/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/93ddcd81-0122-4bca-9871-86b22b7b90e1/AP_FOR_WEB__content.jpg)
ডিজিটেল ডেস্ক: সমাগত পোহৰৰ উৎসৱ দেৱালী। এই সময়ছোৱাত বহু লোকে পৰিয়ালসহ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে যদিও উচিত ঠাই সন্ধানত ব্যৰ্থ হয়।যাৰ বাবে এই উৎসৱৰ বন্ধত ঘৰতে দিন অতিবাহিত কৰিবলগীয়া হয়। পোহৰৰ এই উৎসৱত পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিব পৰা পাঁচখন সৰ্বশ্ৰেষ্ঠ ঠাইৰ বিষয়ে আজি জানো আহক-
অযোধ্যা
ভগৱান ৰামৰ জন্মস্থানতকৈ দেৱালীত উপভোগ কৰিবলৈ হয়তো আৰু একো ভাল ঠাই থাকিব নোৱাৰে। এই উৎসৱত অযোধ্যাক খুব সুন্দৰকৈ সজোৱা হয়। অযোধ্যাত আপুনি ৰাম মন্দিৰ, হনুমান গড়ী আৰু তাৰ আশে-পাশে থকা বিখ্যাত মন্দিৰসমূহ দৰ্শন কৰিব পাৰে। বিশেষকৈ, আপুনি সন্ধিয়া মন্দিৰত আৰতিত অংশ লৈ জীৱনটো সাৰ্থক হোৱাৰ দৰে অনুভৱ কৰিব পাৰে।
বেনাৰস
আপুনি এই দেৱালীত আপোনাৰ পৰিয়ালৰ সৈতে দৰ্শন কৰিব পাৰে বেনাৰসৰ কাশী বিশ্বনাথ মন্দিৰ। শিৱৰ এই প্ৰিয় চহৰখনক দেৱালীত পোহৰৰে বিশেষভাৱে আলোকিত কৰা হয়। কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে আপুনি এই সময়ছোৱাত অশ্বমেধ ঘাটত অনুষ্ঠিত আৰতিতো অংশগ্ৰহণ পাৰে।এইসমূহৰ লগতে আপুনি বেনাৰসত সুস্বাদু খাদ্যৰ সোৱাদো ল’ব পাৰে।
জয়পুৰ
দেৱালীৰ সময়ত জয়পুৰৰ বাট-পথ, ঘৰ, দোকানৰ পোহৰে চহৰখনৰ উজ্জ্বলতা দুগুণে বৃদ্ধি কৰে। দেৱালীত জয়পুৰ চহৰৰ সকলো অট্টালিকা আৰু বজাৰক পোহৰৰে নকৈ সজাই তোলা হয়। আপুনি এই সুন্দৰ দৃশ্যসমূহ উপভোগ কৰিবলৈ আপুনি জয়পুৰ ভ্ৰমণ কৰিব পাৰে।
অমৃতসৰ
দেৱালীত অমৃতসৰ ভ্ৰমণৰ পৰিকল্পানাও আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হ'ব পাৰে।দেৱালীৰ দিনা 'গ'ল্ডেন টেম্পল'টো খুব সুন্দৰকৈ পোহৰৰে সজাই-পৰাই তোলা হয়। উজ্জ্বল পোহৰেৰে আলোকিত হোৱা মন্দিৰৰ এই সুন্দৰ দৃশ্যই সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। তদুপৰি, আপুনি দেৱালীত অমৃতসৰৰ ‘ষ্ট্ৰীট ফুড’ৰ সোৱাদ লৈ এই যাত্ৰা দুগুণে স্মৰণীয় কৰিব পাৰে।
উদয়পুৰ
ৰাজস্থানৰ উদয়পুৰতো আপুনি পৰিয়ালৰ সৈতে দেৱালী উদযাপন কৰিব পাৰে। ইয়াত থকা পুৰণি প্ৰাসাদে আপোনাক খুবেই আকৰ্ষিত কৰিব। যদি আপুনি দেৱালীত সম্পূৰ্ণ ৰাজকীয় অনুভৱ কৰিব বিচাৰে, তেন্তে আপুনি দেৱালীত উদয়পুৰ ভ্ৰমণ কৰিব পাৰে।
Also Read: বছৰৰ শেষত ভ্ৰমণ কৰক ভাৰতৰ ‘অন্তিম স্থান’