজ্ঞানৰ মতে, এই কাল চলিব ২৫মে ২০২৪ৰ পৰা ২জুন ২০২৪ৰ লৈকে। এই দিনকেইটাত জুইৰ দৰে বৰষিব সূৰ্য।

author-image
Asomiya Pratidin
New Update
আগন্তুক ৯দিন সাৱধানে থাককঃ  জুই হৈ তাপ বিয়পাব সূৰ্যই...

ডিজিটেল ডেস্কঃ আগন্তুক ৯দিন আৰু গৰম পৰিব। শৰীৰত জুইৰ দৰে লাগিব তাপ। কিয়নো ২৫মে, ২০২৪ৰ পৰা আৰম্ভ হৈছে নৱতাপ। জ্যোৰ্তি বিজ্ঞানৰ মতে, এই কাল চলিব ২৫মে ২০২৪ৰ পৰা ২জুন ২০২৪ৰ লৈকে। এই দিনকেইটাত জুইৰ দৰে বৰষিব সূৰ্য।

Advertisment

২৫ মে’ৰ পৰা আৰম্ভ হৈছে এই নৱতাপ। এই সময়ছোৱাত সূৰ্য্যই পৃথিৱীত জুইৰ দৰে তাপ বিয়পাবলৈ আৰম্ভ কৰিব। আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব।প্ৰতি বছৰে এনে সময় আহে।  এই সময়ত সূৰ্য্য ৰোহিণী নক্ষত্ৰত থাকে, আৰু সেই সময়তে আটাইতকৈ গৰম হয়।আজি ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিছে সূৰ্য্যই। সূৰ্য্য ১৫ দিন ৰোহিণী নক্ষত্ৰত থাকিব আৰু মৃগশিৰা নক্ষত্ৰত ৰাশি পৰিৱৰ্তন কৰিব।

ৰোহিণী নক্ষত্ৰত সূৰ্য্যৰ এই ১৫ দিন স্থিতিৰ সময়ছোৱাত গোটেই বছৰটোৰ ভিতৰতে আটাইতকৈ উষ্ণ হয়। যদি সূৰ্য্য ১৫ দিন ৰোহিণী নক্ষত্ৰত থাকে, তেন্তে প্ৰথম ৯ দিন উষ্ণতাই মাৰাত্মক ৰূপ ধাৰণ কৰে।এই ৯ দিনক নৱতাপ বুলি অভিহিত কৰা হৈছে। এই সময়ছোৱাত সূৰ্য্যৰ তাপৰ প্ৰখৰতা বহুত বেছি বাঢ়িব! সেইবাবেই চিকিৎসকেও সাধাৰণ মানুহক স্বাস্থ্য সচেতন হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

নৱতাপ