পৰম্পৰা ! মৃত্যু পৰ্যন্তলৈ চুলি নাকাটে এইজন বিশেষ কিশোৰে

এইবাৰ এক বিশেষ কাৰণত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ'ল উত্তৰ প্ৰদেশৰ এজন ১৫ বছৰীয়া কিশোৰৰ।এই কিশোৰজনৰ নাম চিদকদীপ সিং চাহাল। চিদকদীপ এই অভিলেখ গঢ়া প্ৰথম কিশোৰ।হয়, চুলি দীঘল কৰি চিদকদীপে গঢ়িলে এই অভিলেখ।চিদকদীপৰ চুলি বৰ্তমান ১৪৬ছেণ্টিমিটাৰ দীঘল।

author-image
Asomiya Pratidin
New Update
পৰম্পৰা ! মৃত্যু পৰ্যন্তলৈ চুলি নাকাটে এইজন বিশেষ কিশোৰে

ডিজিটেল ডেস্ক: এইবাৰ এক বিশেষ কাৰণত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ'ল উত্তৰ প্ৰদেশৰ এজন ১৫ বছৰীয়া কিশোৰৰ।এই কিশোৰজনৰ নাম চিদকদীপ সিং চাহাল। চিদকদীপ এই অভিলেখ গঢ়া প্ৰথম কিশোৰ।হয়, চুলি দীঘল কৰি চিদকদীপে গঢ়িলে এই অভিলেখ।চিদকদীপৰ চুলি বৰ্তমান ১৪৬ছেণ্টিমিটাৰ দীঘল।

Advertisment

এই বিশেষ কিশোৰজনে সপ্তাহত দুবাৰকৈ চুলি ধোয়ে।তেওঁক চুলি ধোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকৰ সহায়ৰ প্ৰয়োজন।চুলি ধুই শুকুৱাবলৈ তেওঁক এক ঘণ্টাতকৈও বেছি সময় লাগে।চিদকদীপৰ চুলি দীঘল কৰাৰ আঁৰত তেওঁৰ শিখ ধৰ্মৰ প্ৰতি থকা বিশ্বাস গভীৰভাৱে জড়িত হৈ আছে।উল্লেখ্য যে, শিখ ধৰ্মৰ লোকসকলে কেতিয়াও চুলি কাটিব নোৱাৰে বুলি বিশ্বাস কৰে।তেওঁলোকে চুলিক ঈশ্বৰৰ পৰা লাভ কৰা এক ঐশ্বৰিক উপহাৰ বুলি বিবেচনা কৰে। এই পৰম্পৰাক অনুসৰণ কৰিয়েই চিদকদীপে তেওঁৰ চুলিৰ খোপা বান্ধে আৰু শিখ ৰীতি-নীতি অনুসৰি ইয়াক পাগুৰিৰে ঢাকি ৰাখে।

বিশ্ব অভিলেখ গঢ়ি চিদকদীপে প্ৰকাশ কৰে যে, 'দীঘল চুলিৰ বাবে মই মোৰ বন্ধুবৰ্গৰ পৰা বহু  ঠাট্টা সহ্য কৰিব লগা হৈছিল।যাৰ বাবে মই প্ৰথমে চুলি কাটিম বুলিয়েই ভাবি লৈছিলো। কিন্তু এতিয়া কওঁ, মই মৃত্যুৰ দিনলৈকে এই চুলি নাকাটো।মৰাদিনলৈকে মোৰ চুলি কাটি ৰখাৰ পৰিকল্পনা কৰিছোঁ।'

উল্লেখ্য যে, চিদকদীপৰ পূৰ্বেও নীলাঞ্চী পেটেল নামৰ ভাৰতীয় মহিলাগৰাকীয়ে চুলি দীঘল কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিছিল। তেওঁৰ চুলিৰ দৈঘ্য আছিল ২০০ ছেণ্টিমিটাৰ।কিন্তু তেওঁ ২০২১ চনত চুলিখিনি কাটি এটা সংগ্ৰহালয়লৈ দান কৰিছিল।

Also Read: যুৱ শিল্পীৰ আশ্চৰ্যকৰ কলা দেখি স্তম্ভিত দেশবাসী