/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fce94eb9-60ad-4c51-b75b-2af32ea103ce/WhatsApp Image 2024-07-29 at 6.31.03 PM (1).jpeg)
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এগৰাকী কৰ্মচাৰী আৰু মেনেজাৰে মেছেজযোগে কথা পতাৰ এটা স্ক্ৰীণশ্বট ভাইৰেল হৈছে।যিয়ে প্ৰকৃততে সচেতন মহলক এবাৰ ভাবিবলৈ বাধ্য কৰাইছে।হয়, এই বিষয়ে জানিলে আপুনিও অবাক হোৱাটো নিশ্চিত।
এই স্ক্ৰীণশ্বটত দেখা পোৱা মতে, এজন কৰ্মচাৰীয়ে তেওঁৰ অসুখ বুলি জনাই অফিচৰ পৰা ছুটি বিচাৰি মেনেজাৰক মেছেজ দিছে।তেতিয়া মেনেজাৰজনে কৰ্মচাৰীজনক উত্তৰ দিছিল যে, 'আপুনি তেওঁ অসুস্থতাৰ বাবে ছুটি ল’বলৈ বিচাৰিছে নেকি ? যদি বিচাৰিছে তেন্তে অসুখ হোৱাৰ সাত দিনৰ আগতেই আমাক জনাব লাগিব। অন্যথা আমি আপোনাক ছুটি দিব নোৱাৰিম।'
মেনেজাৰৰ এই অদ্ভুট উত্তৰ লাভ কৰি কৰ্মচাৰীজন স্বাভাৱিকভাৱেই আচৰিত হৈছিল। পাছত এই ভাইৰেল স্ক্ৰীণশ্বটে ছ'চিয়েল মেডিয়াতো খুবেই চৰ্চা লাভ কৰে। বহু ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে মেনেজাৰৰ এই উত্তৰৰ যুক্তিযুক্ততাত প্ৰশ্ন উত্থাপন কৰিছে।কিদৰে এজন ব্যক্তিয়ে অসুখীয়া হোৱাৰ এক সপ্তাহৰ আগতে বাৰু ছুটি বিচাৰিব পাৰে ! অৱশ্যে, অধিকাংশই এই প'ষ্টটো যুক্তিবিহীন হাস্যধৰ্মী হিচাপেই গণ্য কৰিছে।
একাংশই আকৌ কোম্পানীৰ অযুক্তিকৰ নীতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ অভিজ্ঞতাও ভাগ বতৰা কৰিছিল।
Also Read: মুকেশ আম্বানীক দিলে 'কৰ্পৰেট দৈত্য'ৰ আখ্যা, কোন তেওঁ জানেনে ?