অৱশেষত পোহৰলৈ আহিল নেহা কক্কৰৰ উজ্জ্বল ছালৰ আঁৰৰ ৰহস্য

শেহতীয়াকৈ পোহৰলৈ আহিছে নেহা কক্কৰৰ আকৰ্ষণীয় কোমল ছালৰ ৰহস্য। আজি নেহাৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
অৱশেষত পোহৰলৈ আহিল নেহা কক্কৰৰ উজ্জ্বল ছালৰ আঁৰৰ ৰহস্য

ডিজিটেল ডেস্ক: বলীউডৰ ছবিসমূহত কণ্ঠৰে যাদু বিয়পোৱা নেহা কক্কৰৰ জনপ্ৰিয়তাৰ বিষয়ে দোহৰাৰ হয়তো প্ৰয়োজন নাই।নেহাৰ সুমধুৰ কণ্ঠ সকলোৰে প্ৰিয়।যাৰ বাবে প্ৰতিগৰাকী শ্ৰোতাই অতি আগ্ৰহৰে তেওঁৰ নতুন গীতৰ বাবে সদায়েই অপেক্ষাৰত।কণ্ঠৰ সমান্তৰালকৈ অনুৰাগীক বাৰুকৈয়ে আকৰ্ষিত কৰে নেহাৰ সুন্দৰ চেহেৰাই।ফলত অনুৰাগীসকলে নেহা কক্কৰৰ সুন্দৰ ছালৰ ৰহস্য জানিবলৈ সকলো সময়তে উৎসাহিত হৈ থাকে।শেহতীয়াকৈ পোহৰলৈ আহিছে নেহা কক্কৰৰ আকৰ্ষণীয় কোমল ছালৰ ৰহস্য। আজি নেহাৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে জানো আহক-

Advertisment

নিজকে হাইড্ৰেটেড ৰাখে 

নেহাই নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট পানী খায়। তেওঁ বিশ্বাস কৰে যে পৰ্যাপ্ত পানী খালে ছালখন প্ৰাকৃতিকভাৱে উজ্জ্বল হৈ উঠে। শালমনৰ সমস্যা দূৰ কৰাৰ বাবে পানী হৈছে এক প্ৰাকৃতিক উপায়। তদুপৰি, পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰি শৰীৰটোক সুস্থ ৰখাত সহায় কৰে।যাৰ বাবে তেওঁ দৈনিক ৫ লিটাৰতকৈ অধিক পানী সেৱন কৰে।

ছালৰ যত্নৰ ৰুটিন

নেহাই সদায় ‘ন’ মেকআপ লুক’ক অগ্ৰাধিকাৰ দিয়ে।তেওঁ মেকআপ অবিহনে ঘৰত থাকিবলৈ পছন্দ কৰে। ইয়াৰ উপৰিও, ৰ'দত বাহিৰলৈ ওলালে তেওঁ আগতে ছানস্ক্ৰীণ প্ৰয়োগ কৰে। শিল্পীগৰাকীয়ে ৰাসায়নিক পদাৰ্থ নথকা প্ৰসাধন সামগ্ৰীহে ছালত ব্যৱহাৰ কৰে।

গ্ৰীণ টী

নেহাই তেওঁৰ দিনটো গ্ৰীণ টীৰ সৈতে আৰম্ভ কৰে।ছালখন উজ্জ্বল আৰু স্বাস্থ্যৱান কৰি ৰখাত গ্ৰীণ টী অতি উপকাৰী।গ্ৰীণ টীয়ে ছাল উজ্জ্বল আৰু স্বাস্থ্যৱান কৰাত সহায় কৰে। 

মুখখন ধুই থাকে

নেহাৰ মুখৰ ছাল কক্কৰৰ ছাল তৈলাক্ত। সেয়েহে তেওঁ সুবিধা পালেই মুখখন ধুই থাকে।নিশা টোপনি যোৱাৰ আগতে নেহাই ছালত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰে। ই ছালখন স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। তৈলাক্ত ছালৰ বিশেষ যত্ন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ।  

উত্তম আহাৰ গ্ৰহণ

নেহা কক্কৰে ছাল খন স্বাস্থ্যৱান কৰি ৰাখিবলৈ সদায়েই ভাল আহাৰ গ্ৰহণ কৰে। তেওঁ সদাায় ঘৰত ৰন্ধা খাদ্য খায়। যাৰ ফলত নেহাৰ ছালখন সম্পূৰ্ণৰূপে উজ্জ্বল হৈ থাকে।ইয়াৰ উপৰিও নেহাই একেবাৰে জাংক ফুড পৰিহাৰ কৰে।

নিখুঁত ময়েশ্চাৰাইজাৰ 

নেহাৰ খুব শালমনৰ সমস্যা আছিল। ভুল ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাই আছিল ইয়াৰ মুখ্য কাৰণ। যদি আপোনাৰ ছাল তৈলাক্ত আৰু শালমনৰ সমস্যা আছে, তেনেহ'লে বিশেষজ্ঞৰ পৰামৰ্শ মতেহে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।

Also Read: Food For Skin: সতেজ ছালৰ বাবে খাওক এইকেইবিধ খাদ্য