/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/deb64e6a-b74d-4ab0-9771-ad3e76d859ae/AP_FOR_WEB_tomato.jpg)
কিদৰে ঘৰতে বিলাহীৰ ফেচপেক তৈয়াৰ কৰিব পাৰি জানি লওঁক
ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ ছাল-চুলি উজ্জ্বল তথা নিঁখুত হোৱাটো বিচাৰে।যাৰ বাবে ছাল-চুলিৰ যত্নৰ বাবে তেওঁলোকে বজাৰত উপলব্ধ বহু সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে।কিন্তু এনে নামী-দামী প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিও বহুতে সুফল লাভ নকৰে। ছালৰ উজ্জ্বলতা বজাই ৰাখিবলৈ আপুনি ঘৰতে থকা কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ভিতৰত বিলাহী অন্যতম। বিলাহী ব্যৱহাৰৰ ফলত টেনিং দূৰ, ছালৰ ৰং উজ্জ্বল তথা ছালৰ সমস্যা দূৰ হয়।আপুনি বিলাহীৰে ঘৰতে ফেচপেক তৈয়াৰ কৰিব ছালৰ যত্ন ল’ব পাৰে। আজি এই বিষয়ে জানো আহক-
তিয়ঁহ আৰু বিলাহীৰ ফেচপেক
তিয়ঁহত পোৱা পুষ্টিবোৰে ছাল শীতল ৰখাত সহায় কৰে।আনহাতে, বিলাহীয়ে ছালৰ সমস্যা আঁতৰাই ছাল উন্নত কৰাত সহায় কৰে।
এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ-
বিলাহীৰ ৰস - ২ চামুচ
তিয়ঁহৰ ৰস - ১ চাহ চামুচ
মৌ - ১ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব ?
. প্ৰথমে এটা পাত্ৰত বিলাহীৰ ৰস ল'ব।
. ইয়াৰ পিছত তাত তিয়ঁহৰ ৰস মিহলি কৰিব।
. দুয়োটা বস্তু ভালদৰে মিহলি কৰাৰ পাছত তাত মৌ যোগ কৰিব।
. এই মিশ্ৰণটো ১০-১৫ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰিব।
. নিৰ্ধাৰিত সময়ৰ পিছত মুখখন ধুব পেলাব।
. এই ফেচপেকৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছাল উজ্জ্বল কৰি তুলিব।
বিলাহী আৰু চন্দনৰ ফেচপেক
মুখৰ দাগ আঁতৰাবলৈ আপুনি বিলাহী আৰু চন্দনৰে তৈয়াৰ কৰা ফেচপেকো ব্যৱহাৰ কৰিব পাৰে।
এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ -
বিলাহীৰ ৰস - ২চামুচ
চন্দন কাঠৰ গুৰি - ১ চাহ চামুচ
হালধি -১/৪ চাহ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব ?
. প্ৰথমে এটা পাত্ৰত বিলাহীৰ ৰস লব।
. তাৰ পিছত ইয়াত চন্দন কাঠৰ গুৰি আৰু হালধি মিহলি কৰিব।
. সকলো উপাদান ভালদৰে মিহলি কৰি মিশ্ৰণটো মুখত ২০মিনিটৰ বাবে প্ৰয়োগ কৰিব।
. নিৰ্ধাৰিত সময়ৰ পিছত মুখখন পানীৰে ধুই পেলাব।
. আপোনাৰ শালমইনা আৰু দাগৰ সমস্যা অতি সহজে দূৰ হ'ব।
বিলাহী আৰু দৈৰ ফেচপেক
উজ্জ্বল ছালৰ বাবে আপুনি ছালত বিলাহী আৰু দৈৰে তৈয়াৰ কৰা ফেচপেক ব্যৱহাৰ কৰিব পাৰে। দৈত পোৱা পুষ্টিবোৰে ছালৰ ৰং উন্নত কৰাত সহায় কৰে।
এই ফেচপেক তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ -
পিছি লোৱা বিলাহী - ২ চাহ চামুচ
দৈ - ১ চাহ চামুচ
নেমুৰ ৰস - ১ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব ?
. প্ৰথমে এটা পাত্ৰত পিছি লোৱা বিলাহীখিনি ল'ব।
. তাৰ পিছত ইয়াত দৈ মিহলি কৰিব।
. এই মিশ্ৰনটোত নেমুৰ ৰস যোগ দিব।
. এই পেকটো মুখত ১৫-২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব।
. নিৰ্ধাৰিত সময়ৰ পাছত মুখখন ধুই পেলাব।
. আপোনাৰ ছালৰ ৰং যথেষ্ট উন্নত হ'ব।
বি. দ্ৰ: যদি আপোনাৰ ছালৰ কোনো সমস্যা থাকে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শৰ লৈহে এই ফেচপেকসমূহ ব্যৱহাৰ কৰিব।
Also Read: অৱশেষত পোহৰলৈ আহিল নেহা কক্কৰৰ উজ্জ্বল ছালৰ আঁৰৰ ৰহস্য