ছোয়েইব মালিকে ইনষ্টাগ্ৰাম বায়’ৰ পৰা আঁতৰালে ছানিয়া মিৰ্জাৰ নাম

ছোয়েইব মালিকে ইনষ্টাগ্ৰাম বায়’ৰ পৰা আঁতৰালে ছানিয়া মিৰ্জাৰ নাম

ডিজিটেল ডেস্ক: সংসাৰ ভঙা-পতা যেন তাৰকাসকলৰ বাবে খেলহে ! শেহতীয়াকৈ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ সংসাৰ ভঙাৰ খবৰে এই কথা পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে। হয়, ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোয়েইব মালিকৰ বিবাহ বিচ্ছেদ হৈছে।এই সন্দৰ্ভত দুয়োজনৰ ভিতৰত এজনেও বৰ্তমানলৈ ৰাজহুৱা কৰা নাই যদিও ছ’চিয়েল মেডিয়াত চলি থকা চৰ্চাৰ পৰা এয়া যে সত্য, সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে।

এই তাৰকা দম্পতীহালৰ বিচ্ছেদ হোৱা খবৰে বিগত বছৰৰ পৰাই খুব চৰ্চা লাভ কৰি আহিছে।দম্পতীহালৰ ৬ বছৰীয়া এটা পুত্ৰ সন্তান আছে। নাম ইজান। কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদৰ প্ৰসংগটো এতিয়া পুনৰ আলোচনা হোৱাৰ এক বিশেষ কাৰণ আছে। প্ৰকৃততে, ছোয়েইব মালিকে তেওঁৰ ইনষ্টাগ্ৰাম বায়’ৰ পৰা আঁতৰাই দিছে ছানিয়া মিৰ্জাৰ নাম।ইয়াৰ পিছতে পুনৰ এই প্ৰসংগটোয়ে অনুৰাগীৰ কথা-বাৰ্তাত ঠাই পাইছে।পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰজনে তেওঁৰ ইনষ্টাগ্ৰামত ‘ছুপাৰৱমেন ছানিয়া মিৰ্জাৰ স্বামী’ বুলি থকা বায়’ আঁতৰাই দিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত হায়দৰাবাদত এখন প্ৰদৰ্শনী মেচ খেলি পেছাদাৰী টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰা ৩৬ বছৰীয়া ছানিয়াইও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ছোয়েইব মালিকৰ সকলো ফটো আঁতৰাই দিছে। তেওঁৰ পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘পুত্ৰ ইজান তেওঁলোক দুয়োৰে প্ৰথম গুৰুত্ব। সেয়েহে তেওঁলোকে এই বিষয়ত এতিয়া একো ক'ব নিবিচাৰে।ছানিয়া আৰু ছোয়েইব দুয়োজনে বিশ্বাস কৰে যে এয়া তেওঁলোকৰ ব্যক্তিগত জীৱন।সেয়েহে তেওঁলোকে পৃথকে বা যুটীয়াভাৱে কোনো আনুষ্ঠানিক বিবৃতি দিব নিবিচাৰে। যদি তেওঁলোকৰ গোপনীয়তাক সন্মান কৰা হয়, তেন্তে তেওঁলোক কৃতজ্ঞ হ'ব।’

ছোয়েইব মালিকে ইনষ্টাগ্ৰাম বায়’ৰ পৰা আঁতৰালে ছানিয়া মিৰ্জাৰ নাম
বিয়াৰ ১৮ বছৰৰ পিছত ভাঙিব এখন সুখৰ সংসাৰ !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in