এইবাৰ পুৰুষসকলক পৰামৰ্শ দিলে বিকি কৌশলে

বলীউডৰ সবাতোকৈ জনপ্ৰিয় যুটি বুলি কলে সকলোয়ে হয়তো বিকি কৌশল আৰু কেটৰিনা কাইফৰ নাম ল'ব। অনবদ্য অভিনয় দক্ষতাৰ সমান্তৰালকৈ প্ৰেম-কাহিনীৰ বাবেও তেওঁলোক দুয়ো অনবৰতে চৰ্চাৰ শীৰ্ষত থাকে। সকলো অনুৰাগীয়েই বিকি কৌশল আৰু কেটৰিনাক নিখুঁত স্বামী-স্ত্ৰী ৰূপে আখ্যা দিয়ে। শেহতীয়াকৈ অভিনেতাগৰাকীয়েও এই সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
এইবাৰ পুৰুষসকলক পৰামৰ্শ দিলে বিকি কৌশলে

ডিজিটেল ডেস্ক: বলীউডৰ সবাতোকৈ জনপ্ৰিয় যুটি বুলি কলে সকলোয়ে হয়তো বিকি কৌশল আৰু কেটৰিনা কাইফৰ নাম ল'ব। অনবদ্য অভিনয় দক্ষতাৰ সমান্তৰালকৈ প্ৰেম-কাহিনীৰ বাবেও তেওঁলোক দুয়ো  অনবৰতে চৰ্চাৰ শীৰ্ষত থাকে। সকলো অনুৰাগীয়েই বিকি কৌশল আৰু কেটৰিনাক নিখুঁত স্বামী-স্ত্ৰী ৰূপে আখ্যা দিয়ে। শেহতীয়াকৈ অভিনেতাগৰাকীয়েও এই সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে।

Advertisment

শেহতীয়া এক অনুষ্ঠানত অভিনেতাজনে কয়, ‘ কেটৰিনা অতি সংবেদনশীল আৰু আৱেগিক, কিন্তু যেতিয়া কামৰ কথা আহে, তেতিয়া তেওঁ কামকেই প্ৰাধান্য দিয়ে।সেইবুলি মই তেওঁৰ ওচৰত আপত্তি নকৰো। এটা সম্পৰ্ক ভালদৰে চলাই নিবলৈ স্বামী-স্ত্ৰী দুয়োগৰাকীয়েই সহনশীল হ’ব লাগিব। দুয়োৰে মাজত বিশ্বাস থাকিব লাগিব। এগৰাকী সফল স্বামী হ'বলৈ প্ৰথমে এগৰাকী ভাল ব্যক্তি হোৱাটো অতি গুৰুত্বপূৰ্ণ। যেতিয়া ২ জন লোক লগ হয়, দুয়োজন এক হৈ চলিব লাগে। কেতিয়াবা সম্পৰ্কৰ খাতিৰত আপুনি বিচৰা কেতবোৰ এৰি দিবলগীয়া হয়। পত্নীয়ে যাতে মনত আঘাত নাপায়, তাৰ বাবে পুৰুষসকলে কথা কওঁতে খুব সাৱধান হ’ব লাগে।সংসাৰৰ গুৰি পত্নীসকলেই ধৰে।সেয়েহে তেওঁলোকৰ লাগতিয়ালৰ প্ৰতিও সদায় সচেতন হ’ব লাগে।’

উল্লেখ্য যে, বহুদিন গোপনে সম্পৰ্ক ৰক্ষা কৰাৰ পাছত বিকি আকু কেটৰিনাই ২০২১ত বিবাহ পাশত আবদ্ধ হৈছিল। এই হাই প্ৰফাইল বিয়াখনৰ তিনিদিনীয়া কাৰ্যসূচীসমূহ ৰাজস্থানত সম্পন্ন হৈছিল।ইপিনে, তেওঁলোকৰ বিবাহৰ সেই তিনিদিনক তেওঁৰ জীৱনৰ আটাইতকৈ সুখী দিন বুলিও অভিহিত কৰে বিকি কৌশলে।

Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী