/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/j8wl4wmg/WhatsApp Image 2024-09-07 at 3.53.28 PM (3).jpeg)
tips to get rid of rats
ডিজিটেল ডেস্ক: নিগনিৰ সন্ত্ৰাস কি সেয়া কেৱল ভুক্তভোগীয়েহে জানে।এটা সৰু নিগনিয়ে খাদ্যৰ পৰা কাপোৰলৈ সকলো নষ্ট কৰিব পাৰে। কিন্তু নিগনিৰ উৎপাত কিমান বেছি হ’লে ইয়াৰ পৰা পৰিত্ৰাণৰ পাবলৈ বোমাৰ সহায় ল'বলগীয়া হ’ব পাৰে ? আপুনি হয়তো আচৰিত হৈছে ! হোৱাটোও স্বাভাৱিক।কিন্তু, আচৰিত যেন লাগিলেও এয়া একেবাৰেই সত্য ঘটনা।
প্ৰকৃততে, দক্ষিণ আফ্ৰিকাত নিগনি মাৰিবলৈ বোমা ব্যৱহাৰৰ পৰিকল্পনা কৰা হৈছে।দক্ষিণ আফ্ৰিকাৰ মেৰিয়ন দ্বীপত নিগনিৰ বাবে নিক্ষেপ কৰা হ'ব এক বিশেষ বোমা।আলবাট্ৰছ নামৰ চৰাইবিধক সুৰক্ষা প্ৰদানৰ বাবেই দেশখনত এই পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।এই বোমাবোৰ আচলতে কীটনাশকৰ গুলী। এই কীটনাশকৰ বোমাবোৰ হেলিকপ্টাৰৰ সহায়ত মেৰিয়ন দ্বীপত পেলাই দিয়া হ'ব।
মেৰিয়ন দ্বীপত থকা নিগনিবোৰ অতি হিংস্ৰ। এক প্ৰতিবেদন অনুসৰি, এই দ্বীপত প্ৰজনন কৰা ২৯ টা প্ৰজাতিৰ সাগৰীয় চৰাইৰ ভিতৰত ১৯ টায়ে এতিয়া বিলুপ্তৰ পথত। যোৱা কেইবছৰমানত সাগৰীয় চৰাইৰ ওপৰত নিগনিৰ সন্ত্ৰাস যথেষ্ট বৃদ্ধি পাইছে। এই নিগনিবোৰে চৰাইবোৰক আক্ৰমণ কৰাৰ লগতে সিঁহতৰ কণীবোৰ খায় পেলায়।যাৰ বাবে দেশখনে এই পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে, আপোনাৰ ঘৰত থকা নিগনিৰ পৰা সকাহ পাবলৈ আপুনি কেতবোৰ ঘৰুৱা পদক্ষেপ গ্ৰহণ কৰিব পাৰে।জানি লওঁক-
ছাধা
নিগনি খেদাত এক গুৰুতৰ ভূমিকা পালন কৰে ছাধায়ে।ইয়াৰ বাবে এটা বাটিত এক চামুচ ছাধা, ২ চাহ চামুচ ঘিউ আৰু তিনি চামুহ ময়দা ভালদৰে মিহলি কৰি সৰু সৰু লাডু বনাই ল’ব। এই লাডুবোৰ ঘৰৰ প্ৰতিটো চুকে-কোনে সিচঁৰিত কৰি থওঁক। ছাধা দিয়া এই লাডু খোৱাৰ পাছত আপোনাৰ ঘৰত নিগনিৰ সংখ্যা একেবাৰে নাইকিয়া হৈ যাব।
পুদিনা
পুদিনা নিগনিৰ শত্ৰু।সেয়েহে নিগনি খেদাবলৈ আপুনি পদিনা পাত ব্যৱহাৰ কৰিব পাৰে।আপুনি পুদিনাৰ পাত অলপ সৰহকৈ লৈ ঘৰৰ বিভিন্ন অংশত সিঁচৰিত কৰি থ’ব।এনে কৰিলে নিগনি আপোনাৰ ঘৰলৈ পুনৰ আহিবলৈ সাহস নকৰিব।
ফিটকিৰি
ঘৰৰ পৰা নিগনি খেদিবলৈ আপুনি ফিটকিৰিও ব্যৱহাৰ কৰিব পাৰে।ফিটকিৰি পানীত তিয়াই থৈ সেই পানী ঘৰত স্প্ৰে কৰিলে নিগনি পলাই পত্ৰং দিব।
তেজপাত
ঘৰৰ পৰা নিগনি আঁতৰ কৰাৰ এক কাৰ্যকৰী উপায় হৈছে তেজপাতৰ প্ৰয়োগ।ঘৰৰ কোণবোৰত তেজপাত ৰাখিলে নিগনিয়ে ইয়াৰ গোন্ধ পাই আপোনাৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ'ব।
কফুৰ
নিগনিৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ আপুনি কফুৰ ব্যৱহাৰ কৰিব পাৰে।কফুৰৰ গোন্ধে নিগনিৰ উশাহ-নিশা লোৱাটো কঠিন কৰি তোলে।যাৰ ফলত নিগনিয়ে কফুৰৰ কাষ চাপিবলৈ ভয় কৰে আৰু সেই স্থান ত্যাগ কৰে।
পিয়াঁজ
পিঁয়াজ কাটি ঘৰৰ চুক-কোণত ৰাখিও আপুনি নিগনিৰ পৰা পৰিত্ৰান পাব পাৰে।অৱশ্যে, পিঁয়াজ অতি সোনকালে শুকাই যায়। সেয়েহে, প্ৰতি ২-৩ দিনৰ পাছত নতুন পিয়াঁজ ব্যৱহাৰ কৰিব।
জলকীয়া গুৰি
জলকীয়াৰ তীক্ষ্ণ গোন্ধৰ দ্বাৰা নিগনিবোৰো বিৰক্ত হয়। জলকীয়া গুৰি পথত বা নিগনিৰ লুকুৱা ঠাইত ছটিয়াব পাৰি আৰু জলকীয়া পানীও ছটিয়াব পাৰে।
বৰিক এচিড আৰু চেনী
বৰিক এচিড আৰু চেনী মিহলি কৰক আৰু ইয়াক নিগনিৰ লুকাই থকা স্থানত ৰাখক। নিগনিবোৰে ইয়াক খালেই সিহঁতৰ প্ৰাণ যাব।কিন্তু শিশু আৰু পোহনীয়া জন্তুবোৰক বোৰিক এচিডৰ পৰা আঁতৰাই ৰাখিব।
ফেনাইল
ফেনাইলৰ সহায়তো ঘৰৰ পৰা আপুনি নিগনি খেদিব পাৰে। আপুনি ফেনাইলৰ পানী ঘৰৰ চুকে-কোণে ছটিয়াব। যদি ঘৰত সৰু ল'ৰা-ছোৱালী আছে, তেন্তে অলপ সাৱধানতাৰে ফেনাইল ব্যৱহাৰ কৰিব কিয়নো ই বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে।
Also Read: এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক