কেতবোৰ বিশেষ দিশত মন দিব লাগিব অভিভাৱকে

কেতবোৰ বিশেষ দিশত মন দিব লাগিব অভিভাৱকে

 ডিজিটেল ডেস্ক: আত্মবিশ্বাসেই সফালতাৰ মূল।আত্মবিশ্বাস থাকিলে এজন ব্যক্তিয়ে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, উৰ্ত্তীৰ্ণ হ'ব পাৰে জীৱনৰ সকলো কঠিন পৰীক্ষাত।এজন ব্যক্তিক আত্মবিশ্বাসী কৰাত তেওঁৰ পিতৃ-মাতৃৰ বহুখিনি দায়িত্ব থাকে আৰু শৈশৱৰ পৰাই তেওঁলোকৰ এই দায়িত্ব আৰম্ভ হয়। যদি আপুনিও বিচাৰে যে আপোনাৰ সন্তানো অতি আত্মবিশ্বাসী হওঁক, তেন্তে নিম্নলিখিত দিশসমূহত গুৰুত্ব দিব-

প্ৰশংসা কৰক

যেতিয়াই আপোনাৰ শিশুৱে ভাল কাম কৰে, তেওঁলোকক প্ৰশংসা কৰিব। ই তেওঁলোকক পৰৱৰ্তী সময়ত আৰু অধিক ভাল কৰিবলৈ অনুপ্ৰাণিত কৰিব।কিয়নো, পিতৃ-মাতৃৰ প্ৰশংসাই শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

সময় দিয়ক

কামৰ তাগিদাত আজি-কালি অভিভাৱকসকলে সন্তানক সময় দিব নোৱাৰে। যিটো তেওঁলোকৰ মানসিক অৱস্থাৰ বাবে একেবাৰেই উচিত নহয়। সেয়েহে, সন্তানৰ বাবে সময় উলিয়াই তেওঁলোকৰ সৈতে মৰমত কথা পাতিব। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব আৰু আগ্ৰহেৰে তেওঁলোকৰ কথাও শুনিব। ই শিশুটোক আত্মবিশ্বাসী কৰি তুলিব।

নেতিবাচক দিশ

শিশুৱে তেওঁলোকৰ চাৰিওফালৰ পৰা বহুতো শিকে। সেয়েহে, শিশুসকলক নেতিবাচক পৰিৱেশৰ পৰা পিতৃ-মাতৃয়ে আঁতৰাই ৰখাটো খুবেই জৰুৰী।কেতিয়াও তেওঁলোকৰ সন্মুখত উচ্চ স্বৰত কথা নাপাতিব আৰু কাজিয়া নকৰিব। ই শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব।

তুলনা নকৰিব

আত্মবিশ্বাসী হ'বলৈ শিশুৱে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। সেয়েহে তেওঁলোকক আন কোনো শিশুৰ সৈতে কেতিয়াও তুলনা নকৰিব। তেওঁলোকক মহাপুৰুষৰ জীৱনী বা মানুহৰ ভাল কামৰ বিষয়ে ক’ব, যিয়ে তেওঁলোকক অনুপ্ৰাণিত কৰিব। আন শিশুৰ সৈতে তুলনা কৰিলে ঈৰ্ষা আৰু হীনমন্যতা হ'ব পাৰে। যাৰ ফলত তেওঁলোকে যিকোনো নতুন কাম কৰিবলৈ সংকোচ বোধ কৰিব।এই বিষয়ত সন্তানৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁলোকক বুজাওঁক যে প্ৰতিজন ব্যক্তি পৃথক, সকলোৰে নিজা শক্তি আৰু ত্ৰুটি আছে। ইয়াৰ পৰা তেওঁলোকে তেওঁলোকৰ ত্ৰুটিবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিব।

নতুন কথা শিকাব

সন্তানৰ ৰুচিবোৰ বুজি লৈ সেই অনুসৰি তেওঁলোকক চিত্ৰাংকন, নৃত্য, গান বা তেওঁ আগ্ৰহী যিকোনো শিকাবলৈ যত্ন কৰিব। এনে কৰাৰ দ্বাৰা তেওঁলোকে এক নতুন কথা শিকিব আৰু তেওঁলোকৰ শক্তি ভাল কামত নিয়োজিত হৈ থাকিব।যিয়ে তেওঁলোকক আত্মবিশ্বাসী কৰিব। 

কেতবোৰ বিশেষ দিশত মন দিব লাগিব অভিভাৱকে
আপোনাৰ সন্তান বুদ্ধিমান হয় নে নহয় আজিয়েই জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in