/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ea3a31e3-b611-4e18-831c-c0e58e15eeb5/AP_FOR_WEB_tea_.jpg)
ডিজিটেল ডেস্ক: ঠাণ্ডা দিনত শৰীৰ গৰম ৰাখিবলৈ অধিকাংশ লোকেই চাহ খুব ঘনাই খায়।কোনোয়ে যদি চাহ, কোনো আকৌ এই দিনকেইটাত কফিৰ প্ৰতি আসক্ত হৈ পৰে।কিন্তু এই অভ্যাসৰ পৰিণতি খুবেই ভয়াৱহ। হয়, চাহ-কফিত বৃহৎ পৰিমাণৰ কেফেইন থাকে, যিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়। সঘনাই চাহ খাই থাকিলে ই আপোনাৰ শৰীৰৰ কিদৰে ক্ষতি কৰে,আজি জানো আহক-
অনিদ্ৰা
যদি আপুনি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক চাহ আৰু কফি খায়, তেনেহ'লে ইয়াত থকা কেফেইনে মেলাটোনিন হৰমন উৎপাদনত প্ৰভাৱ পেলায়।যাৰ বাবে নিদ্ৰাহীনতাৰ সমস্যা হয়। অনিদ্ৰা পৰিহাৰ কৰিবলৈ নিশা চাহ বা কফি খোৱাৰ পৰা দূৰত থাকিব লাগে।যদি আপুনি বিচাৰে, তেতিয়া চাহ-কফিৰ সলনি গৰম গাখীৰ খাব পাৰে।
উদ্বেগ
বহুলোকে মুৰৰ বিষ উপশম কৰিবলৈ বা দিনটোৰ ভাগৰ আঁতৰাবলৈ চাহ বা কফিৰ আশ্ৰয় লয়। একাপ চাহ-কফিত প্ৰায় ৬০ মিগ্ৰা কেফেইন থাকে। এই পৰিমাণত কেফেইন গ্ৰহণ কৰিলে আপোনাৰ উদ্বেগ হোৱাটো প্ৰায় নিশ্চিত। চাহ বা কফিৰ সলনি আপুনি ভেষজ চাহ খাব পাৰে।
মেদবহুলতা
ঠাণ্ডাত অধিক চাহ-কফি খাই থকাৰ ফলত মেদবহুলতা হ'ব পাৰে। গাখীৰ,চেনীৰে তৈয়াৰ কৰা চাহ-কফি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ ফলত দ্ৰুত ওজন বৃদ্ধি হয়। ডায়েবেটিচ ৰোগীসকলেও চাহ-কফি একেবাৰে পৰিহাৰ কৰিব লাগে।
কোষ্ঠকাঠিন্য, এচিডিটি
অত্যাধিক চাহ আৰু কফি খালে পাচন তন্ত্ৰৰ অৱনতি ঘটিব পাৰে। অত্যাধিক কেফেইন সেৱন পাচন তন্ত্ৰৰ বাবে ভাল নহয়। অত্যাধিক কেফেইন সেৱনৰ ফলত কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে।
ডিহাইড্ৰেচন
যদি আপুনি ঠাণ্ডাত অধিক চাহ বা কফি খায়, তেনেহ'লে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে। ই ছালখন শুকান কৰি তোলাৰ লগতে শৰীৰটোক দুৰ্বল কৰি তোলে। চাহ-কফিৰ সলনি ঠাণ্ডা দিনত আপুনি ভেষজ চাহ, গ্ৰীণ টি, ব্লেক কফি আৰু পানীৰ দৰে পানীয় গ্ৰহণ কৰিব পাৰে।
Also Read: আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব