পত্নীয়ে বাতিল কৰিছিল বিমানৰ টিকট! বাচিল স্বামীৰ প্ৰাণ...

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। আনফালে দুৰ্ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। এনে পৰিস্থিতিৰ মাজতে বহু ন ন খবৰ

author-image
ডিম্পুল বৰগোহাঁই
আপডেট কৰা হৈছে
New Update
wiff

ডিজিটেল ডেস্কঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। আনফালে দুৰ্ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। এনে পৰিস্থিতিৰ মাজতে বহু ন ন খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে এগৰাকী সৌভাগ্যৱান যাত্ৰীৰ কথা। উক্ত দিনটোত সেই অভিশপ্ত বিমানখনত যাত্ৰা কৰাৰ কথা আছিল গুজৰাটৰ এগৰাকী চিকিতসকৰ।

Advertisment

ওমংগ পেটেল নামৰ চিকিতসক গৰাকী উক্ত দিনটোত লণ্ডনলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু স্বামীৰ স্বাস্থ্য কিছু বেয়া হোৱাৰ বাবে পত্নীয়ে তেওক উক্ত দিনটোত যাবলৈ বাধা দিছিল। তথাপিও স্বামী যাত্ৰা কৰিবলৈ স্থিৰ কৰিছিল যদিও অৱশেষত পত্নীয়ে স্বামীৰ ফোনৰ পৰা বাতিল কৰিছিল উক্ত বিমানখনৰ টিকট।

পত্নীৰ এই কামৰ বাবেই উক্ত দিনটোত প্ৰাণ বাচিল স্বামীৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া এই ঘটনা পোহৰলৈ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, উক্ত দুৰ্ঘটনাত মৃত্যু হোৱা বিমানখনৰ ২৪১গৰাকী যাত্ৰীৰ ভিতৰত ৯০গৰাকী যাত্ৰীৰ মৃতদেহহে এতিয়ালৈকে ডি এন এ টেষ্টৰ জৰিয়তে সম্পন্ন হৈছে।

আহমেদাবাদ