ডিজিটেল ডেস্ক: যিকোনো চখ পূৰণ হ’লে ফূৰ্তি লগা বা ফূৰ্তি কৰাটো একেবাৰে স্বাভাৱিক।কিন্তু এই চখ পূৰণৰ প্ৰক্ৰিয়া যেতিয়া আজৱ হয়, তেতিয়া সেয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰে। এনে চখৰ বাবেই শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন চাহ বিক্ৰেতা।
প্ৰকৃততে মুৰাৰী লাল কুশৱাহা নামৰ মধ্যপ্ৰদেশৰ এজন চাহ বিক্ৰেতাই তেওঁৰ বহুদিনীয়া সপোন পূৰণ কৰি এখন স্কুটী ক্ৰয় কৰে। স্কুটীখন ক্ৰয় কৰিয়েই তেওঁ পৰিয়াল তথা বন্ধু-বান্ধৱীক পাৰ্টী দিয়াৰ মন মেলে। কিন্তু মুৰাৰীৰ এই পাৰ্টীৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব।হয়, তেওঁ এই পাৰ্টীত ডি জেৰ নামত খৰচ কৰে ৬০ হাজাৰ টকা। তদুপৰি, এই পাৰ্টীৰ বাবে তেওঁ এখন জেচিবি ভাড়া কৰে। জেচিবি খনত স্কুটীখন উঠাই তেওঁ সকলোকে দেখুৱাবলৈ এক শোভাযাত্ৰা উলিয়ায়। এই পাৰ্টীৰ ফটো-ভিডিঅ’ ছ’চিয়েল মেডিয়াত প’ষ্ট হোৱাৰ পাছতে চৌদিশে ভাইৰেল হৈ পৰে। ভাইৰেল প'ষ্টত অগনন ব্যক্তিয়ে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰে।
উল্লেখ্য যে, মুৰাৰী লালে স্কুটীখনৰ ‘ডাউন পেমেণ্ট’ কৰিছিল ২০ হাজাৰ টকা আৰু বাকী তেওঁ ‘ইএমআই’ৰ জৰিয়তে পৰিশোধৰ চুক্তি কৰিছিল।কিন্তু পাৰ্টীৰ নামত ‘ডাউন পেমেণ্ট’ৰ তিনিগুণ খৰচ কৰাৰ বিষয়টোয়ে সকলোৰে মাজত বেচ চৰ্চা লাভ কৰিছে।
এই সন্দৰ্ভত মুৰাৰী লালে প্ৰকাশ কৰা মতে, ‘সন্তানক সুখী কৰিবলৈ মই এনেদৰে স্কুটী ক্ৰয় কৰাৰ পাৰ্টী দিলো। প্ৰতিটো উদযাপন মোৰ ল'ৰা-ছোৱালীৰ বাবে আনন্দ কঢ়িয়াই অনাৰ এক উপায়।’ মুৰাৰী লাল প্ৰিয়ংকা নামৰ এগৰাকী কন্যা, ৰাম আৰু শ্যাম নামৰ দুটা পুত্ৰৰ পিতৃ।