বাৰিষাত এইকেইখন ঠাইলৈ পাৰিলে এবাৰ গৈ আহিব

প্ৰকৃতিৰ প্ৰকৃত সৌন্দৰ্য যেন কেৱল বৰষুণতহে অনুভৱ হয় ! সেয়েহে হয়তো বহুতেই বাৰিষাৰ সময়ত বৰষুণত তিতাৰ অভিজ্ঞতা ল'বলৈ কেতবোৰ বিশেষ ঠাই ভ্ৰমণৰ পৰিকল্পনা কৰে।আমাৰ দেশত কিছুমান এনে আশ্চৰ্যকৰ ঠাই আছে, যিসমূহ বাৰিষাৰ দিনকেইটাত আৰু অধিক ধুনীয়া আৰু ৰোমাঞ্চকৰ হৈ পৰে।

author-image
Asomiya Pratidin
New Update
বাৰিষাত এইকেইখন ঠাইলৈ পাৰিলে এবাৰ গৈ আহিব

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ প্ৰকৃত সৌন্দৰ্য যেন কেৱল বৰষুণতহে অনুভৱ হয় ! সেয়েহে হয়তো বহুতেই বাৰিষাৰ সময়ত বৰষুণত তিতাৰ অভিজ্ঞতা ল'বলৈ কেতবোৰ বিশেষ ঠাই ভ্ৰমণৰ পৰিকল্পনা কৰে।আমাৰ দেশত কিছুমান এনে আশ্চৰ্যকৰ ঠাই আছে, যিসমূহ বাৰিষাৰ দিনকেইটাত আৰু অধিক ধুনীয়া আৰু ৰোমাঞ্চকৰ হৈ পৰে। আজি এই বিশেষ ঠাইকেইখনৰ বিষয়ে জানো আহক-

Advertisment

ভেলী অফ ফ্লাৱাৰ্ছ, উত্তৰাখণ্ড 

এই ফুলৰ উপত্যকাটোক মানৱজাতিক প্ৰকৃতিয়ে দিয়া উপহাৰ বুলি কোৱা হয়। উত্তৰাখণ্ডৰ চামোলী জিলাত থকা এই ৰাষ্ট্ৰীয় উদ্যানখন ৫০০শতকৈও অধিক প্ৰজাতিৰ ফুলেৰে সজ্জিত হৈ আছে। যাৰ বাবে এই অঞ্চলটো উদ্যানবিশেষজ্ঞ তথা ফুল প্ৰেমীসকলৰ বাবে এক অন্যতম পছন্দৰ স্থান হৈ পৰিছে।বিশেষকৈ বাৰিষাৰ সময়ত ইয়াত থকা ফুলবোৰ ফুলাৰ বাবে উদ্যানখন এক অনন্য সৌন্দৰ্যৰ অধিকাৰী হৈ পৰে।  

কোডাইকানাল, তামিলনাডু

বৰষুণত ভ্ৰমণৰ বাবে অন্যতম সৰ্বশ্ৰেষ্ঠ ঠাই হৈছে কোডাইকানাল। তামিলনাডুত অৱস্থিত এই চহৰখন প্ৰকৃতিক সৌন্দৰ্যৰে ভৰপুৰ হৈ আছে। ইয়াত থকা বিশাল শিল, শান্ত হ্ৰদ, ফলৰ বাগিচা আৰু সেউজীয়া দৃশ্যই ইয়াৰ সৌন্দৰ্যৰ কাহিনী বৰ্ণনা কৰে। তদুপৰি, ইউকেলিপ্টাছ আৰু পাইন অৰণ্যৰ পৰা অহা পৰিস্কাৰ বায়ুয়ে বায়ুমণ্ডলক সুগন্ধিময় কৰি ৰাখে।

গেংটক, ছিকিম

বৰষুণৰ বতৰত ছিকিমৰ ৰাজধানী গেংটক আৰু অধিক সেউজীয়া আৰু ধুনীয়া হৈ পৰে।ইয়াৰ প্ৰাচীন মন্দিৰ, প্ৰাসাদ আৰু মঠবোৰে আপোনাৰ মন ভৰাই তুলিব। যদি আপুনি গেংটক সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ বিচাৰে, তেন্তে গেংটকত খোজকাঢ়ি ভ্ৰমণ কৰিব। ইয়াৰ পৰা কাঞ্চনজংঘাক খুব আকৰ্ষণীয় ৰূপত দেখা যায়। এনে লাগে যেন এই পৰ্বতটো আকাশৰ কাষত আছে আৰু প্ৰতি মুহূৰ্তত ইয়াৰ ৰং সলনি হৈ আছে।

শ্বিলং, মেঘালয়

মেঘালয়ৰ শ্বিলং ইয়াৰ পৰিৱেশ, মনোমোহা দৃশ্যৰ বাবে বিখ্যাত। এই চহৰখন বাৰিষাৰ সময়ত আৰু অধিক ধুনীয়া হৈ পৰে। ইয়াৰ জলপ্ৰপাতবোৰ উপভোগৰ বাবে এই সময়ছোৱাই সৰ্বশ্ৰেষ্ঠ।তদুপৰি, এছিয়াৰ আটাইতকৈ চাফা গাওঁ মৌলিংনং আৰু আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌছিনৰাম মেঘালয়তে অৱস্থিত।এই ঠাইবোৰো গৰমৰ দিনকেইটাত উপভোগ্য হৈ পৰে।

লেণ্ডৌৰ, উত্তৰাখণ্ড 

জুলাইত লেণ্ডৌৰ ভ্ৰমণ কৰি আপুনি ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। উত্তৰাখণ্ডৰ এই সৰু চহৰখন এই সময়ছোৱাত সেউজীয়া আৰু ধুনীয়া হৈ পৰে।বৰষুণৰ বতৰত লেণ্ডৌ ভ্ৰমণৰ পৰিকল্পনা কৰিলে আপুনি উত্তৰাখণ্ডৰ আৰু বহু ঠাইৰো সৌন্দৰ্য লগতে উপভোগ কৰি আহিব পাৰিব।

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক