/asomiyapratidin/media/media_files/2025/07/23/web-ap-2-2025-07-23-15-42-16.jpg)
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মালম্বী লোকসকলৰ উপাস্য দেৱতা ভগৱান শিৱ। বিশ্বাস মতে, ভগৱান শিৱ খুব সোনকালে ভক্তৰ প্ৰতি সন্তুষ্ট হয়। যাৰ বাবে ভক্তসকলে শিৱক উপাসনা কৰি তেওঁলোকৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ বাবে আৰ্শীবাদ বিচাৰে। বিশেষকৈ সোমবাৰ আৰু শাওন মাহটো ভগৱান শিৱৰ নামত উৎসৰ্গা কৰা হয়। শাওন মাহত সকলো ভক্ত শিৱ মন্দিৰলৈ গৈ ভগৱান শিৱৰ পূজা-অৰ্চনা কৰে। সমগ্ৰ দেশতে বহু শিৱ মন্দিৰ আছে, য’ত ভক্তসকলৰ সমাগম হয়। কিন্তু আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?
ক'ত আছে পৃথিৱীৰ সৰ্বোচ্চ শিৱ মন্দিৰ ?
পৃথিৱীৰ আটাইতকৈ ওখ এই শিৱ মন্দিৰটো উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত। হয়, এই মন্দিৰটো তুংনাথ মন্দিৰ বুলি জনাজাত। বিশ্বাস মতে, এই মন্দিৰটো পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল। তুংনাথ পৰ্বতত অৱস্থিত এই মন্দিৰৰ উচ্চতা ৩৬৪০ মিটাৰ। তুংনাথ মন্দিৰ পঞ্চকেদাৰ (তুংনাথ, কেদাৰনাথ, মধ্য মহেশ্বৰ, ৰুদ্ৰনাথ আৰু কল্পেশ্বৰ)ৰ সৰ্বোচ্চ উচ্চতাত অৱস্থিত। এইটোও বিশ্বাস কৰা হয় যে শিৱ এই ঠাইত ভুজা ৰূপত উপস্থিত আছে। যাৰ বাবে এই মন্দিৰত শিৱৰ দুবাহুক উপাসনা কৰা হয়।
তুংনাথ মন্দিৰৰ বিষয়ে এক বিশেষ কিংবদন্তি আছে। সেই মতে, এই মন্দিৰটো পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল। যেতিয়া মহাভাৰতৰ যুদ্ধত গণহত্যাৰ বাবে শিৱৰ পাণ্ডৱসকলৰ ওপৰত খং উঠিছিল, তেতিয়া পাণ্ডৱসকলে তেওঁক সন্তুষ্ট কৰিবলৈ এই মন্দিৰটো নিৰ্মাণ কৰিছিল। কোৱা হয় যে মা পাৰ্বতীয়ে শিৱক তেওঁৰ স্বামী হিচাপে পাবলৈ তুংনাথৰ ওচৰত তপস্যা কৰিছিল। আনহাতে, চন্দ্ৰশিলা মন্দিৰৰ দৰ্শন অবিহনে তুংনাথ মন্দিৰ ভ্ৰমণ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। চন্দ্ৰশিলা মন্দিৰটো এই মন্দিৰৰ পৰা অলপ দূৰত্বত আছে। ইয়াত ৰাৱণ শিলা আছে, যাক 'স্পীকিং মাউণ্টেইন' বুলি জনা যায়। এই পৰ্বতটোৰ বিষয়ে এটা বিশ্বাস আছে যে, ৰাৱণক হত্যা কৰাৰ পিছত ৰামে নিজকে খুব দোষী অনুভৱ কৰিছিল, কিয়নো ৰাৱণ এজন মহান পণ্ডিত আৰু শিৱৰ ভক্ত আছিল। ইয়াতেই ৰামে ৰাৱণক হত্যা কৰাৰ পাপৰ পৰা মুক্তি বিচাৰি শিৱক উপাসনা কৰিছিল।
বৰফ, মখমল ঘাঁহ, ৰঙীন ফুল আৰু ডাৱৰৰ কুঁৱলীৰে আৱৰি থকা তুংনাথ মন্দিৰৰ এই এলেকাটোৱে আপোনাক যথেষ্ট আকৰ্ষিত কৰিব। জানুৱাৰী-ফেব্ৰুৱাৰীত ইয়াত কেৱল বৰফৰ দলিছা দেখা যায়। সেইকাৰণেই এই ঠাইখনক 'মিনি চুইজাৰলেণ্ড' বুলিও কোৱা হয়। উত্তৰাখণ্ডৰ তুংনাথ মন্দিৰ মহাদেৱ আৰু পাৰ্বতীৰ বাবে উৎসৰ্গিত। মন্দিৰটো অষ্টদশ শতিকাত সন্ত শংকৰাচাৰ্যই আৱিষ্কাৰ কৰিছিল বুলিও প্ৰবাদ আছে।