প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ এইদৰে লওঁক ছালৰ যতন

বৰ্ধিত বায়ু প্ৰদূষণে মানৱ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।প্ৰদূষণে প্ৰথমে আমাৰ ছালৰ ক্ষতি কৰে। বায়ুমণ্ডলৰ বিষাক্ত পদাৰ্থবোৰেই হৈছে ছালৰ একজিমা, প্ৰদাহ, চ'ৰিয়েচিছৰ দৰে সমস্যাৰ মূল কাৰণ।প্ৰদূষণৰ ফলত কমবয়সতে ছালত বয়সৰ চাপ পৰে।যদি আপুনি ছালক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, তেনেহ'লে বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী।

author-image
Asomiya Pratidin
New Update
প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ এইদৰে লওঁক ছালৰ যতন

ডিজিটেল ডেস্ক: বৰ্ধিত বায়ু প্ৰদূষণে মানৱ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।প্ৰদূষণে প্ৰথমে আমাৰ ছালৰ ক্ষতি কৰে। বায়ুমণ্ডলৰ বিষাক্ত পদাৰ্থবোৰেই হৈছে ছালৰ একজিমা, প্ৰদাহ, চ'ৰিয়েচিছৰ দৰে সমস্যাৰ মূল কাৰণ।প্ৰদূষণৰ ফলত কমবয়সতে ছালত বয়সৰ চাপ পৰে।যদি আপুনি ছালক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, তেনেহ'লে বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী।

Advertisment

ছালত প্ৰদূষণৰ প্ৰভাৱ  

প্ৰদূষণ ছালৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে। বায়ুমণ্ডলত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই ছালত বহুতো সমস্যাৰ সৃষ্টি কৰে। অৱশ্যে, যদি আপুনি ছালৰ যত্নৰ ৰুটিন অনুসৰণ কৰে, তেনেহ'লে আপুনি এই সমস্যা হ্ৰাস কৰিব পাৰে। 

ছালখন হাইড্ৰেটেড ৰাখিব 

যদি আপুনি ছালক বৰ্ধিত প্ৰদূষণ আৰু পৰিৱৰ্তনশীল বতৰৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, তেন্তে  ছালখন সদায়েই হাইড্ৰেটেড ৰাখিব। ইয়াৰ বাবে এক ভাল মানদণ্ডৰ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। ভাল ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাৰ ফলত ছালখন ভিতৰৰ আৰু বাহিৰৰ পৰা ময়েশ্চাৰাইজ আৰু কোমল হৈ থাকে।

ছাল পৰিস্কাৰ কৰিব 

আপোনাৰ ছালৰ লেতেৰা স্তৰবোৰ আঁতৰাবলৈ কোমল আৰু কাৰ্যকৰী ক্লিনজাৰ এটা ব্যৱহাৰ কৰিব।ৰাতিপুৱা আৰু নিশা টোপনি যোৱাৰ আগতে আপোনাৰ ছাল ভালদৰে পৰিস্কাৰ কৰিব।  

এণ্টিঅক্সিডেণ্ট গ্ৰহণ কৰিব 

ছাল স্বাস্থ্যৱান আৰু ধুনীয়া ৰাখিবলৈ এণ্টিঅক্সিডেণ্টসমৃদ্ধ আহাৰ গ্ৰহণ কৰিব।খাদ্যৰ তালিকাত ভিটামিন-চি, ভিটামিন-ই যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব। এণ্টিঅক্সিডেণ্টে ছালক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব। 

ছানস্ক্ৰীণৰ ব্যৱহাৰ

যদি আপুনি ছালক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, তেন্তে দৈনিক ছানস্ক্ৰীণ প্ৰয়োগ কৰিব। বতৰ যিয়েই নহওঁক, ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ নাপাহৰিব। ই ছালক ক্ষতিকাৰক ৰশ্মি আৰু বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব। 

Also Read: এইসমূহ উপায় অৱলম্বন কৰি চকু দুটাক প্ৰদূষণৰ পৰা ৰক্ষা কৰক