পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী

বলীউডৰ তাৰকা দম্পতি বিকি কৌশল আৰু কেটৰিনা কাইফ অভিনয়ৰ সমান্তৰালকৈ তেওঁলোকৰ জীৱনশৈলীৰ বাবেও প্ৰতিদিনেই শিৰোনামত থাকে। অনুৰাগীসকলেও তেওঁলোকৰ জীৱনৰ সৈতে সম্পৰ্কিত খবৰসমূহ লাভ কৰিবৰ বাবে উৎসুক হৈ থাকে।শেহতীয়াকৈ বিকিয়ে পত্নী কেটৰিনাৰ কেতবোৰ অভ্যাসৰ বিষয়ে ৰাজহুৱা কৰিছে।

author-image
Asomiya Pratidin
New Update
পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী

ডিজিটেল ডেস্ক: বলীউডৰ তাৰকা দম্পতি বিকি কৌশল আৰু কেটৰিনা কাইফ অভিনয়ৰ সমান্তৰালকৈ তেওঁলোকৰ জীৱনশৈলীৰ বাবেও প্ৰতিদিনেই শিৰোনামত থাকে। অনুৰাগীসকলেও তেওঁলোকৰ জীৱনৰ সৈতে সম্পৰ্কিত খবৰসমূহ লাভ কৰিবৰ বাবে উৎসুক হৈ থাকে।ইফালে আকৌ সময়ে সময়ে তেওঁলোক দুয়োজনেই দুয়োজনৰ কেতবোৰ ৰহস্য ফাদিল কৰি থাকে। শেহতীয়াকৈ বিকিয়ে পত্নী কেটৰিনাৰ কেতবোৰ অভ্যাসৰ বিষয়ে ৰাজহুৱা কৰিছে।

Advertisment

হয়, শেহতীয়া এক সাক্ষাৎকাৰত বিকি কৌশলে কয়, ‘প্ৰকৃততে কেটৰিনাই মোৰ জীৱনত এগৰাকী 'ফেশ্বন পুলিচ'ৰ ভূমিকা পালন কৰে।মোৰ পিন্ধনত সদায় তেওঁৰ চকু থাকে আৰু সদায়েই আপত্তি থাকে। ফেশ্বনত মোৰ ইমান ৰাপ নাই।সেয়েহে মই ব্যক্তিগত জীৱনত পিন্ধা-উৰাত ইমান গুৰুত্ব নিদিওঁ।মোৰ আলমাৰিত খুব কম কাপোৰ থাকে।সেইখিনিকেই মই পিন্ধি থাকো।যাৰ বাবে মই ঘৰৰ পৰা ওলালেই কেটৰিনাৰ বহু কথা শুনিবলগীয়া হয়। তেওঁ ফেশ্বনত খুব সচেতন।’

আনহাতে, বিকিৰ এনে স্বভাৱত অতিষ্ঠ হৈ আজিকালি কেটৰিনাই তেওঁক এই সন্দৰ্ভত একো নোকোৱা হ’ল বুলিও বিকিয়ে প্ৰকাশ কৰে।এই সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পাছতে স্বাভাৱিকভাৱেই অনুৰাগীসকলে ছ’চিয়েল মেডিয়াতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  

উল্লেখ্য যে, বহুদিন গোপনে সম্পৰ্ক ৰক্ষা কৰাৰ পাছত বিকি আকু কেটৰিনাই ২০২১ত বিবাহ পাশত আবদ্ধ হৈছিল। এই হাই প্ৰফাইল বিয়াখনৰ তিনিদিনীয়া কাৰ্যসূচীসমূহ ৰাজস্থানত সম্পন্ন হৈছিল।ইপিনে, তেওঁলোকৰ বিবাহৰ সেই তিনিদিনক তেওঁৰ জীৱনৰ আটাইতকৈ সুখী দিন বুলিও অভিহিত কৰে বিকি কৌশলে।

ইফালে, 'জাৰা হাটকে জাৰা বচকে'ৰ পাছত এইবাৰ বিকি কৌশলক মানুষী ছিল্লাৰৰ সৈতে 'দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি'ত দৰ্শকে দেখিবলৈ পাব।বহুচৰ্চিত এই ছবিখনে ২২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব। আনহাতে, কেটৰিনাক শীঘ্ৰেই ছলমান খানৰ সৈতে 'টাইগাৰ ৩' আৰু বছৰটোৰ শেষলৈ 'মেৰী খ্ৰীষ্টমাছ'ত অনুৰাগীসকলে দেখা পাব।

Also Read: নতুন আলহীক আদৰিবলৈ সাজু বিকি-কেটৰিনা