Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত

Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত

ডিজিটেল ডেস্ক: বলীউডৰ এক অতি জনপ্ৰিয় নাম আলিয়া ভাট। ব্যতিক্ৰমী ব্যক্তিত্ব তথা  অদমনীয় অভিনয় দক্ষতাৰ বাবে প্ৰায়ে চৰ্চাত থাকে আলিয়া।বৰ্তমান সময়তো চৰ্চাৰ শীৰ্ষত আছে এইগৰাকী অভিনেত্ৰী।হয়, বলীউডৰ ‘কাপুৰ’ পৰিয়ালৰ পুত্ৰ ৰণবীৰ কাপুৰৰ পত্নী আলিয়াই নৱেম্বৰত এটি কন্যা সন্তান জন্ম দিয়াৰ পৰা ‘লাইমলাইট’ত আছে।তেওঁ ছ’ছিয়েল মেডিয়াত এখনৰ পাছত সিখন ফটো ‘শ্বেয়াৰ’ কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষিত কৰি আহিছে।

অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ‘শ্বেয়াৰ’ কৰা কেইখনমান ফটোত তেওঁক অতি আকৰ্ষণীয় ৰূপত দেখা গৈছে।সন্তান জন্ম হোৱা মাত্ৰ তিনি মাহৰ পাছতেই অভিনেত্ৰীগৰাকী সম্পূৰ্ণৰূপে আগৰ দৰে হৈ পৰিছে।ওজন বৃদ্ধিৰ সমস্যাই আলিয়াক বেছি দিন আমনি নিদিলে। ইমান সোনকালে আলিয়াক আগৰ দৰে দেখি অনুৰাগীসকলে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে।আলিয়াই বিগত কেইদিন মানৰ পৰা সঘনাই ‘জিম’ আৰু যোগ কৰাৰ ফটো ছ’ছিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰি আহিছে।

পিছে কি খাদ্য খায় আলিয়াই ওজন কমালে সেই বিষয়ে আজি আপুনিও জানি লওঁক-    

দালি-ভাত

আপোনাৰ মোৰ দৰেই দালি-ভাত খায় ভাল পাই আলিয়াই।দালি ভাতক ভাৰতীয় খাদ্যৰ ‘পাৱাৰ পেক’ বুলি কোৱা হয়।ই মুখক জুতি দিয়াৰ উপৰিও শৰীৰটোক প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, ভিটামিন আৰু কেলছিয়াম যোগান ধৰে।

খিচিৰি  

খিচিৰি অতি স্বাস্থ্যকৰ ‘গ্লুটেন ফ্ৰী’ আহাৰ।আলিয়াই খিচিৰি খায় খুবেই ভাল পায়।ই শৰীৰটোক ‘ডিটস্ক’ কৰি সক্ৰিয় কৰি ৰখাত সহায় কৰে।

দৈ ভাত

দৈ লগত ভাত খায়ো ভাল পায় আলিয়াই। দৈ এণ্টিঅক্সিডেন্ট, প্ৰ’বায়’টিক তথা স্বাস্থ্যকৰ চৰ্বিযুক্ত।ই হজমতো যথেষ্ট সহায় কৰে।

বীটৰুট চালাদ

 বীটৰুট যথেষ্ট আঁহযুক্ত।যাৰ বাবে ই ওজন কমোৱাত যথেষ্ট সহায় কৰে।আলিয়া ভাটেও প্ৰতিদিনে বীটৰুট চালাদ গ্ৰহণ কৰে।

হাৰবেল টি (ভেষজ চাহ)

ভেষজ চাহো আলিয়াৰ অন্যতম প্ৰিয় খাদ্য।ই ছালখনক সুস্থ কৰি ৰখাৰ লগতে চৰ্বি কমোৱাৰ ক্ষেত্ৰতো গুৰুতৰ ভূমিকা পালন কৰে।

ছিয়া পুডিং

ছিয়া পুডিং খায় খুবেই ভাল পায় আলিয়া ভাটে।খাদ্য খোৱাৰ পাছত সদায়েই এই পুডিং খায় অভিনেত্ৰীগৰাকীয়ে। ছিয়াত যথেষ্ট পৰিমাণে আঁহ থাকে, যাৰ বাবে ইয়াক অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।

Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত
নিক জোনাছ-প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ প্ৰথম ফটো ভাইৰেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in