৬৫ বছৰে ছুটি নোলোৱাকৈ একেটা প্ৰতিষ্ঠানতে কাম কৰি গঢ়িলে বিশ্ব অভিলেখ

জীৱনটোত অবিৰামভাৱে কাম কৰি বিশ্ববাসীৰ আদৰ্শ হৈ পৰিছে এগৰাকী বিশেষ মহিলা।এই মহিলাগৰাকীৰ জীৱনত বিশ্ৰাম আৰু অৱসৰৰ কোনো স্থান নাই। ৬৫ বছৰ ধৰি একেলগে চাকৰি কৰি এতিয়া ৮৬ বছৰ বয়সত ভৰি দিলে এইগৰাকী মহিলাই। তেওঁৰ নাম বেটে নেছ। পেছাত তেওঁ এগৰাকী এয়াৰ হোষ্টেছ। শেহতীয়াকৈ বেটে নেছৰ নাম সন্নিবিষ্ট হৈছে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডছত।

author-image
Asomiya Pratidin
New Update
৬৫ বছৰে ছুটি নোলোৱাকৈ একেটা প্ৰতিষ্ঠানতে কাম কৰি গঢ়িলে বিশ্ব অভিলেখ

ডিজিটেল ডেস্ক: জীৱনটোত অবিৰামভাৱে কাম কৰি বিশ্ববাসীৰ আদৰ্শ হৈ পৰিছে  এগৰাকী বিশেষ মহিলা।এই মহিলাগৰাকীৰ জীৱনত বিশ্ৰাম আৰু অৱসৰৰ কোনো স্থান নাই। ৬৫ বছৰ ধৰি একেলগে চাকৰি কৰি এতিয়া ৮৬ বছৰ বয়সত ভৰি দিলে এইগৰাকী মহিলাই। তেওঁৰ নাম বেটে নেছ। পেছাত তেওঁ এগৰাকী এয়াৰ হোষ্টেছ। শেহতীয়াকৈ বেটে নেছৰ নাম সন্নিবিষ্ট হৈছে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডছত।

Advertisment

বষ্টনত বাস কৰা বেটে ৬৫ বছৰ ধৰি একেৰাহে চাকৰি কৰাৰ অভিলেখ গঢ়িছে।১৯৫৭ চনত এয়াৰ হোষ্টেছ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বেটে সম্প্ৰতি আমেৰিকান এয়াৰলাইনছত কৰ্মৰত। বেটে নেশ্ব আমেৰিকান এয়াৰলাইনছৰ কৰ্মচাৰীসকলৰ অতি প্ৰিয়।বিশেষকৈ শালীন আচৰণৰ বাবে তেওঁ জনাজাত। যাত্ৰীসকলৰ মতে, বিমানত নেছ থাকিলে তেওঁলোকৰ হেনো যাত্ৰা ভাল হয়।আনহাতে, নেছে তেওঁৰ জীৱনত আন চাকৰিৰ সুযোগ লাভ কৰিছিল যদিও কোনোদিনে তাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল। ইয়াৰ প্ৰধান কাৰণ আছিল দুটা। প্ৰথমটো হৈছে তেওঁ এই কামৰ প্ৰতি খুবেই আগ্ৰহী। আনটো হৈছে তেওঁৰ পুত্ৰ।হয়, বেটেৰ পুত্ৰ বিকলাংগ।যাৰ বাবে বেটে তেওঁক সময় দিব লাগে।আন চাকৰিত তেওঁ পৰ্যাপ্ত সময় লাভ নকৰিব বুলি বিশ্বাস কৰে।

উল্লেখ্য যে, বেটে নেছ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি এয়াৰ হোষ্টেছ।তেওঁ ৬৫ বছৰ ধৰি এটা কোম্পানীতে কাম কৰি থকাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।আনহাতে, যেতিয়ালৈকে স্বাস্থ্যৱান হৈ থাকে, তেতিয়ালৈকে কাম কৰি যাব বুলিও সকলোকে প্ৰকাশ কৰে  বেটে নেছে।

Also Read: পৰম্পৰা ! মৃত্যু পৰ্যন্তলৈ চুলি নাকাটে এইজন বিশেষ কিশোৰে