ৰেষ্টুৰেণ্টৰ খাদ্য অৰ্ডাৰ কৰি খাওঁতে সাৱধান হ’ব

অধিক মুনাফা লাভৰ লোভত এতিয়া বহু ৰেষ্টুৰেণ্টতে খাদ্যৰ মানদণ্ড একেবাৰে নিম্নমানৰ হৈছে। এখন ৰেষ্টুৰেণ্টৰ ৰান্ধনি অথবা কৰ্মচাৰীৰ কিমান অমনযোগ হ’লে গ্ৰাহকৰ খাদ্যৰ প্লেটত জীৱন্ত শামুক ওলাব পাৰে ? হয়, শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
ৰেষ্টুৰেণ্টৰ খাদ্য অৰ্ডাৰ কৰি খাওঁতে সাৱধান হ’ব

ডিজিটেল ডেস্ক: অধিক মুনাফা লাভৰ লোভত এতিয়া বহু ৰেষ্টুৰেণ্টতে খাদ্যৰ মানদণ্ড একেবাৰে নিম্নমানৰ হৈছে। এখন ৰেষ্টুৰেণ্টৰ ৰান্ধনি অথবা কৰ্মচাৰীৰ কিমান অমনযোগ হ’লে গ্ৰাহকৰ খাদ্যৰ প্লেটত জীৱন্ত শামুক ওলাব পাৰে ? হয়, শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে।

Advertisment

শেহতীয়াকৈ এজন ব্যক্তিয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।য'ত তেওঁৰ খাদ্যৰ প্লেটখনত এটা জীৱন্ত শামুকে গতি কৰি থকা দেখিবলৈ পোৱা গৈছে।ক্ষন্তেকতে ভাইৰেল হোৱা এই ভিডিঅ'টোৱে সকলোকে চিন্তাত পেলাইছে। প্ৰকৃততে, ধৱল সিং নামৰ বাংগালুৰুৰ এজনে গ্ৰাহকে ছুইগীৰ পৰা এক প্লেট চালাড অৰ্ডাৰ কৰিছিল। এই চালাডৰ অৰ্ডাৰটো এটা 'টপিং'ৰ সৈতে আহিছিল। য'ত এটা শামুক জীৱন্ত অৱস্থাত আছিল।ব্যক্তিজনে লগতে লেখিছে যে, বাংগালুৰুৰ ৰেষ্টুৰেণ্ট LeonGrill পৰা কোনেও একো খাদ্য অৰ্ডাৰ নিদিব ! বাহিৰত খাদ্য গ্ৰহণ কৰোতে সকলো সাৱধান হ’ব।গ্ৰাহকজনে খাদ্য বিতৰণকাৰী সংস্থা ছুইগীকো এই সন্দৰ্ভত পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। 

আনহাতে, ছুইগীয়ে ভোক্তভোগী ব্যক্তিজনৰ পষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক 'ভয়ানক' ঘটনা বুলিও অভিহিত কৰে। অৱশ্যে, ব্যক্তিজনৰ এই খাদ্যৰ মূল্য ঘুৰাই দিয়ে ছুইগীয়ে। উল্লেখ্য যে, ভিডিঅ'টোত চালাডেৰে ভৰ্তি এটা বাতি দেখা গৈছে।য’ত বিভিন্ন শাক-পাচলিৰ ওপৰত এটা সৰু শামুক চলাচল কৰি আছে।

Also Read: আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল’লে মহিলাই