এয়াই হয়তো ছুইগীৰ প্ৰকৃত গ্ৰাহক ! ইডলীৰ নামত এজনে ব্যয় কৰিলে ৬ লাখ

এয়াই হয়তো ছুইগীৰ প্ৰকৃত গ্ৰাহক ! ইডলীৰ নামত এজনে ব্যয় কৰিলে ৬ লাখ

ডিজিটেল ডেস্ক: বছৰটোৰ সমাপ্ত হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।এই সময়তে বহু বেণ্ডে তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদন তথা যিকোনো ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰা সকলৰ বিষয়েও ৰাজহুৱা কৰিছে।খাদ্য বিতৰণকাৰী সংস্থা ছুইগীয়েও বাৰ্ষিক খাদ্য বিতৰণ প্ৰতিবেদন শেহতীয়াকৈ উন্মোচন কৰিছে আৰু ইয়াৰ পাছতেই সমূহ দেশবাসীৰ চকু কপালত উঠিছে।

এই প্ৰতিবেদনত প্ৰকাশিত আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে, মুম্বাইৰ এজন গ্ৰাহকে বছৰটোত অৰ্ডাৰ কৰিছে মুঠ ৪২.৩ লাখ টকাৰ খাদ্য।হয়, ছুইগীয়ে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰা মতে, ‘মুম্বাইৰ এজন ছুইগী ব্যৱহাৰকাৰী, যিজনে ২০২৩ত ৪২.৩ লাখ মূল্যৰ খাদ্য অৰ্ডাৰ কৰিছে। কেৱল এয়াই নহয়, হায়দৰাবাদৰ আন এজন ব্যক্তিয়ে ইডলীৰ নামত ব্যয় কৰিছে ৬ লাখ টকা। প্ৰতিবেদনত লগতে প্ৰকাশ কৰা মতে, ‘এই বছৰটোত আটাইতকৈ ডাঙৰ পাৰ্টিৰ অৰ্ডাৰ ঝান্সিৰ পৰা আহিছিল, য’ত ২৬৯ টা সামগ্ৰীৰ অৰ্ডাৰ দিয়া হৈছিল। ভুৱনেশ্বৰৰ আন এজন ব্যক্তিয়ে এদিনতে আটাইতকৈ বেছি পিজ্জাৰ অৰ্ডাৰ দিছিল। গ্ৰাহকে ২০৭ টা পিজ্জা এদিনতে অৰ্ডাৰ কৰিছিল।’

আনহাতে, দুৰ্গা পূজাৰ সময়ত সমগ্ৰ ভাৰতবাসীয়ে ৭.৭ নিযুতৰো অধিক গুলাব জামুনৰ অৰ্ডাৰ দিছিল। নৱৰাত্ৰিৰ ন দিনত গ্ৰাহকসকলে সকলোতকৈ বেছি মচলা দোছা অৰ্ডাৰ কৰিছিল।

ইফালে, ছুইগীয়ে বাংগালুৰুক 'কেক কেপিটেল' বুলি নামাকৰণ কৰিছে। ইয়াত বছৰটোত চকলেট কেকৰ ৮.৫ নিযুত অৰ্ডাৰ লাভ কৰে ছুইগীয়ে। ভেলেণ্টাইন ডে’ত গ্ৰাহকে প্ৰতি মিনিটত ২৭১ টা কেকৰ অৰ্ডাৰ দিছিল।

বিৰিয়ানীয়ে ভাৰতত অতুলনীয় আধিপত্য বজাই ৰাখে। ২০২৩ চনত ৰাষ্ট্ৰখনে প্ৰতি ছেকেণ্ডত ২.৫ নিযুত বিৰিয়ানি অৰ্ডাৰ দিয়ে।হায়দৰাবাদৰ এজন গ্ৰাহকে বছৰটোত ১৬৩৩ বাৰ বিৰিয়ানী অৰ্ডাৰ দিছে। উল্লেখ্য যে, অক্টোবৰত ভাৰত-পাকিস্তান বিশ্বকাপৰ উত্তেজনাপূৰ্ণ খেলৰ সময়ত চণ্ডীগড়ৰ এটা বিৰিয়ানী প্ৰেমী পৰিয়ালে একেলগে ৭০ প্লেট অৰ্ডাৰ দিয়ে। এই খেলখনৰ সময়ত ছুইগীয়ে প্ৰতি মিনিটত ২৫০ ৰো অধিক বিৰিয়ানী অৰ্ডাৰ লাভ কৰিছিল।

এয়াই হয়তো ছুইগীৰ প্ৰকৃত গ্ৰাহক ! ইডলীৰ নামত এজনে ব্যয় কৰিলে ৬ লাখ
ৰেষ্টুৰেণ্টৰ খাদ্য অৰ্ডাৰ কৰি খাওঁতে সাৱধান হ’ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in