Sivasagar : শিৱসাগৰ

Sivasagar
Sivasagar
Published on
Updated on

Sivasagar : অসম ৰাজ্যৰ উজনিত অৱস্থিত এখন অন্যতম জিলা হৈছে শিৱসাগৰ জিলা।এই জিলাখন  গুৱাহাটীৰ পৰা পূৱ দিশত প্ৰায় ৩৬০ কিল`মিটাৰ দূৰত্বত অৱস্থিত। ছশবছৰীয়া আহোম ৰাজবংশৰ শাসনকালৰ সাক্ষী এই জিলাখনত বহু স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী,গড়, আলিবাট আদি আছে। শিৱসাগৰ জিলা ঐতিহাসিক ভাৱে এখন অতি গুৰুত্বপুৰ্ণ জিলা।শিৱসাগৰক পূৰ্বতে ৰংপুৰ বুলি জনা গৈছিল।আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ।কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। ১৬৯৯ চনৰ পৰা ১৭৮৮ চনলৈ শিৱসাগৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী।বৃটিছসকল  আহি প্ৰথমে  শিৱসাগৰ  পুখুৰীৰ  আশে-পাশে  এই  অঞ্চলৰ  প্ৰশাসনীয় কেন্দ্ৰ  স্থাপন  কৰিছিল । জনমত অনুসৰি, শিৱসাগৰৰ মূল বা আচল নাম আছিল কলঞ্চুপাৰ, যি `কলঞ্চু গোহাঁই`ৰ নাম অনুসৰি ৰখা হৈছিল । তেওঁ বৰ্তমানৰ শিৱসাগৰ পুখুৰী থকা ঠাইৰ এখন গাঁৱত বাস কৰিছিল ।

শিৱসাগৰ নামটোৰ উৎপত্তি জিলাখনৰ সদৰ শিৱসাগৰ নগৰত থকা শিৱসাগৰ পুখুৰীৰ পৰা হৈছে। আহোম ৰাজবংশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে স্বৰ্গদেও শিৱসিংহৰ পত্নী দ্ৰৌপদীয়ে ৰাণী হোৱাৰ পিছত অম্বিকা নাম লয় আৰু অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দুৱায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী ।

ভৌগিলিক বিৱৰণ অনুসৰি, শিৱসাগৰ জিলাৰ অৱস্থান ২৬.৪৫- ২৭.১৫ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.২৫- ৯৫.২৫ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। শিৱসাগৰ জিলাৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী আৰু লখিমপুৰ জিলা। পূৱ দিশত আছে চৰাইদেউ জিলা। দক্ষিণে নাগালেণ্ড আৰু পশ্চিমে যোৰহাট জিলা আৰু জাঁজী নদী।এই জিলাখনৰ মাটিকালি ২৬৬৮ বৰ্গ কিলোমিটাৰ।শিৱসাগৰ জিলাৰ অৰ্থনীতি প্ৰধানকৈ তেল, গেছ, চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল৷

শিৱসাগৰ জিলাৰ জলবায়ু সেমেকা আৰু গোটেই বছৰ জুৰি সন্তোষজনক হোৱা দেখা যায়| গ্ৰীষ্ম কালত জিলাখনৰ তাপমাত্ৰা সৰ্বোচ্চ ৪০° চেলচিয়াচলৈকে উঠে আৰু শীতকালত নিম্নতম ১০° চেলচিয়াচলৈ নামে। গ্ৰীষ্মকালত হোৱা প্ৰচুৰ বৰষুণৰ ফলত তাপমাত্ৰা অধিক হ’লেও জলবায়ু সন্তোষজনক হোৱা পৰিলক্ষিত হয়। জিলাখনৰ  নিচেই কাষেৰে বৈ থকা ব্ৰক্ষ্মপুত্ৰ নদীৰ বাবে শিৱসাগৰ জিলাত আৰ্দ্ৰতা বেছি। শিৱসাগৰ জিলাৰ উত্তৰ দিশে ব্ৰক্ষ্মপুত্ৰ নদী বৈ গৈছে।জিলাখনৰ আন কেইখনমান প্ৰধান নদী হৈছে দিচাং,দিখৌ,দৰিকা আৰু জাঁজী নদী। 

