/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/66e42d10-4dd5-48fd-a181-4ea1e76e822a/AP_FOR_WEB_degree.jpg)
ডিজিটেল ডেস্ক: ইচ্ছা থাকিলে সকলো সম্ভৱ।তাৰেই যেন জলন্ত উদাহৰণ ডাঙি ধৰিলে শতায়ু গৰকিবলৈ ধৰা এজন বৃদ্ধই।হয়, ডাঃ ডেভিদ মাৰ্জোট নামৰ এই ব্যক্তিজনে ৯৫ বছৰ বয়সত লাভ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী আৰু এতিয়া পিএইচডি কৰাৰো যো-জা চলাইছে।
ডাঃ মাৰ্জোট ইংলেণ্ডৰ ৱেব্ৰিজৰ বাসিন্দা।তেওঁ কিংষ্টন বিশ্ববিদ্যালয়ৰ আটাইতকৈ বয়সীয়াল স্নাতকোত্তৰ হোৱাৰ অভিলেখ ৰচনা কৰিছে। অৱসৰপ্ৰাপ্ত মনোৰোগ বিশেষজ্ঞ ডাঃ মাৰ্জোটে ১৯৯৪ চনত এজন ৯৩ বছৰীয়া বৃদ্ধই গঢ়া অভিলেখ ভংগ কৰে।ডাঃ মাৰ্জোটে কিংষ্টন বিশ্ববিদ্যালয়ৰ পৰা মডাৰ্ণ ইউৰোপীয় দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।চিকিৎসা অনুজ্ঞাপত্ৰ লাভ কৰাৰ ৭২ বছৰ পিছত তেওঁ এই পাঠ্যক্ৰম সমাপ্ত কৰে।
এই বয়সত এনে সফলতা লাভ কৰি ডাঃ মাৰ্জোট অত্যন্ত সুখী।তেওঁৰ মতে, 'শিকাৰ কোনো বয়স নাথাকে।মৃত্যু পৰ্যন্তলৈ আপুনি জ্ঞান আহৰণ কৰিব পাৰে।ইয়াৰ বাবে কেৱল ধৈয্য আৰু আগ্ৰহ লাগিব।যদি আপুনি আগ্ৰহী, তেন্তে অধ্যয়ন কৰি যাওঁক।' উল্লেখ্য যে, ডাঃ মাৰ্জোটে বিবাহৰ ৬৫ বছৰৰ পিছত তেওঁৰ পত্নীৰ মৃত্যু হোৱাত মন সক্ৰিয় ৰাখিবলৈ এমএ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।
Also Read: প্ৰাক্তন পত্নীৰ সৈতে ছবি প্ৰযোজনাত ব্যস্ত ‘মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট’