জনপ্ৰিয় অভিনেত্ৰীৰ ছ’চিয়েল মেডিয়াৰ প’ষ্টত হ’ল স্পষ্ট

আলী গনি আৰু জেছমিন ভাছিন।টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় যুটিৰ অন্যতম এই যুটিটো। কিন্তু দুখৰ কথা এয়ে যে তেওঁলোক এতিয়া আৰু একেলগে নাই।হয়, কেনা লাগিছে জেছমিন আৰু আলীৰ সম্পৰ্কত।

author-image
Asomiya Pratidin
New Update
জনপ্ৰিয় অভিনেত্ৰীৰ ছ’চিয়েল মেডিয়াৰ প’ষ্টত হ’ল স্পষ্ট

ডিজিটেল ডেস্ক: আলী গনি আৰু জেছমিন ভাছিন।টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় যুটিৰ অন্যতম এই যুটিটো। কিন্তু দুখৰ কথা এয়ে যে তেওঁলোক এতিয়া আৰু একেলগে নাই।হয়, কেনা লাগিছে জেছমিন আৰু আলীৰ সম্পৰ্কত।

Advertisment

প্ৰকৃততে দীৰ্ঘদিনৰ পৰা এই উৰাবাতৰিয়ে তেওঁলোকৰ অনুৰাগীক চিন্তিত কৰি তুলিছে।কিন্তু শেহতীয়াকৈ জেছমিনৰ এটা ছ'চিয়েল মেডিয়াৰ প'ষ্টে এই উৰাবাতৰিক সত্য প্ৰমাণিত কৰিছে।      কেইদিনমান পূৰ্বে, জেছমিন ভাছিনে তেওঁৰ টুইটাৰ একাউন্টত 'লাভ লিভিং' সম্পৰ্কীয় এটা প'ষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লেখিছে, 'প্ৰেমৰ আটাইতকৈ আচৰিত কথাটো হ'ল যে এৰি যোৱাৰ পিছতহে ইয়াক অধিক উপলব্ধি কৰা হয়।' 

ইয়াৰ পাছতে জেচমিনে আৰু এটা প'ষ্ট কৰি লেখিছে, 'মনত ৰাখিব যে ভাগ বতৰা কৰা সকলোবোৰে কাৰোবাৰ বাস্তৱতাক প্ৰতিফলিত নকৰে। প'ষ্ট আৰু উদ্ধৃতিবোৰ যাদৃচ্ছিক চিন্তা হ'ব পাৰে, কাৰোবাৰ জীৱনৰ এক আভাস নহয়। বিচাৰ কৰা আৰু অনুমান কৰা বন্ধ কৰো আহক। তাৰ পৰিৱৰ্তে সমাজত দয়া আৰু বুজাবুজি বিয়পাওঁক।'

জেছমিনে এইদৰে পষ্ট কৰাৰ পাছত অগনন অনুৰাগীয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে স্পষ্ট কৰিবলৈ দুয়োকে আহ্বান জনাইছে।এই সন্দৰ্ভত অৱশ্যে বৰ্তমানেও মৌনতা অৱলম্বন কৰি আছে আলীয়ে।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত