/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4f3bcf81-0fc4-4207-b9a1-3be76c7917c0/AP_FOR_WEB____________.jpg)
ডিজিটেল ডেস্ক: 'অল দ্য বেষ্ট' আৰু 'হে বেবী'ৰ দৰে ছবিৰ জৰিয়তে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ হৈছে জনপ্ৰিয় অভিনেতা ফাৰদিন খানে। দীৰ্ঘ সময় ধৰি বলীউডৰ পৰা নিজকে আঁতৰাই ৰখা অভিনেতাজন শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে। কিন্তু কোনো নতুন ছবিৰ বাবে নহয়, বিবাহ বিচ্ছেদৰ খবৰৰ বাবেবে সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে এই অভিনেতাজন।হয়, অতি শীঘ্ৰেই পত্নী নাতাছাৰ সৈতে বিবাহ বিচ্ছেদৰ হব ফাৰদিন খানৰ।এই দম্পতীহালে পাৰস্পৰিক সন্মতিৰ দ্বাৰা ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।
ফাৰদিন আৰু নতাশা বিগত এবছৰ ধৰি পৃথকে বাস কৰি আছে। নাতাশা তেওঁলোকৰ সন্তানৰ সৈতে লণ্ডনত বাস কৰি থকাৰ বিপৰীতে ফাৰদিন তেওঁৰ মাতৃৰ সৈতে মুম্বাইত আছে।ফাৰদিনৰ পত্নী নাতাশা মাধৱানী বলীউডৰ প্ৰবীণ অভিনেত্ৰী মুমতাজৰ কন্যা।
উল্লেখ্য যে, নাতাশা আৰু ফাৰদিন ২০০৫ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।তেওঁলোকৰ এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।এই খবৰ চৌদিশে বিয়পি পৰাৰ পাছতে অনুৰাগীসকল স্বাভাৱিকভাৱেই আচৰিত হৈছে।বিবাহৰ ১৮ বছৰৰ পিছত তেওঁলোকে ইজনে সিজনৰ পৰা কিয় পৃথক হৈ আছে, সেয়া সকলোৰে বাবে এতিয়া ৰহস্য হৈ পৰিছে।
Also Read: অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য