স্পষ্ট কৰিলে সোণাক্ষী সিংহাৰ স্বামী জাহিৰ ইকবালৰ পিতৃয়ে

বলীউডত এতিয়া বিয়াৰ বতৰ। ইখনৰ পিছত সিখন হাইপ্ৰফাইল বিয়াই গৰম কৰি ৰাখিছে মায়া নগৰী মুম্বাই। শেহতীয়াকৈ খুব ধুম ধামৰে সম্পন্ন হৈ যায় অভিনেত্ৰী সোনাক্ষী সিনহা আৰু অভিনেতা জাহিৰ ইকবালৰ বহুচৰ্চিত বিয়াখন।

author-image
Asomiya Pratidin
New Update
স্পষ্ট কৰিলে সোণাক্ষী সিংহাৰ স্বামী জাহিৰ ইকবালৰ পিতৃয়ে

ডিজিটেল ডেস্ক: বলীউডত এতিয়া বিয়াৰ বতৰ। ইখনৰ পিছত সিখন হাইপ্ৰফাইল বিয়াই গৰম কৰি ৰাখিছে মায়া নগৰী মুম্বাই। শেহতীয়াকৈ খুব ধুম ধামৰে সম্পন্ন হৈ যায় অভিনেত্ৰী সোনাক্ষী সিনহা আৰু অভিনেতা জাহিৰ ইকবালৰ বহুচৰ্চিত বিয়াখন।বিয়াখন হৈ গ’ল ঠিকেই, কিন্তু সকলোৰে মনত এই বিয়াখনে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিলে।

Advertisment

হয়, বলীউডৰ প্ৰখ্যাত অভিনেতা শত্ৰুঘ্ন সিংহাৰ কন্যা সোনাক্ষীৰ স্বামী ইছলাম ধৰ্মালম্বী।সেয়েহে অনুৰাগীৰ মনত এনে প্ৰশ্ন উদয় হোৱাটোও স্বাভাৱিক।সোনাক্ষীৰ বিয়াৰ পাছত অনুৰাগীসকলৰ মাজত চৰ্চিত এক বিষয় হৈছে সোনাক্ষীয়ে গ্ৰহণ কৰিব লাগিব ইছলাম ধৰ্ম।কিন্তু এই সন্দৰ্ভত স্পষ্ট উত্তৰ দি বিষয়টোৰ মোখনি মাৰিলে সোণাক্ষীৰ শহুৰে। তেওঁ কয়, ‘সোণাক্ষীয়ে ইছলামধৰ্ম গ্ৰহণ কৰা নাই আৰু আমি তেওঁক কেতিয়াও এনে কৰিবলৈ বাধ্য নকৰাওঁ।এয়া তেওঁলোকৰ হৃদয়ৰ এক মিলন আৰু ইয়াত ধৰ্মৰ একো ভূমিকা নাই।মই মানৱতাত বিশ্বাস কৰো। ঈশ্বৰক হিন্দুসকলে ভগৱান আৰু মুছলমানসকলে আল্লাহ বুলি কয়। কিন্তু দিনটোৰ শেষত আমি সকলো মানুহ। মোৰ আশীৰ্বাদ সদায় জাহিৰ আৰু সোনাক্ষীৰ সৈতে আছে।’

উল্লেখ্য যে, ৭ বছৰ প্ৰেমৰ সম্পৰ্ক ৰক্ষাৰ পাছত ২৩ জুনত মুম্বাইত বহু নামী-দামী ব্যক্তিৰ উপস্থিতিত খুব উলহ-মালহৰে সোণাক্ষী সিংহা আৰু জাহিৰ ইকবালৰ বিয়া সম্পন্ন হয়।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত