Advertisment

প্ৰাক্তন পত্নীৰ সৈতে ছবি প্ৰযোজনাত ব্যস্ত ‘মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট’

কথাতেই কয় নহয়-বয়সনো কি,মনটোহে আচল।কথাষাৰ যেন মিলি গৈছে ছুপাৰষ্টাৰ আমিৰ খানৰ লগত। হয়, এই বয়সতো ৰোমাণ্টিক ছবিত অভিনয় কৰিবলৈ মন মেলিছে অভিনেতাজনে।দুবছৰ ধৰি ছবিৰ পৰা আঁতৰি থকা অভিনেতাজনে শেহতীয়া এক সাক্ষাৎকাৰত তেওঁৰ এই ইচ্ছাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন পত্নীৰ সৈতে ছবি প্ৰযোজনাত ব্যস্ত ‘মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট’

ডিজিটেল ডেস্ক: কথাতেই কয় নহয়-বয়সনো কি,মনটোহে আচল।কথাষাৰ যেন মিলি গৈছে ছুপাৰষ্টাৰ আমিৰ খানৰ লগত। হয়, এই বয়সতো ৰোমাণ্টিক ছবিত অভিনয় কৰিবলৈ মন মেলিছে অভিনেতাজনে।দুবছৰ ধৰি ছবিৰ পৰা আঁতৰি থকা অভিনেতাজনে শেহতীয়া এক সাক্ষাৎকাৰত তেওঁৰ এই ইচ্ছাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

Advertisment

সাক্ষাৎকাৰটোত আমিৰ খানে লগতে কয়, 'আগৰ দিনবোৰৰ দৰে ৰোমাণ্টিক কাহিনীৰ ছবিত অভিনয়ৰ সুবিধা পালে মই অভিনয় কৰিবলৈ সম্পূৰ্ণ সাজু।এই বয়সত অৱশ্যে ৰোমাঞ্চ কিছু অস্বাভাৱিক হয়, কিন্তু বয়সটোৰ লগত খাপ খোৱা চৰিত্ৰ হটলে কিয়নো অভিনয় নকৰাকৈ থাকিম ? কিন্তু যদি মোক ১৮ বছৰ বয়সৰ ডেকা ল'ৰা এটাৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়ে, সেইটো সম্ভৱ নহয়।  

উল্লেখ্য যে, অদমনীয় অভিনয় তথা ব্যতিক্ৰমী ব্যক্তিত্বৰে হিন্দী ছবিজগতত সুকীয়া স্থান দখল কৰা আমিৰ খানক শেষৰ বাৰৰ বাবে লাল সিং চাড্ডা ছবিখনত অভিনয় কৰা দেখা গৈছিল।যিখন ছবিয়ে ২০২২ চনত মুক্তি লাভ কৰিছিল। আনহাতে, আমিৰৰ প্ৰয়োজনা কৰা 'লাপাটা লেডিজ' ছবিখন এতিয়া মুক্তিৰ পথত।ট্ৰেইলাৰ মুকলিৰ পাছতেই সীমাহীন চৰ্চা লাভ কৰা এই ছবিখনে ১ মাৰ্চত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।এই ছবিখন পৰিচালনা কৰিছে আমিৰ খানৰ  প্ৰাক্তন পত্নী কিৰণ ৰাৱে।

Also Read: কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা