Advertisment

প্ৰেমৰ নামত উদযাপিত ৭ টা দিনৰ বিশেষত্ব কি জানেনে ?

নতুন প্ৰজন্ম তথা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহতো খুবেই বিশেষ। নহ’বনো কিয় ! এই মাহটোতেই যে উদযাপন কৰা হয় দুখন হৃদয়ক এক কৰা প্ৰেমৰ সেই বিশেষ দিনটো।

author-image
Asomiya Pratidin
New Update
valentine's day

ডিজিটেল ডেস্ক: নতুন প্ৰজন্ম তথা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহতো খুবেই বিশেষ। নহ’বনো কিয় ! এই মাহটোতেই যে উদযাপন কৰা হয় দুখন হৃদয়ক এক কৰা প্ৰেমৰ সেই বিশেষ দিনটো। হয়, প্ৰতি বছৰৰ ১৪ ফেব্ৰুৱাৰীত পালন কৰা হয় প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে’। প্ৰেমিক-প্ৰেমিকাসকলে ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ এটা সপ্তাহ প্ৰেমৰ নামত উদযাপন কৰে । এই সপ্তাহটোৰ প্ৰতিটো দিনৰে বিশেষ তাৎপৰ্য আছে। আজি সেই বিষয়ে জানো আহক-

Advertisment

৭ ফেব্ৰুৱাৰী– ৰ’জ ডে’ বা গোলাপ দিৱস 

ৰ’জ ডে’ হৈছে গোলাপ ফুল দিয়াৰ দিন। এই দিনটোত প্ৰেমিক যুগলে ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি উপলক্ষে ইজনে-সিজনক গোলাপ ফুল উপহাৰ দিয়ে।

 ফেব্ৰুৱাৰী – প্ৰ’পজ ডে’ বা প্ৰস্তাৱ দিৱস

ভেলেণ্টাইন সপ্তাহৰ এই বিশেষ দিনটোত প্ৰেমিকসকলে তেওঁলোকৰ প্ৰেমিকাসকলৰ প্ৰতি মৰম প্ৰকাশ কৰি প্ৰেমৰ প্ৰস্তাৱ দি উদযাপন কৰে।

৯ ফেব্ৰুৱাৰী - চকলেট ডে’

চকলেট দিৱসৰ অৰ্থ হৈছে প্ৰেম মিঠা কৰাৰ এটা দিন। এই দিনটোত প্ৰেমিকসকলে প্ৰেমিকাক প্ৰিয় চকলেট দি প্ৰেম প্ৰকাশ কৰে।
 

১০ ফেব্ৰুৱাৰী - টেডি ডে’

এই দিনটো ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটোত পৰে। এই বিশেষ দিনটোত প্ৰেমিকসকলে তেওঁলোকৰ প্ৰেমিকাক টেডি বিয়েৰ উপহাৰ দি এই মুহূৰ্তটো স্মৰণীয় কৰাৰ চেষ্টা কৰে।

১১ ফেব্ৰুৱাৰী -  প্ৰমিজ ডে’ বা প্ৰতিশ্ৰুতি দিৱস

ভেলেণ্টাইন সপ্তাহৰ আন এটা বিশেষ দিন প্ৰমিজ ডে’। এই দিনটোত প্ৰেমিক-প্ৰমিকাই চিৰদিন ইজনে সিজনৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দিয়ে।

১২ ফেব্ৰুৱাৰী – হাগ ডে’ বা আলিঙ্গন দিৱস

আপুনি হয়তো বহুবাৰ শুনিছে যে কাৰোবাৰ মনত যিমানেই দুখ-বেদনা নাথাকক কিয়, যদি প্ৰিয়জনৰ সৈতে আলিঙ্গন কৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ সকলো দুখ-সমস্যা পাহৰি যায়। সম্ভৱতঃ সেইকাৰণে এই দিনটো এই বিশেষ সপ্তাহত অন্তৰ্ভুক্ত কৰা হৈছে।

১৩ ফেব্ৰুৱাৰী - কিছ ডে' বা চুম্বন দিৱস

এই দিনটো ভেলেণ্টাইন সপ্তাহৰ আন এটা গুৰুত্বপূৰ্ণ দিন। বিশ্বাস কৰা মতে, চুম্বনে দুজন ব্যক্তিক আৰু অধিক ঘনিষ্ঠ বা আপোন কৰে। সেয়েহে এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে-সিজনক চুম্বন কৰি উদযাপন কৰে।

১৪ ফেব্ৰুৱাৰী- ভেলেণ্টাইন ডে’

এই দিনটো গোটেই সপ্তাহটোৰ আটাইতকৈ বিশেষ দিন। এইটো প্ৰেমৰ সপ্তাহটোৰ শেষ দিন আৰু দম্পতিসকলৰ বাবে প্ৰিয় দিন। এই দিনটো বিশেষ কৰি তুলিবলৈ প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাই বহুদিনৰ পৰাই পৰিকল্পনা কৰে। প্ৰেমৰ নামত উৎসৰ্গিত  এই বিশেষ দিনটোয়ে প্ৰেমৰ সৈতে বন্ধ খোৱা প্ৰতিখন হৃদয়ত এক অনন্য স্থান দখল কৰে।

Also Read: শুক্ৰবাৰে এইকেইটা কাম কৰিবলৈ নাপাহৰিব