আপুনি মহাদেৱৰ প্ৰিয় হয় নে নহয়, আজি জানি লওঁক

হিন্দু ধৰ্মত সোমবাৰটো মহাদেৱৰ দিন বুলি গণ্য কৰা হয়। এই দিনটোত শুদ্ধ মনৰে মহাদেৱক উপাসনা কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি।অৱশ্যে, এনে কেইটামান ৰাশিচিহ্ন আছে, যি মহাদেৱৰ অতি প্ৰিয়।

author-image
Asomiya Pratidin
New Update
আপুনি মহাদেৱৰ প্ৰিয় হয় নে নহয়, আজি জানি লওঁক

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সোমবাৰটো মহাদেৱৰ দিন বুলি গণ্য কৰা হয়। এই দিনটোত শুদ্ধ মনৰে মহাদেৱক উপাসনা কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি।অৱশ্যে, এনে কেইটামান ৰাশিচিহ্ন আছে, যি মহাদেৱৰ অতি প্ৰিয়। এই ৰাশিৰ লোককসকলৰ প্ৰতি মহাদেৱৰ বিশেষ আৰ্শীবাদ থাকে। এই ৰাশিকেইটা হৈছে- 

Advertisment

বৃশ্চিক ৰাশি 

এই ৰাশিৰ লোকসকল ভগৱান শিৱৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত। এই ৰাশিচক্রৰ লোকসকল প্ৰকৃতিত অতি সাহসী আৰু তেওঁলোকে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে।এই ৰাশিৰ লোকে কোনো ধৰণৰ পৰিস্থিতিৰ প্ৰতি ভয় নকৰে। তেওঁলোক স্বভাৱত অতি আৱেগিক আৰু মানুহক সহায় কৰিবলৈ সদায় সাজু। যাৰ বাবে এই ৰাশিৰ লোক মহাদেৱক অতি প্ৰিয়।

মীন ৰাশি

মীন ৰাশিৰ লোকসকলৰ যথেষ্ট আধ্যাত্মিকতা আৰু সহানুভূতি আছে। এই লোকসকলৰ ঐশ্বৰিক চেতনাৰ গুণাগুণ আছে, যাৰ বাবে তেওঁলোকে মহাদেৱৰ কৃপা লাভ কৰে। এই লোকসকল জীৱনত কেতিয়াও নিৰাশ নহয়। মহাদেৱৰ আশীৰ্বাদত এই লোকসকল সদায় জীৱনত আগবাঢ়ি যায় আৰু সমাজত তেওঁলোকে যথেষ্ট সন্মান লাভ কৰে। 

মকৰ ৰাশি 

এই ৰাশিৰ প্ৰভুক শনি দেৱ বুলি গণ্য কৰা হয়। শনি দেৱে শিৱৰ কৃপাতে ন্যায়ৰ ঈশ্বৰ হৈছে। সেয়েহে, এই ৰাশিচক্রৰ লোকসকলক সদায় মহাদেৱে আশীৰ্বাদ দিয়ে। যদি এই লোকসকলে প্ৰকৃত হৃদয়েৰে শিৱক উপাসনা কৰে, তেন্তে তেওঁলোকে কেতিয়াও জীৱনত বিফলতাৰ সন্মুখীন হ'ব নালাগে। 

মেঘ ৰাশি

মেঘ ৰাশিও শিৱৰ অতি প্ৰিয় ৰাশি। এই ৰাশিৰ লোকসকলৰ প্ৰতি মহাদেৱৰ আশীৰ্বাদ থকাৰ বাবেই তেওঁলোকে প্ৰতিটো কামতে সফলতা লাভ কৰে। এই ৰাশিৰ লোকসকলেও জীৱনত সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও মহাদেৱৰ আশীৰ্বাদত তেওঁলোকে তেওঁলোকৰ জীৱনতো যথেষ্ট অগ্ৰগতি লাভ কৰে।

কুম্ভ 

এই ৰাশিক মহাদেৱৰ প্ৰিয় বুলি গণ্য কৰা হয়। এই ৰাশিচক্রৰ লোকসকলে মহাদেৱক সন্তুষ্ট কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব নালাগে। কুম্ভ ৰাশিৰ লোকসকল মনটো খুব পৰিস্কাৰ আৰু সদায়ে আনৰ ভাল বিচাৰে। যাৰ বাবে, মহাদেৱ কুম্ভ ৰাশিৰ লোকসকলৰ প্ৰতি সদায় দয়ালু। যদি এই লোকসকলে মহাদেৱক শুদ্ধ মনৰে উপাসনা কৰে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰে। 

Also Read: আপোনাৰ বাৰু কি ৰাশি ?