/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b266b2e1-6915-4f23-9822-5612e584cab5/5 (22).jpg)
ডিজিটেল ডেস্ক: মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে তেওঁৰ জীৱনৰ এক নতুন পৰ্যায় আৰম্ভ কৰিলে। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত অনন্তে ১২ জুলাইত তেওঁৰ প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।বহু মাহ ধৰি চলা বিয়াৰ বিশাল উদযাপনত দেশৰ লগতে বিশ্বৰ বহু নামী-দামী তাৰকাই অংশ গ্ৰহণ কৰে। এই 'হাই প্ৰফাইল' বিয়াখনত আম্বানী পৰিয়ালৰ মহিলাসকলে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰে। মুকেশ আম্বানীৰ কন্যা ঈশা, ডাঙৰ বোৱাৰী শ্লোকা, সৰু বোৱাৰী ৰাধিকা আৰু নীতা আম্বানীৰ সোণ আৰু ৰূপৰ খচিত পোছাক, হীৰা-পান্না আৰু ৰুবীৰ দৰে বহুতো ৰত্নৰে সজ্জিত গহনাইও বেচ চৰ্চা লাভ কৰে।
কিন্তু, আম্বানীৰ ডাঙৰ বোৱাৰী শ্লোকা মেহতা আম্বানীয়ে এই বিয়াখনত পিন্ধিলে এযোৰ পুৰণি কাপোৰ।খুব 'ফেশ্বনেৱল' বুলি পৰিচয় থকা শ্লোকাই এই পুৰণি সাজ পিন্ধি ওলাই অহাত বিয়াৰ কাৰ্যসূচীত উপস্থিত সকলো একপ্ৰকাৰ আচৰিত হৈ পৰিছিল।এই সাজযোৰৰ ফটো ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত বহুতেই শ্লোকাই এই কাপোৰযোৰ পুনৰ পিন্ধাৰ কাৰণ জানিবলৈ উৎসুক হৈ পৰে।
প্ৰকৃততে, শ্লোকা মেহতা আম্বানীয়ে তেওঁৰ বিয়াৰ লেহেংগাযোৰ অনন্তৰ বিয়াত আকৌ পিন্ধে।এই লেহেংগাযোৰ ডিজাইন কৰিছিল প্ৰখ্যাত ডিজাইনাৰ আবু জানি সন্দীপ খোচলাই। অৱশ্যে, শ্লোকাৰ ষ্টাইলিষ্ট তথা ভগ্নী দিয়া মেহতাই এই লেহেংগাযোৰৰ 'আণ্ডাৰট'ন'বোৰ গুলপীয়ালৈ সলনি কৰি সাজযোৰত কিছু নতুনত্ব দিয়াৰ প্ৰয়াস কৰে।দেশহে নালাগে, সমগ্ৰ বিশ্বৰ নামী-দামী ডিজাইনাৰৰ কাপোৰ পৰিধান কৰাৰ সামৰ্থ্য থকাৰ পাছতো আম্বানী বোৱাৰীৰ পুৰণা সাজ পিন্ধাৰ কাণ্ড এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে।
উল্লেখ্য যে, বিয়াখনৰ অনুষ্ঠানসমূহত শ্লোকাই আন বহু আকৰ্ষণীয় পোছাকৰ সৈতে বিভিন্ন হীৰাৰ গহনা সুন্দৰকৈ পৰিধান কৰিছিল।যিয়ে তেওঁৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছিল।
Also Read: অনন্তৰ বিয়াত ‘বিশেষ’ গহনা পিন্ধি চৰ্চাত ঈশা আম্বানী