/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bf834f33-cad2-4aa4-b9a8-17a39ee5e9b4/4 (32).jpg)
ডিজিটেল ডেস্ক: বহুমাহ ধৰি চলি থকা মুকেশ আম্বানী আৰু নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন অৱশেষত অনুষ্ঠিত হৈ গ'ল। বিশ্ব বহু নামী-দামী তাৰকাই অংশ গ্ৰহণ কৰা এই 'হাই প্ৰফাইল' বিয়াখনত আম্বানী পৰিয়ালৰ মহিলাসকলে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আম্বানী কন্যা ঈশা, ডাঙৰ বোৱাৰী শ্লোকা, সৰু বোৱাৰী ৰাধিকা আৰু নীতা আম্বানীৰ সোণ আৰু ৰূপৰ খচিত পোছাক আৰু হীৰা-পান্না আৰু ৰুবীৰ দৰে বহুতো ৰত্নৰে সজ্জিত গহনাই বেচ চৰ্চা লাভ কৰে। বিশেষকৈ ঈশা আম্বানীয়ে এইখন বিয়াত পিন্ধা গহনা অতি বিশেষ আছিল।
ঈশাই অনন্ত-ৰাধিকাৰ বিয়াৰ অনুষ্ঠানসমূহত প্ৰখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ‘কাষ্টম মেড’ সাজ পিন্ধিছিল। কিন্তু লাইমলাইটত আছিল তেওঁ পৰিধান কৰা নৱৰত্ন গহনা। ঈশাই পিন্ধা এই নেকলেছত ৰুবী, পান্না, নীলমণি, টোপাজ, হীৰা, মুক্তা, প্ৰবাল, অনিক্স আদি সকলো ধৰণৰ মূল্যৱান ৰত্ন আছিল।ইয়াৰ এটা ৰত্নৰে মূল্য কোটি টকা।
উল্লেখ্য যে, প্ৰতিটো ৰত্নৰে নিজা উজ্জ্বলতা আছে আৰু এই নৱৰত্ন কেৱল এডাল নেকলেছেই নহয়, ইয়াত ভাৰতীয় সংস্কৃতিৰো এক আভাস প্ৰতিফলিত হৈছে।নেকলেছৰ লগতে ঈশাই কাণফুলিতো এটা বিলাসী স্পৰ্শ দিছিল। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে ঈশাই এখন কাণত পান্নাৰ কাণফুলি আৰু আনখনত হীৰাৰ কাণফুলি পিন্ধিছিল।তেওঁৰ এই গহনা ডিজাইন কৰিছে অতি জনপ্ৰিয় জুৱেলাৰী ডিজাইনাৰ বীৰেন ভগতে। ঈশাই হীৰাৰে সজ্জিত কঁকালৰ বেণ্ড, আঙুঠি আৰু খাৰুও পিন্ধিছিল।
Also Read: কন্দল লাগিছে ‘বিগ বি’ৰ পৰিয়ালত, আম্বানীৰ পুত্ৰৰ বিয়াত সকলো হ’ল স্পষ্ট