অন্যথা সাৰ্থক নহ’ব আপোনাৰ দৰ্শন, অথলে যাব উপাসনা

কেদাৰনাথ মন্দিৰ হিন্দু ধৰ্মালম্বী লোকসকলৰ অন্যতম প্ৰধান তীৰ্থকেন্দ্ৰ। এই মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। প্ৰতি বছৰে ভগৱান শিৱক উপাসনা কৰিবলৈ লাখ লাখ ভক্ত কেদাৰনাথ মন্দিৰত সমাগম হয়।

author-image
Asomiya Pratidin
New Update
অন্যথা সাৰ্থক নহ’ব আপোনাৰ দৰ্শন, অথলে যাব উপাসনা

ডিজিটেল ডেস্ক: কেদাৰনাথ মন্দিৰ হিন্দু ধৰ্মালম্বী লোকসকলৰ অন্যতম প্ৰধান তীৰ্থকেন্দ্ৰ। এই মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। প্ৰতি বছৰে ভগৱান শিৱক উপাসনা কৰিবলৈ  লাখ লাখ ভক্ত কেদাৰনাথ মন্দিৰত সমাগম হয়। এই মন্দিৰটো অতি উচ্চতাত অৱস্থিত। সেয়েহে বতৰৰ কথা বিবেচনা কৰি এই মন্দিৰৰ দুৱাৰ কেৱল এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈহে খোলা থাকে। যদি আপুনি কেদাৰনাথ ধাম যাত্ৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে কিছুমান দিশত বিশেষ গুৰুত্ব দিয়াটো খুবেই দৰকাৰী।আজি এই বিষয়ে জানো আহক-

Advertisment

-যদি আপুনি কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই পৰিকল্পনা শীত আৰু বাৰিষা ঋতুত নকৰিব।কিয়নো পাহাৰীয়া অঞ্চলত বাৰিষাৰ সময়ত বানপানী বা ভূমিস্খলনৰ আশংকা যথেষ্ট বেছি। সেয়েহে এই সময়ত ভ্ৰমণ নকৰিব।

- গ্ৰীষ্মকালত গ’লেও শীতকালত পিন্ধা গৰম কাপোৰ লগত লৈ যাব।

-পাহাৰত যিকোনো সময়তে বৰষুণ হ'ব পাৰে, সেয়েহে যাত্ৰাত যাওঁতে আপোনাৰ সৈতে ছাতি আৰু ৰেইনকোট ৰাখিব।

- এজন সাধাৰণ ব্যক্তিক গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ যাবলৈ মুঠ ৫-৬ ঘণ্টা সময় লাগে। সেয়েহে, খৰখেদাৰ সলনি আৰামেৰে খোজ কাঢ়ক। খোজ কাঢ়োঁতে খৰধৰ কৰিলে আপোনাৰ উশাহ লোৱাত অসুবিধা হ'ব পাৰে।

- ৰাতিপুৱা সোনকালে এই যাত্ৰা আৰম্ভ কৰিব যাতে দিনতে কেদাৰনাথ ধাম পাব পাৰে। দৰ্শনৰ পিছত তাত এটা ৰাতি ৰৈ পিছদিনা ৰাতিপুৱা পুনৰ গৌৰীকুণ্ডলৈ উভতনি যাত্ৰা আৰম্ভ কৰিব।

-মনত ৰাখিব যে যদি আপুনি একেদিনাই দৰ্শন আৰু উভতি যোৱাৰ কথা ভাবে, তেন্তে আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে।

-ৰাতিৰ সময়ত গৌৰীকুণ্ডৰ পৰা সোনপ্ৰয়াগলৈ ৰেলত আসন পোৱাত যথেষ্ট অসুবিধা হয়। লগতে গৌৰীকুণ্ডত খুব কম হোটেল তথা ল’জৰ থকা বাবে আপোনাৰ তাত থাকিবলৈ কোঠা বিচাৰি পোৱাত অসুবিধা হ'ব পাৰে।

-উন্নত ফ’ন নেটৱৰ্কৰ বাবে কেদাৰনাথ যাত্ৰালৈ যাওঁতে বিএছএনএল, ভ’ডাফোন আৰু ৰিলায়েন্স জিঅ' চিম নিব।

- আপোনাৰ ভ্ৰমণ কাৰ্ড আৰু আধাৰ কাৰ্ড লগত ল’বলৈ নাপাহৰিব।

- ৰাতি কেদাৰনাথ মন্দিৰ দৰ্শন কৰা পৰিহাৰ কৰিব। কিয়নো নিশা বন্য জন্তুৰ পৰা বিপদ হ'ব পাৰে।

- কেদাৰনাথ যাত্ৰাৰ সময়ত কেতিয়াও ১২ বছৰৰ তলৰ শিশুক লগত নিব নালাগে।কিয়নো  পাহাৰীয়া অঞ্চলত বৰষুণ কেতিয়া আহে, তাৰ একো ঠিক নাথাকে। তদুপৰি, তাত অক্সিজেনৰ স্তৰ অতি কম, যাৰ ফলত শিশুৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা থাকে।

Also Read: বিবাহৰ পূৰ্বে সংগীৰ সৈতে এইকেইখন ঠাইলৈ যাব