/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/1465074a-f8d1-4afa-8bb7-9bafbec00616/WhatsApp Image 2024-08-05 at 3.15.47 PM (2).jpeg)
ডিজিটেল ডেস্ক: যেন নব্বৈ দশকৰ ছবিহে ! একেই আকৰ্ষণ, একেই ৰোমাঞ্চ।হয়, জনপ্ৰিয় যুটি অজয় দেৱগন আৰু টাবুৰ শেহতীয়া মুক্তিপ্ৰাপ্ত এখন ছবিয়ে আগৰ দৰেই দৰ্শকক মন জয় কৰিবলৈ সক্ষম হৈছে।যাৰ বাবে চৌদিশে এতিয়া কেৱল এই ছবিখনৰে চৰ্চা চলিছে।
বহু চৰ্চিত এই ছবিখনৰ নাম ‘অৰ’ মে কাহা দম থা’। এই ছবিখন পৰিচালনা কৰিছে নীৰজ পাণ্ডেয়ে।অজয়-টাবুৰ লগতে ছবিখনত জিমি শ্বেৰগিল, শান্তনু মহেশ্বৰী আৰু চাই মঞ্জৰেকাৰে বিশেষ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০২২ৰ অক্টোবৰক। ইতিমধ্যে, বহুবাৰ এই ছবিখনৰ মুক্তিৰ দিনো সলনি কৰাৰ পাছত ২ আগষ্টত ছবিখনে মুক্তি লাভ কৰা কৰিছে।
উল্লেখ্য যে, এইবছৰতে মুক্তি লাভ কৰিব অজয় দেৱগনৰ আন এখন বহুচৰ্চিত ছবি 'সিংঘম এগেইন' নে।তদুপৰি, অভিনেতাজনৰ দুখন ছিকুৱেল ছবি 'ৰেইড ২' আৰু 'দে দে প্যাৰ দে ২'য়েও এবছৰৰ শেষৰফালে মুক্তি লাভ কৰিব।
Also Read: আলিয়া-ৰণবীৰৰ কন্যাৰ আচৰণত মুগ্ধ সকলো