বিবাহৰ পূৰ্বে সংগীৰ সৈতে এইকেইখন ঠাইলৈ যাব

আজি আপোনাক এনে কেইটামান ‘ৰ’ড ট্ৰীপ’ৰ বাবে উপযুক্ত ঠাইৰ বিষয়ে জনাম য’ত আপুনি আপোনাৰ সংগীক পৰ্যাপ্ত সময় দিব পাৰিব আৰু সেই মুহুৰ্তবোৰ স্মৰণীয় কৰি ৰাখিব পাৰিব।

author-image
Asomiya Pratidin
New Update
বিবাহৰ পূৰ্বে সংগীৰ সৈতে এইকেইখন ঠাইলৈ যাব

ডিজিটেল ডেস্ক: যদি আপুনি বিবাহৰ পূৰ্বে আপোনাৰ ভৱিষ্যত সংগীৰ সৈতে ‘ৰ’ড ট্ৰীপ’ৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি ইয়াৰ উপযুক্ত ঠাই বিচাৰি হাবাথুৰি খাব নালাগে।আজি আপোনাক এনে কেইটামান ‘ৰ’ড ট্ৰীপ’ৰ বাবে উপযুক্ত ঠাইৰ বিষয়ে জনাম য’ত আপুনি আপোনাৰ সংগীক পৰ্যাপ্ত সময় দিব পাৰিব আৰু সেই মুহুৰ্তবোৰ স্মৰণীয় কৰি ৰাখিব পাৰিব। 

Advertisment

মুম্বাইৰ পৰা পুনে

যদি আপুনি আপোনাৰ ভৱিষ্যত সংগীৰ সৈতে ভাল সময় অতিবাহিত কৰিব বিচাৰে আৰু আপুনি মুম্বাইত আছে, তেনেহ'লে মুম্বাইৰ পৰা পুনে হৈছে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প। এই গোটেই পথটোয়েই সেউজীয়া গছ-গছনি আৰু পৰ্বত-উপত্যকাই ভৰি আছে।মুম্বাইৰ পৰা পুনেলৈ এই পথটোৰ মুঠ দূৰত্ব ২০০ কিলোমিটাৰ।

গুৱাহাটীৰ পৰা শ্বিলং

শ্বিলং গুৱাহাটীৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰত অৱস্থিত। গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাওঁতে বাটত ডাঙৰ পৰ্বত, বগা য়াক আৰু পাইন গছবোৰে আপোনালোকক স্বাভাৱিকভাৱেই আকৰ্ষিত কৰিব। সেয়েহে সংগীৰ লগত এই ‘ৰ’ড ট্ৰীপ’ নকৰাকৈ নাথাকিব।

জয়পুৰৰ পৰা আজমেৰ

যদি আপুনি দিল্লীত আছে, আপুনি জয়পুৰৰ আজমেৰলৈ ‘ৰ’ড ট্ৰীপ’ কৰিব পাৰে। এই পথটোৰ পৰ্বত দৃশ্য অতি মনোমোহা। এই আকৰ্ষণীয় পথটোত আপুনি আপোনাৰ সংগীৰ সৈতে মনৰ কথা পাতি আৰু স্থানীয় সুস্বাদু খাদ্য খাই ‘ৰ’ড ট্ৰীপ’টো উপভোগ কৰিব পাৰিব।

বাংগালোৰৰ পৰা মহীশূৰ

আপোনাৰ ‘ৰ’ড ট্ৰীপ’ৰ কাৰ্যসূচীত আপুনি বাংগালোৰৰ পৰা মহীশূৰ যাত্ৰাও অন্তৰ্ভূক্ত কৰিব পাৰে। এই পথটো অতিক্ৰম কৰি গৈ থাকোতে অঞ্চলটোৰ মনোৰম বতৰ আৰু সুন্দৰ উপত্যকাবোৰে আপোনাক বাৰুকৈয়ে আকৰ্ষিত কৰিব।

প্ৰিয় সংগীজনৰ লগত এনে পথ ভ্ৰমণত ওলাই গ’লে কেৱল বাহিৰৰ জগতখনেই যে আপোনাক আকৰ্ষিত কৰিব এনে নহয়, এই যাত্ৰাৰ সময়খিনিত আপুনি আপোনাৰ সংগীক বা সংগীয়ে আপোনাক জানিবলৈ এক আচুতীয়া সময় লাভ কৰিব।সেয়েহে বিয়াপ আগতে এনে এটা ‘ৰ’ড ট্ৰীপ’লৈ যাব।

Also Read: মাত্ৰ তিনিটা উপায়ৰে উজ্জ্বল কৰক আপোনাৰ ছাল