মুকেশ আম্বানীক দিলে 'কৰ্পৰেট দৈত্য'ৰ আখ্যা, কোন তেওঁ জানেনে ?

অৱশেষত শেষ হ'লগৈ মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ বহুমহীয়া অনুষ্ঠান।বিশ্বৰ নামী-দামী তাৰকাই অংশ লোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন ১২ জুলাইত মুম্বাইত সম্পন্ন হৈ যায়। এই হাই প্ৰফাইল বিয়াখন সম্পন্ন হৈ গ'লেও কিন্তু ইয়াৰ চৰ্চা বৰ্তমানেও অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
মুকেশ আম্বানীক দিলে 'কৰ্পৰেট দৈত্য'ৰ আখ্যা, কোন তেওঁ জানেনে ?

ডিজিটেল ডেস্ক: অৱশেষত শেষ হ'লগৈ মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ বহুমহীয়া অনুষ্ঠান।বিশ্বৰ নামী-দামী তাৰকাই অংশ লোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন ১২ জুলাইত মুম্বাইত সম্পন্ন হৈ যায়। এই হাই প্ৰফাইল বিয়াখন সম্পন্ন হৈ গ'লেও কিন্তু ইয়াৰ চৰ্চা বৰ্তমানেও অব্যাহত আছে।

Advertisment

এই বিয়াখনত কোন তাৰকাই কি কাপোৰ পিন্ধিছিল, কোন তাৰকাই বিয়াৰ অনুষ্ঠানত গীত-নৃত্য পৰিৱেশনত কিমান টকা লৈছিল, কোনে কাৰ সৈতে নাছিছিল আদি বিভিন্ন বিষয়ত আজিও ছ'চিয়েল মেডিয়াত চৰ্চা চলে। অৱশ্যে শেহতীয়াকৈ এইসমূহতকৈ সম্পূৰ্ণ এক বেলেগ বিষয়ক কেন্দ্ৰ কৰিহে আম্বানী পৰিয়ালটো চৰ্চালৈ আহিছে।

হয়, ইণ্টাৰনেটৰ অতি প্ৰভাৱশালী হিচাপে পৰিচিত কাব্যা কৰ্ণাটাকে ইনষ্টাগ্ৰামত কৰা এটা প'ষ্ট এতিয়া ভাইৰেল হৈছে।শিক্ষাৰ বিভিন্ন বিষয়ৰ ভিডিঅ' তৈয়াৰ কৰি ছ'চিয়েল মেডিয়াত সীমাহীন জনপ্ৰিয়তা লাভ কৰা কাব্যাই দাবী কৰে যে, অনন্ত আম্বানীৰ বিয়াৰ ভিডিঅ' কৰাৰ বাবে তেওঁক ৩.৬ লাখ টকাৰ প্ৰস্তাৱ দিয়া হৈছিল।যিটো তেওঁ একেমুখেই নাকচ কৰে। এই প্ৰস্তাৱ নাকচ কৰাৰ কাৰণসমূহে অৱশ্যে তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে। কাব্যাই উল্লেখ কৰে যে-

'মই মোৰ স্বকীয়তা হেৰুৱাবলৈ বিচৰা নাছিলো। আন সকলোৰে দৰে মই ভিৰৰ মাজত হেৰাই যোৱাটো নিবিচাৰিছিলো। আম্বানীৰ বিয়াৰ দৰে অত্যাধিক প্ৰচাৰিত আখ্যানৰ সৈতে সংগতি ৰাখিলে মোৰ ব্ৰেণ্ডৰ স্বকীয়তা হ্ৰাস পাব।'

দ্বিতীয়তে, তেওঁ লেখিছিল, 'যি সময়ত জিঅ'ই ইণ্টাৰনেট মাচুল বৃদ্ধি কৰিছে, সেই সময়ত আম্বানীৰ দৰে কৰ্পৰেট দৈত্যৰ প্ৰচাৰ কৰিবলৈ মোৰ মন যোৱা নাছিল।মোৰ দৰ্শকসকলে পৰিশোধ কৰা প্ৰচাৰ আৰু প্ৰকৃত সমলৰ মাজত পাৰ্থক্য কৰিব পাৰে। তেওঁলোকৰ বিশ্বাস বজাই ৰখাটোহে মোৰ বাবে অধিক দৰকাৰী।'

তৃতীয় কাৰণ হিচাপে কাব্যাই বৰ্ণনা কৰে যে, জাতি, শ্ৰেণী, লিংগ আৰু ধৰ্মৰ বাবে ভাৰতত বিবাহ প্ৰায়ে বাতিল কৰা হয় আৰু এইবোৰ বস্তু তেওঁৰ মূল্যবোধৰ সৈতে একত্ৰিত নহয়। তদুপৰি, তেওঁ বিশ্বাস কৰে যে এনে ধৰণৰ অনুষ্ঠানৰ প্ৰচাৰ কৰাটো বিভ্ৰান্তিকৰ কিয়নো তেওঁ এগৰাকী শিক্ষাবিদ।

শেষত, কাব্যই কয়, '৩.৬ লাখ চুক্তি লোভনীয়। অৱশ্যে, মোৰ সততা বজাই ৰখাৰ দীৰ্ঘম্যাদী লাভালাভবোৰ হ্ৰস্বম্যাদী বিত্তীয় লাভতকৈ বহু বেছি। সততাহে মোৰ বাবে অমূল্য।' কাব্যাৰ এই প'ষ্ট ভাইৰেল হোৱাৰ পাছতে অগনন ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে তেওঁৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।

Also Read: মুকেশ আম্বানীৰ ডাঙৰ বোৱাৰীৰ কাণ্ড !