যুৱ শিল্পীৰ আশ্চৰ্যকৰ কলা দেখি স্তম্ভিত দেশবাসী

এজন শিল্পীৰ এক আশ্চৰ্যকৰ কলাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। কেইদিনমানৰ পৰা ছ'চিয়েল মেডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'টোত দেখা গৈছে যে এজন শিল্পীয়ে বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিত সিঙৰ এটা বিশেষ প্ৰতিকৃতি নিৰ্মাণ কৰিছে।হয়, চিন্টু মৌৰ্য নামৰ শিল্পীজনে অৰিজিত সিঙৰ এটা প্ৰতিকৃতি ছাঁৰে সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
যুৱ শিল্পীৰ আশ্চৰ্যকৰ কলা দেখি স্তম্ভিত দেশবাসী

ডিজিটেল ডেস্ক: এজন শিল্পীৰ এক আশ্চৰ্যকৰ কলাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। কেইদিনমানৰ পৰা ছ'চিয়েল মেডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'টোত দেখা গৈছে যে এজন শিল্পীয়ে বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিত সিঙৰ এটা বিশেষ প্ৰতিকৃতি নিৰ্মাণ কৰিছে।হয়, চিন্টু মৌৰ্য নামৰ শিল্পীজনে অৰিজিত সিঙৰ এটা প্ৰতিকৃতি ছাঁৰে সৃষ্টি কৰিছে।

Advertisment

মৌৰ্যই ইনষ্টাগ্ৰামত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ সময়ত লেখিছে, 'শেষলৈকে চাব।' ভিডিঅ'টোত মৌৰ্যই কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি বিশেষ ধৰণৰে দেৱালত এই ছাঁৰ প্ৰকিকৃতিটো সৃষ্টি কৰিছে। ভিডিঅ'টো ১৭ আগষ্টত প'ষ্ট কৰা হৈছিল।এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে স্বাভাৱিকভাৱেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে মৌৰ্যৰ এই অসাধাৰণ প্ৰতিভাক একেমুখে শলাগ লয়। ভিডিঅ'টোৰ সন্দৰ্ভত এজনে লেখিছে, 'এয়া সঁচাই আশ্চৰ্যজনক।' আন এজনে লেখিছে, 'হে ঈশ্বৰ, আচৰিত! ক'বলৈ কোনো শব্দ নাই।' আনহাতে, সকলোয়ে এই অসাধাৰণ প্ৰতিভাৰ অধিকাৰী মৌৰ্যৰ উজ্জ্বল জীৱনৰ কামনা কৰি তেওঁক শুভকামনা জ্ঞাপন কৰে।

Also Read: তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ অনুৰাগীৰ অসাধাৰণ কৰ্ম