মাইগ্ৰেণৰ কাৰণ, প্ৰতিৰোধৰ বিষয়ে জানি লৈ সাৱধান হওঁক

আজিকালি বহু সংখ্যক লোকেই মাইগ্ৰেইনৰ সমস্যাত ভূগি আছে। মাইগ্ৰেণ হ'লে মূৰৰ এটা অংশত যথেষ্ট বিষ হয় আৰু সেই অংশটো হৃদযন্ত্ৰৰ দৰে অতি দ্ৰুতগতিত স্পন্দন কৰে। মাইগ্ৰেইনত ভুগিলে পোহৰ চাবলৈ মন নোযাৱাৰ লগতে চকু মেলাটোও কঠিন হৈ পৰে।তদুপৰি, তীব্ৰ মূৰৰ বিষ, বমি, ডাঙৰ শব্দ সহ্য কৰিব নোৱাৰাৰ দৰে লক্ষণেও দেখা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, পুৰুষতকৈ মহিলাৰ মাইগ্ৰেইনৰ সমস্যা বেছি হয়।

author-image
Asomiya Pratidin
New Update
মাইগ্ৰেণৰ কাৰণ, প্ৰতিৰোধৰ বিষয়ে জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: আজিকালি বহু সংখ্যক লোকেই মাইগ্ৰেইনৰ সমস্যাত ভূগি আছে। মাইগ্ৰেণ হ'লে মূৰৰ এটা অংশত যথেষ্ট বিষ হয় আৰু সেই অংশটো হৃদযন্ত্ৰৰ দৰে অতি দ্ৰুতগতিত স্পন্দন কৰে। মাইগ্ৰেইনত ভুগিলে পোহৰ চাবলৈ মন নোযাৱাৰ লগতে চকু মেলাটোও কঠিন হৈ পৰে।তদুপৰি, তীব্ৰ মূৰৰ বিষ, বমি, ডাঙৰ শব্দ সহ্য কৰিব নোৱাৰাৰ দৰে লক্ষণেও দেখা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, পুৰুষতকৈ মহিলাৰ মাইগ্ৰেইনৰ সমস্যা বেছি হয়। মহিলাৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ সমস্যা কিয় অধিক হয়, আজি সেই বিষয়ে জানো আহক- 

Advertisment

শেহতীয়া এক গৱেষণা অনুসৰি, জনসংখ্যাৰ প্ৰায় ১৫% লোকেই মাইগ্ৰেণৰ সমস্যাত ভূগি আছে । মাইগ্ৰেইন হৈছে এক আনুবংশিক সমস্যা। এই বিষ মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত অধিক হ'ব পাৰে।আনহাতে, মহিলাসকল পুৰুষতকৈ তিনিগুণ বেছিকৈ মাইগ্ৰেণত আক্ৰান্ত হয়। 

কেনে মহিলাৰ এই সমস্যা বেছিকৈ হয় ? 

শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ ফলত মাইগ্ৰেণ হয়। যিসকল মহিলাই হৰ্মনেল পিল গ্ৰহণ কৰে বা হৰ্মনেল গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰে তেওঁলোকৰ মাইগ্ৰেইনৰ আশংকা অধিক হয়। মাইগ্ৰেইন হৈছে শৰীৰত এষ্ট্ৰোজেন নামৰ হৰমন বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ। বিশ্বব্যাপী, ১৮ ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ সমস্যা হয়।

মাইগ্ৰেইনৰ কাৰণ 

মহিলাৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ বহুতো কাৰণ থাকিব পাৰে ।যেনে -

. অস্বাস্থ্যকৰ জীৱনশৈলী।

. দুৰ্বল খাদ্যাভ্যাস।

.  ধূমপান ।

. ব্যায়াম নকৰা।

. এষ্ট্ৰোজেনৰ অভাৱ ।

মাইগ্ৰেইন কেনেদৰে প্ৰতিৰোধ কৰিব ? 

. মাইগ্ৰেইনৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক। 

. ফাষ্ট ফুড তথা তেলেতীয়া খাদ্যৰ পৰা আঁতৰি থাকিব। 

. অত্যাধিক পোহৰত নাথাকিব।

. ডাঙৰকৈ গান নুশুনিব। 

. কমেও ৭-৮ ঘণ্টাসম্পূৰ্ণ টোপনি যাব। 

. দৈনিক ব্যায়াম আৰু যোগ কৰিব। 

Also Read: সাৱধান ! তলপেটৰ বিষ বহু গুৰুতৰ ৰোগৰ কাৰণ