Advertisment

এই বদ অভ্যাস দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

শিশুসকলক খাদ্য খুওৱাটো মুখৰ কথা নহয়।বহু অভিভাৱকে খুওৱাৰ নামত তেওঁলোকৰ সন্তানৰ পিছ-পিছে খাদ্য লৈ দৌৰি ফুৰিবলগীয়া হয়। বহুসময়ত অভিভাৱকে শিশুসকলক টিভি বা ম'বাইল দেখুৱাই যাতে শিশুৱে এঠাইত বহি খাদ্য খায়। কিন্তু এইটো একেবাৰে বেয়া অভ্যাস।

author-image
Asomiya Pratidin
New Update
এই বদ অভ্যাস দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: শিশুসকলক খাদ্য খুওৱাটো মুখৰ কথা নহয়।বহু অভিভাৱকে খুওৱাৰ নামত তেওঁলোকৰ সন্তানৰ পিছ-পিছে খাদ্য লৈ দৌৰি ফুৰিবলগীয়া হয়। বহুসময়ত অভিভাৱকে শিশুসকলক টিভি বা ম'বাইল দেখুৱাই যাতে শিশুৱে এঠাইত বহি খাদ্য খায়। কিন্তু এইটো একেবাৰে বেয়া অভ্যাস।কিয়নো এইদৰে সদায় খাদ্য খাওঁতে তেওঁলোকে ম'বাইল, টিভি চাই থাকিলে পিছলৈ ইয়াৰ প্ৰতি আসক্ত হৈ পৰে আৰু তেওঁলোকে ম'বাইল, টিভিৰ অবিহনে খাদ্য নাখায়। আপুনিও আপোনাৰ সন্তানৰ এই অভ্যাসৰ দ্বাৰা অসুবিধাত পৰিছে যদি তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰিব।

Advertisment

সন্তানক খুৱাই দিয়াটো কৰ্তব্য বুলি বিবেচনা নকৰিব

বহুতো অভিভাৱকে শিশুটোক খুৱাই দিয়াটো এটা কাম হিচাপে লয়। সোনকালে খাওঁক বুলিয়েই  তেওঁলোকে শিশুটোক ম'বাইল, টিভি চাবলৈ অনুমতি দিয়ে। কিন্তু এনে কৰাৰ পৰিৱৰ্তে সন্তানক খুৱাই থাকোঁতে তেওঁলোকক বিভিন্ন ভাল লগা কথা ক'ব যাতে তেওঁলোকে মুহূৰ্তটো উপভোগ কৰিব পাৰে।

সন্তানৰ সৈতে নিজেও খাব

শিশুৱে অকলে খাবলৈ ভাল নাপায়।যাৰ বাবে তেওঁলোকে স্ক্ৰীণকে সঙ্গী কৰি লয়।সেয়েহে তেওঁলোকক খাবলৈ দিওঁতে নিজেও লগতে বহি খাবলৈ ল'ব। সৰু ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ পিতৃ-মাতৃক অনুসৰণ কৰে। যদি আপুনি আপোনাৰ সন্তানৰ সৈতে খাদ্য খায়, তেন্তে তেওঁলোকেও আপোনাৰ লগতে খাবলৈ আৰম্ভ কৰিব।

নিজে যি খায়, সন্তানকো তাকে খুৱাব

আপোনাৰ সন্তানক ঘৰৰ আন সদস্যই খোৱা খাদ্যকে খাবলৈ দিব।এনে কৰিলে তেওঁলোকে পৰিয়ালৰ আন সদস্যৰ সৈতে সহজে মিলি সোনকালে খাই শেষ কৰিব।

প্ৰিয় বস্তু খাবলৈ দিব

যদি আপোনাৰ সন্তান যদি খোৱাত বেয়া, তেন্তে প্ৰথমে সি যি খাবলৈ বিচাৰে, তাকে খাবলৈ  দিয়ক।তেওঁলোকৰ পছন্দৰ খাদ্যই আকৰ্ষিত কৰিলে টিভি, ম'বাইলৰ প্ৰতি আকৰ্ষিত নোহোৱা হ'ব।

জোৰকৈ নুখুৱাব

সন্তানক কেতিয়াও জোৰকৈ খুৱাবলৈ চেষ্টা নকৰিব। বহুসময়ত তেওঁলোকে খাদ্য খাবলৈ অনিচ্ছুক হয়। এনে পৰিস্থিতিত, পিতৃ-মাতৃয়ে তেওঁলোকক বহুবাৰ খুৱাবলৈ বাধ্য কৰে, যাৰ তেওঁলোক জেদী হ'ব পাৰে।

বি.দ্ৰ- এই সকলোবোৰৰ লগতে সৰু ল'ৰা-ছোৱালীক খুৱাওঁতে সদায় সদায় ধৈৰ্য্য হ’ব লাগে। শিশুৱে খাদ্য নোখোৱা বা সিহঁতৰ জেদৰ বাবে আপুনি সাজু থাকিব আৰু নিজৰ ওপৰত সংযম বজাই ৰাখিব।

Also Read: আপোনাৰ সন্তান বুদ্ধিমান হয় নে নহয় আজিয়েই জানি লওঁক