শিৱসাগৰ চহৰখনৰ অন্যতম মূখ্য আকৰ্ষণ হ'ল ইয়াৰ ৰজাঘৰীয়া বৃহৎ জলাশয়বোৰ। ইয়াত ২৫৭ একৰ (১.০৪ কিঃ) ভূমিৰ এটা পুখুৰী আছে।এই পুখুৰীটো হৈছে বৰ পুখুৰী, যিটো চহৰৰ বকীবোৰতকৈ উচ্চ স্থানত আছে । ইয়াৰ পাৰত তিনিটা মন্দিৰ আছে । এই মন্দিৰবোৰৰ ভিতৰত অটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হ`ল শিৱদৌল, যাৰ উচ্চতা ১০৪ ফুট (৩২ মিঃ)।মহাশিৱৰাত্ৰীত এই মন্দিৰত ভক্তৰ ভিৰে সকলোকে আচৰিত কৰি তোলে। আন আন মন্দিৰবোৰ হ'ল বিষ্ণু দৌল আৰু দেৱী দৌল। ৰাজকাৰেং বা ৰাজপ্ৰাসাদ আৰু তলাতল ঘৰো শিৱসাগৰ চৌহদত জাকজমকতাৰে জিলিকি আছ।শিৱসাগৰৰ পৰিচয় বহন কৰা আন এটা পুখুৰী হৈছে জয়সাগৰ পুখুৰী। ইয়াৰ দক্ষিণত আছে ফাকুৱা দৌল, এই দৌল আঠটা প্ৰতীক বা অষ্টভূজ আকাৰত তাই- আহোমসকলৰ ব্ৰহ্মতত্ব অনুসৰি ধৰ্মীয় উদ্দেশ্যত ১৭০৩ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দ্বাৰা সজোৱা হৈছিল।শিৱসাগৰৰ পশ্চিম দিশত নিজৰ স্বাক্ষৰ বহন কৰি থিয় হৈ আছে ৰংঘৰ। ৰংঘৰক এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম খেলা-ধূলা বা ক্ৰীড়াংগন সংলগ্ন ঘৰ বুলি বিবেচনা কৰা হয়। ৰংঘৰ ১৭৪৬ খ্ৰীষ্টাব্দত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। ব্ৰিটিছ শাসনৰ সময়ত শিৱসাগৰ জিলাক শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট নামেৰে  তিনিটা উপ- বিভাগত বিভক্ত কৰিছিল । ১৯১২ খ্ৰীষ্টব্দত শিৱসাগৰক এটা মাত্ৰ মুখ্য কাৰ্য্যালয়ৰ উপ-বিভাগ হিচাবে ৰাখি জিলা সদৰ কাৰ্য্যালয় যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল।ই ১৯৮৩ চনলৈ এনেদৰেই থাকি গৈছিল। সেই বছৰৰে ১ জুলাইত অখণ্ড শিৱসাগৰৰ গোলাঘাটক অসম চৰকাৰে জিলা হিচাপে ঘোষণা কৰে।

২০০১ চনৰ ভাৰত জৰীপ (৩) আনুসৰি শিৱসাগৰৰ জনসংখ্যা ৫৩,৮৫৪ জন।জিলাখনৰ স্বাক্ষৰতাৰ হাৰ ৮১%, ৰাষ্ট্ৰীয় হাৰতকৈ (৫৯.৫%) বেছি। ইয়াৰ ভিতৰত পুৰুষ স্বাক্ষৰতাৰ হাৰ ৮৩% আৰু মহিলা স্বাক্ষৰতাৰ হাৰ ৭৯% । চহৰৰ সৰহ সংখ্যক বসিন্দা অসমীয়া, আহোম, কোঁচ, অসমীয়া হিন্দু, অসমীয়া মুছলমান আৰু আন নৃগোষ্ঠীয় অভিভাষীৰ লোক।

