আপোনাৰ সন্তান বুদ্ধিমান হয় নে নহয় আজিয়েই জানি লওঁক

প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তান সকলো ফালৰ পৰা পাৰ্গত তথা বুদ্ধিমান হোৱাটো বিচাৰে।যাৰ বাবে অভিভাৱকসকলে শিশুটো ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু কিছুমান শিশু সৰুৰে পৰাই অতি বুদ্ধিমান হয়, তেওঁলোকে যিকোনো বস্তু সহজে বুজি উঠে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ সন্তান বুদ্ধিমান হয় নে নহয় আজিয়েই জানি লওঁক

ডিজিটেল ডেস্ক: প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তান সকলো ফালৰ পৰা পাৰ্গত তথা বুদ্ধিমান হোৱাটো বিচাৰে।যাৰ বাবে অভিভাৱকসকলে শিশুটো ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু কিছুমান শিশু সৰুৰে পৰাই অতি বুদ্ধিমান হয়, তেওঁলোকে যিকোনো বস্তু সহজে বুজি উঠে। ইয়াৰ বাহিৰেও তেনে শিশুৰ কিছুমান স্বভাৱ আছে, যিয়ে আপোনাক সেই বিশেষ শিশুটো বুদ্ধিমান বুলি পৰিচয় দিয়ে।বুদ্ধিমান শিশুক চিনাক্ত কৰিব পৰা সেইসমূহ স্বভাৱৰ বিষয়ে আজি জানো আহক-

Advertisment

সময়ানুৱৰ্তীতা

অধিক বুদ্ধিমান শিশুৰ এক অন্যতম স্বভাৱ হৈছে তেওঁলোকৰ সময়ানুৱৰ্তীতা। তেওঁলোকে তেওঁলোকৰ সময়ৰ কিদৰে উচিত ব্যৱহাৰ কৰিব লাগে, সেয়া জানে। তেওঁলোকে সকলোবোৰৰ বাবে সময় নিৰ্ধাৰণ কৰে। এই শিশুৱে টোপনি, পঢ়াৰ সময়, খেলৰ সময়, সকলোবোৰ নিয়ন্ত্ৰণ কৰে যাতে তেওঁলোকৰ ওপৰত কোনো চাপ নাথাকে।

সকলো কথাইতেই গুৰুত্ব 

সফল আৰু বুদ্ধিমান শিশুৰ এটা বিশেষত্ব হ'ল যে তেওঁলোকে সকলোবোৰ অতি মনোযোগেৰে শুনে আৰু ইয়াক গুৰুত্ব দিয়ে। তেওঁলোকক যি বিষয়ে শিকোৱা হয়, সেয়া তথা নিজৰ মগজুৰেও যিখিনি গুৰুত্ব দিবলগীয়া বুলি ভাৱে সকলো জুকিয়াই প্ৰদৰ্শন কৰিব পাৰে এইসকল শিশুয়ে।

পঢ়াৰ বহু উপায়

যদিও শিক্ষা সকলো শিশুৰ বাবে একে, কিন্তু অধিক বুদ্ধিমান শিশুৱে পঢ়াৰ বিভিন্ন উপায় উলিয়ায়। বুদ্ধিমান শিশুৰ উপস্থাপন দক্ষতা অতি প্ৰখৰ হয়।

প্ৰশ্ন সোধা

শ্ৰেণীকোঠাত সকলো সময়তে সক্ৰিয় হৈ থকা আৰু শিক্ষকে সঠিক সময়ত সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াটোও বুদ্ধিমান শিক্ষাৰ্থীৰ লক্ষণ। এনে শিশুৱে কেৱল শিক্ষকক প্ৰশ্ন কৰাই নহয়, যিকোনো বিষয়ত শিক্ষাৰ্থী আৰু শিক্ষকৰ সৈতে ধাৰণা ভাগ বতৰা কৰে। 

লক্ষ্য স্থিৰ

বুদ্ধিমান শিশুৱে তেওঁলোকৰ লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব লাগে ভালদৰে জানে। তেওঁ তেওঁৰ লক্ষ্যৰ বিষয়ে অতি সক্ৰিয় আৰু সকলো সময়তে অগ্ৰগতিৰ নতুন উপায় বিচাৰি থাকে।

শক্তিশালী মানসিকতা

ভাল অভ্যাস এটা কেনেদৰে অনুসৰণ কৰিব লাগে, সেয়া বুদ্ধিমান সকলে জানে। তেওঁলোকে তেওঁলোকৰ সামৰ্থ্য, সম্পূৰ্ণ বুদ্ধিমত্তা, কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ দ্বাৰা তেওঁৰ মানসিকতা শক্তিশালী কৰে।

নিজৰ যত্ন

এনে শিশুৱে জানে যে যদি তেওঁলোক নিজে স্বাস্থ্যৱান হয়, তেন্তে তেওঁলোকে যিকোনো কামত মনোযোগ দিব পাৰিব। নিজকে চাপ, ভাগৰৰ পৰা আঁতৰাই ৰাখি, তেওঁ অধ্যয়নত মনোনিবেশ কৰিবলৈ বস্তুবোৰ কেনেদৰে অধিক ভালদৰে চম্ভালিব লাগে জানে।

সুযোগ গ্ৰহণ 

বুদ্ধিমান শিক্ষাৰ্থীসকলে সঠিকভাৱে জানে যে প্ৰয়োজন হ'লে কি ব্যৱহাৰ কৰিব লাগে আৰু তেওঁলোকে কোনজন ব্যক্তিৰ পৰা কি লাভ কৰিব পাৰে।যেনে শিক্ষকৰ পৰা সহায় লোৱা, অনলাইন অধ্যয়ন কৰা বা শিক্ষাৰ্থীৰ পৰা সহায় লোৱা আদি। এনে শিশুৱে সুযোগ অনুসৰি তেওঁলোকৰ সমস্যাবোৰ নিজে সমাধান কৰে। 

নিয়মীয়া অধ্যয়ন

যেতিয়া এই শিশুবোৰৰ ক্ষেত্ৰত পঢ়াৰ কথা আহে, সিহঁত আৰু অধিক মনোযোগী হয়। তেওঁৰ বুদ্ধিমত্তাৰ সৈতে তেওঁ অধ্যয়নৰ লগতে অন্যান্য কামৰ ৰুটিনও চম্ভালে আৰু নিয়মীয়াকৈ পঢ়িবলৈও সময় লয়। 

ৰণনীতি

বুদ্ধিমান শিশুসকলে পঢ়াৰ ৰণনীতি নিজে তৈয়াৰ কৰি লয়। তেওঁলোক এই সন্দৰ্ভত খুবেই সচেতন হয়।

Also Read: আৰম্ভণিৰ পৰাই আপোনাৰ সন্তানক এইসমূহ দিশত শিক্ষা দিয়ক