/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/66139ca3-8272-419b-9d9d-ed652b5268fe/Shivling_.jpg)
ডিজিটেল ডেস্ক: মন্দিৰৰ পৰা টকা-পইচা, ভগৱানৰ আ-অলংকাৰ চুৰি হোৱাৰ বিষয়ে হয়তো আপুনি নিশ্চয় শুনিছে।কিন্তু মন্দিৰৰ পৰা শিৱলিংগ চুৰি হোৱাৰ কথা শুনিছেনে ? নিশ্চয় শুনা নাই। শুনিবলৈ আচৰিত যেন লাগিলেও আমাৰ দেশতই কেইদিনমান পূৰ্বে এনে এক ঘটনা সংঘটিত হৈছে।হয়, উত্তৰ প্ৰদেশৰ জৌনপুৰত শিৱৰাত্ৰিৰ দিনাই এই ঘটনা সংঘটিত হৈছে।
প্ৰকৃততে, জৌনপুৰ জিলাৰ তাজুদ্দিনপুৰ গ্ৰাম সভাৰ জাংঘাই ৰোডত (ভান পাৰ্কত) অৱস্থিত এই প্ৰাচীন শিৱ মন্দিৰটোৰ পৰা কোনো দুষ্ট চক্ৰই শিৱলিংগটো চুৰি কৰি নিয়ে। শিৱৰাত্ৰিত পুৰোহিত আৰু ভক্তসকল মন্দিৰটোলৈ উপাসনা কৰিবলৈ আহি দেখে যে মন্দিৰৰ পৰা শিৱলিংগটো সন্ধানহীন হৈছে।মূহুৰ্ততে হুৱা-দূৱা লগাত মন্দিৰ চৌহদত স্থানীয় প্ৰশাসনৰ লোক আহি উপস্থিত হয়।প্ৰশাসনে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি ভক্তসকলক মন্দিৰটোত নতুন শিৱলিংগ স্থাপনৰ আশ্বাস দি পৰিস্থিতি কিছু শান্ত কৰে।
আনহাতে, এই সমগ্ৰ ঘটনাত স্থানীয় দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মন্দিৰৰ সমীপৰ লোকসকলে।ধৰ্মীয় আবেগত আঘাত হনাৰ বাবেই চক্ৰটোয়ে এই কাম কৰিছে বুলি বহু স্থানীয় লোকে মত প্ৰকাশ কৰিছে।উল্লেখ্য যে, আৰক্ষীয়ে এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু অতি শীঘ্ৰেই দোষীক কৰায়ক্ত কৰিব বুলি ভক্তসকলক আশ্বাস দিয়ে।
Also Read: আপুনিও দৰ্শন কৰি আহক এই ‘বিশেষ’ মন্দিৰ, য’ত প্ৰকৃতিয়ে কৰে শিৱ লিংগৰ অভিষেক