৩৩.৯৩ বৰ্গ কিলোমিটাৰৰ উন্নত দ-সেমেকা ভূমিৰ পৰিৱেশ ব্যৱস্থাৰে ব্ৰক্ষ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত শিৱসাগৰ জিলা হৈছে স্থানীয় আৰু বিদেশী পৰিভ্ৰমী চৰাইৰ ভূ-স্বৰ্গ । ইয়াত এতিয়ালৈকে ১৬৫ বিধৰো বেছি চৰাই চিনাক্ত কৰা হৈছে । এই চৰাইবোৰৰ ভিতৰত বনৰীয়া ৰাজহাঁহ আৰু আন চৰাইৰ উচ্চ অভিনিবেশ মন কৰিবলগীয়া । সাধাৰণ প্ৰজাতিৰ ভিতৰত উদংমুৰীয়া ৰাজহাঁহ, মূগা ঠেঙৰ ৰাজহাঁহ, ফুটফুটীয়া হাঁহ, মালাৰ্ড, গাডৱাল, উইগন, গাৰগেনি, শ্বোভেলাৰ, ৰঙাচূড়াৰ পোচাৰ্ড, সাধাৰণ পোচাৰ্ড, ফেৰুগিনাচ হাঁহ, এডজুটেণ্ট ষ্টৰ্ক, লেচাৰ এডজুটেণ্ট ষ্টৰ্ক, অপেন বিল ষ্টৰ্ক,বগা গলৰ ষ্টৰ্ক, জলচৰ জীৱ, বিভিন্ন প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে।ইয়াত বিভিন্ন প্ৰজাতিৰ ভেকুলি, সাপ আৰু আন উভচৰ আৰু সৰীসৃপো পোৱা যায় ।

শিৱসাগৰ অসমৰ এখন ঐতিহাসিক আৰু উন্নত সাংস্কৃতিক পৰম্পৰাৰে ভৰপূৰ চহৰ । এই জিলালৈ যাতায়াতৰ ব্যৱস্থাও অতি সুচল। ৰাজ্যিক পৰিবহন ব্যৱস্থা (এ এচ টি চি) ৰ দ্বাৰা সংযোজিত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা যাতায়তৰ কাৰণে সুব্যৱস্থা আছে। ব্যক্তিগত পৰিবহন ব্যৱস্থাও সুচল । ভাড়াত পোৱা টেক্সীৰ লগতে অটোৰিক্সাকে ধৰি আন আন পৰিবহন ব্যৱস্থাও চহৰৰ বাহিৰ-ভিতৰ সকলোতে পৰ্যাপ্ত ।নাজিৰা, মেচাগড় আৰু জয়সাগৰৰ পৰা শিৱসাগৰলৈ টাটা মেজিক,টেম্প' আদিৰ দৰে সস্তীয়া সুচল পৰিবহন ব্যৱস্থা আছে। আটাইতকৈ ওচৰৰ বিমান বন্দৰ ৰৰৈয়া (যোৰহাট) এই চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। শিৱসাগৰৰ পৰা যোৰহাট হৈ গুৱাহাটী, কলকতা, বাংগালুৰু আৰু দিল্লীলৈ প্ৰতিদিনে যাব পৰা বিমান পৰিবহন ব্যৱস্থাৰ সুবিধা আছে ।শিৱসাগৰৰ লগত ডিব্ৰুগড় আৰু শ্বিলঙৰ ভাল সংযোগ ব্যৱস্থা আছে । ডিব্ৰুগড় হৈ বিমান পথেৰে শিৱসাগৰৰ পৰা যাব পৰা সুবিধা আছে, যিখন চহৰ শিৱসাগৰৰ পৰা ৯৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত । যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা সঘনে যোৱা বিমান সেৱা লাভ কৰাৰো সুবিধা আছে ।শিৱসাগৰ চহৰৰ পৰা দুয়োটা বিমান বন্দৰলৈ ভাল টেক্সী সেৱা আছে । ডিব্ৰুগড়-বাংগালুৰু এক্সপ্ৰেছ শিৱসাগৰ চহৰৰ ৰে'লৱে ষ্টেচন হৈ যাত্ৰা কৰে । তিনিচুকীয়া-গুৱাহাটী খণ্ডৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আটাইতকৈ ওচৰত থকা ষ্টেচনটো হ`ল শিমলুগুৰি ষ্টেচন, যি শিৱসাগৰ চহৰৰ পৰা ১৬ কিলোমিটাৰ(৯.৯ মাইল) দূৰত্বত অৱস্থিত। শিমলুগুৰিৰ পৰা শিৱসাগৰলৈ প্ৰায় আধা ঘণ্টাৰ পথ।

Sivasagar
Mahalaya : মহালয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in