যদি আপুনি কিনিবলৈ বিচাৰে, তেন্তে দিব লাগিব ৪০ কোটি টকা

কংগনা ৰণাৱট, নামেই যাৰ পৰিচয় । অদমনীয় অভিনয় দক্ষতা তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়ে চৰ্চাত থাকে বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী। শেহতীয়াকৈ লোকসভাৰ সাংসদ হিচাপেও গঢ়িলে তেওঁৰ আন এক পৰিচয়।পিছে এইবাৰ আন এক বিষয়ক লৈহে তেওঁৰ নাম চৰ্চালৈ আহিছে।

author-image
Asomiya Pratidin
New Update
যদি আপুনি কিনিবলৈ বিচাৰে, তেন্তে দিব লাগিব ৪০ কোটি টকা

ডিজিটেল ডেস্ক: কংগনা ৰণাৱট, নামেই যাৰ পৰিচয় । অদমনীয় অভিনয় দক্ষতা তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়ে চৰ্চাত থাকে বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী। শেহতীয়াকৈ লোকসভাৰ সাংসদ হিচাপেও গঢ়িলে তেওঁৰ আন এক পৰিচয়।পিছে এইবাৰ আন এক বিষয়ক লৈহে তেওঁৰ নাম চৰ্চালৈ আহিছে।হয়, কংগনাই হেনো বিক্ৰী কৰিব তেওঁৰ মুম্বাইস্থিত বিশাল বাংলোটো।

Advertisment

প্ৰকৃততে, 'ক'ড ইষ্টে'ট য়ে তেওঁলোকৰ ইউটিউব চেনেলত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত কংগনাৰ এই বিলাসী সম্পত্তিৰ বিষয়ে উল্লেখ কৰা হৈছে। সেই অনুসৰি, এই বাংলাটোৰ বিক্ৰীৰ বাবে নিৰ্ধাৰিত মূল্য হৈছে ৪০কোটি। বাংলোটো ২৮৫ বৰ্গ মিটাৰ আকাৰৰ প্লট আৰু ৩০৪২ বৰ্গ ফুটৰ বিল্ডআপ এলেকাত আছে। ‘গ্ৰাউণ্ড প্লাছ টু’ এই বাংলটোৰ ৫০০ বৰ্গফুট পাৰ্কিং স্থানও প্ৰদান কৰে। বাংলটোৰ তিনিমহলাত থকা মুকলি ঠাই তথা বিলাসী ডিজাইনো খুব আকৰ্ষণীয়। 

উল্লেখ্য যে, কংগনাৰ এই বিলাসী বাংলোটো মুম্বাইৰ পালি হিলত অৱস্থিত।অবৈধ নিৰ্মাণৰ বাবে ২০২০ত মুম্বাই পৌৰ নিগম (বিএমচি)য়ে এই বাংলটোৰ এটা অংশ ভাঙি পেলাইছিল।শবনম গুপ্তাৰ দ্বাৰা ডিজাইন কৰা এই বাংলোটো কংগনা ৰাণাৱটৰ মণিকৰ্ণিকা ফিল্মছৰ কাৰ্যালয়ৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে এটা ষ্টুডিঅ', এটা আলোচনা তথা সভা কক্ষ। দ্বিতীয় মহলাত এটা ডাঙৰ হল আছে য'ত বহাৰ ঠাইৰ লগতে বাথৰুমত শ্বাৱাৰ, ৱাৰ্ডৰোব আৰু ড্ৰেছিং ৰুম অন্তৰ্ভুক্ত থাকে।তেওঁৰ বাংলোৰ আচবাববোৰো চালে চকুৰোৱা।

Also Read: আলিয়া-ৰণবীৰৰ কন্যাৰ আচৰণত মুগ্ধ সকলো