আপোনাৰ প্ৰতি শনিৰ কৃপা আছে নে নাই, কিদৰে জানিব ?

শনি দেৱক ন্যায় আৰু কৰ্মৰ দাতা বুলি গণ্য কৰা হয়। এইজন দেৱতাই এজন ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী শুভ বা অশুভ ফল দিয়ে। সেই বাবেই শনিৰ ক্ৰোধলৈ সকলোৱে ভয় খায়।

author-image
সংগীতা দাস
New Update
শনিবাৰ..

ডিজিটেল ডেস্ক: শনি দেৱক ন্যায় আৰু কৰ্মৰ দাতা বুলি গণ্য কৰা হয়। এইজন দেৱতাই এজন ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী শুভ বা অশুভ ফল দিয়ে। সেই বাবেই শনিৰ ক্ৰোধলৈ সকলোৱে ভয় খায়। শনিয়ে যদি কোনো ব্যক্তিক কৰ্মৰ ভিত্তিত ফলাফল দিয়ে, তেন্তে সেই ব্যক্তিজন দৰিদ্ৰৰ পৰা ৰজা হ’ব পাৰে। একে সময়তে তেওঁ এজন ৰজাৰ পৰাও ভিক্ষাৰী হ'ব পাৰে।

Advertisment

জ্যোতিষ শাস্ত্ৰৰ মতে, আপোনাৰ প্ৰতি যদি শনিৰ সুদৃষ্টি থাকে, তেন্তে শনিবাৰে কেতবোৰ বিশেষ সংকেত লাভ কৰিব। শনিবাৰে আপোনাৰ সৈতেও যদি এনে হয়,  তেন্তে বুজিব আপোনাৰ প্ৰতি শনিৰ বিশেষ দৃষ্টি আছে।  

ৰাতিপুৱা ভিক্ষাৰীৰ দৰ্শন

শনি দেৱ হৈছে আৰ্থিকভাৱে দুৰ্বল আৰু অসহায়ৰ বাবে দায়ী গ্ৰহ। বিশ্বাস কৰা হয় যে, শনিবাৰে পুৱা যদি কোনো অসহায় ব্যক্তি বা ভিক্ষাৰীক দেখা পায় আৰু তেওঁ আপোনাৰ পৰা কিবা এটা বিচাৰে, তেন্তে সেয়া এক শুভ লক্ষণ। ৰাতিপুৱাই ভিক্ষাৰীক দেখা পোৱাৰ অৰ্থ হ'ল আপোনাৰ প্ৰতি শনিৰ সুদৃষ্টি আছে।

ছুইপাৰে কাম কৰি থকা দেখা

শনিবাৰে পুৱা যদি কোনো লোকক আপুনি ঝাড়ু সৈতে দেখে, তেন্তে ই অতি শুভ। এনে পৰিস্থিতিত যদি এই ঝাড়ু দিয়াজনে আপোনাৰ পৰা কিবা বিচাৰে, তেন্তে আপুনি আপোনাৰ সক্ষম অনুসৰি দান কৰিব। ইয়াৰ দ্বাৰা আপুনি শনি দেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব।

ক'লা কুকুৰ

শনি মন্দিৰৰ আশে-পাশে যদি শনিবাৰে ক’লা কুকুৰ এটা দেখে, তেন্তে সেয়া আপোনাৰ বাবে এক শুভ লক্ষণ। এনে অৱস্থাত ক’লা কুকুৰটোক কিবা এটা খুৱাই দিব লাগে। ইয়াৰ দ্বাৰা শনি দেৱৰ বিশেষ আশীৰ্বাদ পোৱা যায়।

ক'লা কাউৰী

শনিবাৰে যদি আপোনাৰ ঘৰৰ ওচৰলৈ ক’লা কাউৰী আহে, সেয়াও শুভ। বিশ্বাস কৰা হয় যে এনে হ’লে সেই ঘৰত বসবাস কৰা ব্যক্তিজনে নিশ্চিতভাৱে শনি দেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে।

ক'লা গৰু

যদি আপুনি শনিবাৰে কোনো বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু বাটত ক’লা গৰু দেখা পায়, তেন্তে শনি দেৱৰ বিশেষ আশীৰ্বাদ আপোনাৰ প্ৰতি আছে বুলি বিশ্বাস কৰা হয়।