/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/9xw9xz46/WhatsApp Image 2024-08-12 at 2.01.03 PM (1).jpeg)
পোহৰলৈ আহিল ‘বিশেষ’ গাড়ীখনৰ প্ৰকৃত সত্য
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এখন বিশেষ গাড়ীৰ ফটো ভাইৰেল হৈছে। এই গাড়ীখনক ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে ইতিমধ্যে ‘গৰ্ভৱতী গাড়ী’ বুলি অভিহিত কৰিছে। কিন্তু এই গাড়ীখন দেখিবলৈ কিয় আচহুৱা, তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।
ভাইৰেল ফটো, ভিডিঅ'ত দেখা পোৱা মতে, গাড়ীখনৰ সন্মুখভাৱ বেলুনৰ দৰে ফুলি উঠা।যাৰ বাবে হয়তো প্ৰত্যক্ষদৰ্শীয়ে গাড়ীখনক 'গৰ্ভৱতী গাড়ী' বুলি নামকৰণ কৰিছে।প্ৰকৃততে এই ফটোখন চীন দেশৰ।চীনৰ এটা ৱেবছাইটে শেহতীয়াকৈ এই গাড়ীখনৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিছে।বেৱছাইটটোৰ মতে, দেশখনৰ বৰ্ধিত তাপমাত্ৰাৰ বাবেই গাড়ীখনৰ সন্মুখভাগটো এইদৰে ফুলি উঠিছে। উচ্চ তাপমাত্ৰাৰ ফলত ভিনাইল ৰেপবোৰ প্ৰসাৰিত হৈ পৰে। এই ৰেপবোৰত ইউভি সুৰক্ষা স্তৰ থাকে, যিয়ে এই সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে।কিন্তু তাপমাত্ৰা ইমানেই বৃদ্ধি হয় যে, সুৰক্ষা স্তৰেও কাম নিদিয়ে।
ছ'চিয়েল মেডিয়াত গাড়ীখন ভাইৰেল হোৱাৰ পাছতেই অগনন লোকে গাড়ীখনৰ ৰহস্য ভেদৰ বাবে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।বহুতেই অৱশ্যে গাড়ীখনৰ বিসংগতিৰ বাবে এনে হোৱা বুলি অনুমান কৰিছে।
Also Read: যদি আপুনি কিনিবলৈ বিচাৰে, তেন্তে দিব লাগিব ৪০ কোটি টকা