এইকেইটা সহজ উপায়ৰে দূৰ কৰক ফ্ৰীজৰ দুৰ্গন্ধ

কিন্তু কেতিয়াবা আমাৰ এই দৰকাৰী ফ্ৰীজটোৰ পৰা ওলোৱা দুৰ্গন্ধয়ে আমাক অতিথিৰ সন্মুখত বৰ বেয়াকৈ লাজত পেলায়।কিদৰে ফ্ৰীজবোৰ দুৰ্গন্ধমুক্ত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
এইকেইটা সহজ উপায়ৰে দূৰ কৰক ফ্ৰীজৰ দুৰ্গন্ধ

এইকেইটা সহজ উপায়ৰে দূৰ কৰক ফ্ৰীজৰ দুৰ্গন্ধ

ডিজিটেল ডেস্ক: আমাৰ দৈনন্দিন জীৱনটো সহজ কৰি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছে  ঘৰত থকা ফ্ৰীজটোয়ে। বাকী থকা খাদ্য পিছত ব্যৱহাৰ কৰিব পৰা আৰু ফল-পাচলি সতেজ ৰখাত ক্ষেত্ৰত তথা গ্ৰীষ্মকালত ফ্ৰীজটোৰ ভূমিকাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।কিন্তু কেতিয়াবা আমাৰ এই দৰকাৰী ফ্ৰীজটোৰ পৰা ওলোৱা দুৰ্গন্ধয়ে আমাক অতিথিৰ সন্মুখত বৰ বেয়াকৈ লাজত পেলায়।কিদৰে ফ্ৰীজবোৰ দুৰ্গন্ধমুক্ত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে জানো আহক-

Advertisment

ফ্ৰীজৰ গোন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ এই কৌশলবোৰ অনুসৰণ কৰক-

নিয়মীয়া পৰিস্কাৰ কৰা

ফ্ৰীজটো নিয়মীয়াকৈ পৰিস্কাৰ কৰিব। বজাৰত ফ্ৰীজ পৰিস্কাৰ কৰিব পৰা বহুতো সামগ্ৰী উপলব্ধ।এইসমূহ ব্যৱহাৰ কৰি আপুনি ফ্ৰীজটো খুব কম সময়তে চাফা কৰিব পাৰে। 

বীজাণু আৰু গোন্ধ আঁতৰোৱা উপাদান ব্যৱহাৰ কৰিব

ফ্ৰীজটো সঠিকভাৱে পৰিস্কাৰ কৰাৰ পিছত আপুনি গোন্ধ আৰু বীজাণু আঁতৰাবলৈ কফি, নেমু, নৰসিংহ পাত আৰু লং ব্যৱহাৰ কৰিব পাৰে। এইসমূহৰ তীব্ৰ গোন্ধে ফ্ৰীজৰ দুৰ্গন্ধ নাইকিয়া কৰে।

এয়াৰ-টাইট পাত্ৰ ব্যৱহাৰ কৰিব

অৱশিষ্ট খাদ্য সংৰক্ষণ কৰাৰ আটাইতকৈ বুদ্ধিমান আৰু স্বাস্থ্যকৰ উপায় হ'ল ইয়াক এয়াৰটাইট পাত্ৰত সংৰক্ষণ কৰা।এনে পাত্ৰ ব্যৱহাৰ কৰি আপুনি যিকোনো ধৰণৰ লিকেজ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ দ্বাৰা খাদ্যৰ গোন্ধও ফ্ৰীজত বিয়পি নপৰে।

ভিনেগাৰ

ভিনেগাৰ পানীত উতলাই পিছত ৪-৬ ঘণ্টাৰ বাবে আপোনাৰ ফ্ৰীজত ৰাখিব পাৰে। এনে কৰি আপুনি যিকোনো দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাব পাৰে। যদি আপুনি এপল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰে, তেন্তে ফ্ৰীজটো ফলৰ দৰে গোন্ধাই থাকিব।

Also Read: আপুনি দৰিদ্ৰ হোৱাৰ কাৰণ এয়ে নহয়তো ?