সামান্য ভুলৰ বাবে নষ্ট হ’ব পাৰে আপুনি যতনৰে ৰন্ধা খাদ্যৰ সোৱাদ

পাকঘৰত ৰন্ধাটো হৈছে এক কলা।বহু লোক এনে আছে, যিয়ে ৰন্ধাৰ বাবেই দিনটোৰ অধিকাংশ সময় পাকঘৰতে পাৰ কৰে।কিন্তু ইয়াৰ পাছতো কেতবোৰ সৰু ভুলৰ বাবেই খাদ্যৰ সোৱাদ নষ্ট হয় আৰু ৰন্ধাৰ কষ্ট অথলে যায়।

author-image
Asomiya Pratidin
New Update
সামান্য ভুলৰ বাবে নষ্ট হ’ব পাৰে আপুনি যতনৰে ৰন্ধা খাদ্যৰ সোৱাদ

ডিজিটেল ডেস্ক: পাকঘৰত ৰন্ধাটো হৈছে এক কলা।বহু লোক এনে আছে, যিয়ে ৰন্ধাৰ বাবেই দিনটোৰ অধিকাংশ সময় পাকঘৰতে পাৰ কৰে।কিন্তু ইয়াৰ পাছতো কেতবোৰ সৰু ভুলৰ বাবেই খাদ্যৰ সোৱাদ নষ্ট হয় আৰু ৰন্ধাৰ কষ্ট অথলে যায়। কিন্তু, ৰন্ধাৰ সময়ত কেতবোৰ সৰু সৰু কথাত গুৰুত্ব দি আপুনি খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি তথা স্বাস্থ্যসন্মত কৰিব পাৰে। পাকঘৰত থকাৰ সময়ত আপুনি কোনবোৰ দিশত মন দিয়াটো জৰুৰী, আজি জানো আহক-

Advertisment

- খাদ্য ৰান্ধোতে কেতিয়াও অতিৰিক্ত মচলা ব্যৱহাৰ নকৰিব।ই একেবাৰেই অস্বাস্থ্যসন্মত। অতিৰিক্ত মছলাই আপোনাৰ পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।সেয়েহে, খাদ্যত মছলা ব্যৱহাৰ কৰোতে সতৰ্ক হ’ব।

- খাদ্যৰ সোৱাদত নিমখৰ ভাৰসাম্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে, যিকোনো খাদ্য ৰান্ধোতে প্ৰথমতেই নিমখ নিদিব। সদায় খাদ্যত নিমখ কম কমকৈ দি জুইৰ পৰা নমোৱাৰ আগত সোৱাদ পৰীক্ষা কৰিব।

- সদায় সতেজ খাদ্য খাবলৈ চেষ্টা কৰিব। সেয়েহে খাদ্য ৰান্ধোতে পৰিমাণৰ ওপৰত গুৰুত্ব দিব। 

- অত্যাধিক ৰন্ধাৰ ফলত খাদ্য জ্বলিব পাৰে আৰু কম ৰন্ধাটোৱে ইয়াক কেঁচা কৰি ৰাখিব পাৰে। যাৰ বাবে ৰন্ধাৰ সময়ত সঠিক সময় আৰু উষ্ণতাৰ বিষয়ে মন দিব।

- খাদ্য ৰান্ধোতে উপাদানবোৰ ভালদৰে মিহলি কৰিব যাতে মচলাৰ ফ্লেভাৰ খাদ্যত সমানভাৱে বিয়পে।

- ব্যঞ্জনৰ বাবে সদায় সঠিক বাচন ব্যৱহাৰ কৰিব। সকলো বচনত সকলো খাদ্য সঠিকভাৱে ৰন্ধা নহয়।

- কিছুমান ব্যঞ্জন কেৱল ঢাকিহে ৰান্ধিব পাৰি। সেয়েহে, ইয়াৰ বাবে আগতেই এই দিশত মন দিব।

- ৰন্ধাৰ বাবে সঠিক উষ্ণতাৰ যত্ন ল'ব। বেছিকৈ জুই দিলে খাদ্য জ্বলিব পাৰে আৰু কম তাপত খাদ্য কেঁচা হৈ থাকিব পাৰে।

পাকঘৰৰ পৰামৰ্শ

 - খাদ্য ৰন্ধাৰ আগতেই সকলো শাক-পাচলি কাটি সাজু কৰি ল'ব। ই ৰন্ধন প্ৰক্ৰিয়া সহজ কৰি তুলিব।

- পৰাপক্ষত ঘৰতে তৈয়াৰ কৰা মছলা ব্যৱহাৰ কৰিব।ইয়াৰ বাবে গোটা মছলা কিনি আনি 

ঘৰতে পিছি ল’ব।

- ৰেচিপি অনুসৰি সঠিক তেল ব্যৱহাৰ কৰক। উদাহৰণ স্বৰূপে, ভাৰতীয় খাদ্যৰ বাবে সৰিয়হ তেল, বা ঘিউ ব্যৱহাৰ কৰিব।

- সদায় ধৈৰ্য সহকাৰে ৰান্ধিব। খৰখেদাকৈ খাদ্য ৰান্ধিলে সোৱাদ নষ্ট হ’ব পাৰে।

Also Read: মিনিটতে পৰিস্কাৰ কৰক পাকঘৰত ব্যৱহৃত কাপোৰ