আপুনি দৰিদ্ৰ হোৱাৰ কাৰণ এয়ে নহয়তো ?

হিন্দু শাস্ত্ৰ আৰু পুৰাণত তুলসী উদ্ভিদৰ বিশেষ গুৰুত্ব আছে।বিশ্বাস মতে, এই বিধ উদ্ভিদক উপাসনা কৰি পৰিয়ালটোৰ বাবে সুখ আৰু শান্তি লাভ কৰিব পাৰি। ঈশ্বৰৰ উপাসনাতো তুলসীৰ বিশেষ গুৰুত্ব আছে।

author-image
Asomiya Pratidin
New Update
আপুনি দৰিদ্ৰ হোৱাৰ কাৰণ এয়ে নহয়তো ?

আপুনি দৰিদ্ৰ হোৱাৰ কাৰণ এয়ে নহয়তো ?

ডিজিটেল ডেস্ক: হিন্দু শাস্ত্ৰ আৰু পুৰাণত তুলসী উদ্ভিদৰ বিশেষ গুৰুত্ব আছে।বিশ্বাস মতে, এই বিধ উদ্ভিদক উপাসনা কৰি পৰিয়ালটোৰ বাবে সুখ আৰু শান্তি লাভ কৰিব পাৰি। ঈশ্বৰৰ উপাসনাতো তুলসীৰ বিশেষ গুৰুত্ব আছে।তুলসীক অতি শুভ উদ্ভিদ বুলি গণ্য কৰা হয়।এই আলৌকিক গুণসম্পন্ন তুলসীজোপাৰ পৰা বিশেষ শক্তি আহৰণৰ বাবে প্ৰতিদিনে পুৱা আৰু সন্ধিয়া ইয়াত পানী দিব লাগে।সন্ধিয়া তুলসীৰ ওচৰত ঘিউৰ চাকি জ্বলালে ঘৰলৈ সুখ আৰু সমৃদ্ধি অহাৰ লগতে ভগৱান বিষ্ণু, মা লক্ষ্মীৰ পৰাও আশীৰ্বাদ লাভ কৰিব পাৰি।আনহাতে, বাস্তু শাস্ত্ৰৰ মতেও ঘৰত তুলসীৰ গছ থাকিলে ঘৰখনলৈ ইতিবাচক শক্তি আহে। কিন্তু বহুসময়ত অজ্ঞাতে আমি তুলসীৰ সৈতে সম্পৰ্কিত কিছুমান ভুল কৰো। যাৰ ফলত ঘৰখনৰ লোকসকলৰ জীৱন বেয়াকৈ প্ৰভাৱিত হয়। আজি এই বিষয়ে সবিশেষ জানো আহক-

Advertisment

এই বস্তুবোৰ তুলসী গছৰ ওচৰত নাৰাখিব

গণেশৰ মূৰ্তি

তুলসীৰ ওচৰত গণেশৰ মূৰ্তি কেতিয়াও নাৰাখিব। ইয়াৰ কাৰণ হৈছে এবাৰ ভগৱান গণেশে নদীৰ পাৰত চকু মুদি ধ্যানত বহি আছিল। সেই সময়তে তুলসীয়ে ভগৱান গণেশক দেখি আকৰ্ষিত হৈ তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱ গণেশজীয়ে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।যাৰ বাবে তুলসীয়ে তেওঁক দুখন বিবাহৰ বাবে অভিশাপ দিছিল। এই কাৰণেই তুলসীক গণেশৰ ওচৰত থকাটো শুভ নহয়।

ঝাড়ু

ঘৰত তুলসী গছ থাকিলে ঘৰখনলৈ শান্তি আহে।কিন্তু ভুলতো তুলসীৰ ওচৰত ঝাড়ু নাৰাখিব। তুলসী গছৰ ওচৰত ঝাৰু ৰাখিলে ঘৰলৈ দৰিদ্ৰতা আহে।তদুপৰি, ই ঘৰখনৰ সদস্যৰ জীৱনলৈ বহু সমস্যা কঢ়িয়াই আনিব পাৰে। 

জোতা 

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত তুলসী গছ ৰোপণ কৰিলে বাস্তু সম্পৰ্কীয় সকলো ধৰণৰ ত্ৰুটি আঁতৰ হয়। এনে পৰিস্থিতিত, যদি আপুনি তুলসী গছজোপাৰ ওচৰত জোতা ৰাখে, তেন্তে ই মাক লক্ষ্মীক অপমান কৰাৰ সমান হয়। তদুপৰি, জোতা-ছেণ্ডেলক ৰাহু আৰু শনিৰ প্ৰতীক বুলিও গণ্য কৰা হয়।

শিৱ লিংগ

তুলসী উদ্ভিদৰ সকলো ধৰণৰ ঔষধি গুণ আছে। তামৰ পাত্ৰত থকা পানীত তুলসীৰ পাত দিলে এই পানীখিনি পবিত্ৰ হৈ পৰে। তুলসীৰ পাতৰ বীজাণু ধ্বংস কৰাৰ ক্ষমতা থাকে। তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়। দৰাচলতে, তুলসীৰ পূৰ্বৱৰ্তী জন্মনাম আছিল বৃন্দা, যি জলন্ধৰ নামৰ এটা ৰাক্ষসৰ পত্নী আছিল। কিন্তু জলন্ধৰৰ অত্যাচাৰত অসুবিধাত পৰা শিৱই তেওঁক হত্যা কৰে। ইয়াৰ বাবে শিৱৰ উপাসনাত তুলসী ব্যৱহাৰ কৰা নহয় তথা তুলসীৰ ওচৰত শিৱ লিংগ প্ৰতিষ্ঠা কৰা নহয়।

ডাষ্টবিন

বাস্তু শাস্ত্ৰত বিশ্বাস কৰা হয় যে তুলসীৰ চাৰিওফালে কেতিয়াও লেতেৰা ৰাখিব নালাগে। এনে পৰিস্থিতিত, আপুনি বিত্তীয় লোকচানৰ সন্মুখীন হ'ব লাগিব। সেয়েহে, ডাষ্টবিনটো তুলসীৰ ওচৰত ৰাখিব নালাগে। 

Also Read: সুখী জীৱন লাভৰ বাবে বৃহস্পতিবাৰে এইসমূহ কাম কৰিব