/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5abbe30f-9b1f-476c-80cc-07b572fa1ee0/WhatsApp Image 2024-08-05 at 3.04.20 PM.jpeg)
ডিজিটেল ডেস্ক: 'মোৰ জীৱনত শ্বাহৰুখ খানৰ প্ৰভাৱ তথা গুৰুত্ব হয়তো মই ভাষাৰে কৈ শেষ কৰিব নোৱাৰিম। মোৰ জীৱনলৈ পৰিৰ্ৱতন আহিছিল একমাত্ৰ তেওঁৰ বাবে। মোৰ জীৱনত বহু বেয়া সময় গৈছে, য’ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিছে।'এই মন্তব্য ডাব্লিউ ডাব্লিউ ই চেম্পিয়ন তথা হলীউড অভিনেতা জন চিনাৰ। হয়, শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ বলীউডৰ ছুপাৰষ্টাৰজনৰ নাম উল্লেখ কৰি এই মন্তব্য কৰে।
অনন্ত আম্বানীৰ বিয়াত শ্বাহৰুখ খানক লগ পোৱা সন্দৰ্ভত তেওঁ কয়, 'তেওঁৰ সৈতে হাত মিলাব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। প্ৰকৃত অৰ্থত তেওঁ তাৰকা।আচলতে তেওঁক লগ পাই মই খুব আৱেগিক হৈ পৰিছিলো। হয়তো তাতেই প্ৰমাণ হয়, মোৰ জীৱনত তেওঁৰ গুৰুত্ব।' ১৪ জুলাইত মুম্বাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত অংশ গ্ৰহণ কৰাৰ এদিন পিছত জন চিনাই তেওঁৰ 'এক্স' একাউণ্টত শ্বাহৰুখৰ সৈতে অনুষ্ঠানটোত অভিনেতাজনৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো প'ষ্ট কৰিছিল।এই প'ষ্টটোতো তেওঁৰ জীৱনত শ্বাহৰুখ খানৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰে।
আনহাতে, মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াৰ সন্দৰ্ভত তেওঁ কয়, 'এটা অতিবাস্তৱিক ২৪ ঘণ্টা। আম্বানী পৰিয়ালৰ আতিথ্য সঁচাকৈয়ে শলাগ ল’বলগীয়া। উল্লেখ্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰীত 'ফাষ্ট এণ্ড ফিউৰিয়ছ'ৰ এই জনপ্ৰিয় তাৰকাজনে শ্বাহৰুখৰ ছবি ‘দিল ত’ পাগল হে’ৰ পৰা ‘ভ'লী চি চুৰট’ গীতটো গাই ছ'চিয়েল মেডিয়াত প'ষ্ট কৰিছিল।এই ভিডিঅ'টোত তেওঁক প্ৰশংসা কৰি শ্বাহৰুখেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
Also Read: আকৌ খলকনি তুলিছে অজয়-টাবুয়ে !